Bangladeshi Thieves arrested : গৰু চুৰি কৰিবলৈ আহি গোলকগঞ্জত ধৰা পৰিল দুই বাংলাদেশী যুৱক

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 9:59 PM IST

thumbnail

ধুবুৰী, 10 নৱেম্বৰ : ধুবুৰী জিলাৰ গোলোকগঞ্জ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ বেৰভাঙী দ্বিতীয় খণ্ডত চাঞ্চল্যকৰ ঘটনা ৷ ৰাইজে আটক কৰিলে দুটা বাংলাদেশী গৰু চোৰক ৷ আটক কৰি চোৰ দুটাক গতাই দিলে গোলকগঞ্জ আৰক্ষীক ৷

চুৰি কৰাৰ উদ্দেশ্যৰে গোলকগঞ্জ থানাৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্তৰ বেৰভাঙী দ্বিতীয় খণ্ডলৈ আহিছিল মোজাফৰ হুছেইন আৰু আব্দুল জলিল নামৰ বাংলাদেশী গৰু চোৰ দুটা ৷ বেৰভাঙী দ্বিতীয় খণ্ডৰ মোজাহাৰ আলীৰ ঘৰৰ গোহালিত সোমাইছিল বাংলাদেশী চোৰ দুটা ৷ গৰুৰ গৰাকীয়ে এই কথা জানিব পাৰি চোৰ দুটাক খেদি যায় ৷ ইফালে মোজাহাৰ আলীৰ চিঞৰ-বাখৰ শুনি গাঁওবাসী ওলাই আহি চোৰ দুটাক আটক কৰে আৰু উত্তম-মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে ৷  

চোৰ দুটাৰ ঘৰ বাংলাদেশৰ কুড়িগ্ৰাম জিলাৰ কেদাৰ ইউনিয়নৰ সোবাৰকুটিত বুলি জানিব পৰা গৈছে ৷ আনহাতে সীমান্তত বিএচএফৰ কটকটীয়া নিৰাপত্তাৰ পিছতো বাংলাদেশী চোৰ কেনেকৈ প্ৰৱেশ কৰিল তাকে লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ 

লগতে পঢ়ক : Fake Currency Seized : ধুবুৰীত জাল নোটসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.