Fake Currency Seized : ধুবুৰীত জাল নোটসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 8:47 PM IST

thumbnail

ধুবুৰী, 10 নৱেম্বৰ : শুকুৰবাৰে ধুবুৰী আৰক্ষীৰ এক অভিযানত জালনোট সহ দুটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি ধুবুৰীৰ কলেজ নগৰ আৰক্ষী চকীৰ এটা দলে গোপন খবৰৰ ভিত্তিত নিৰ্মীয়মান ধুবুৰী-ফুলবাৰী দলঙৰ ওচৰত এক অভিযান চলায় ৷ অভিযানত এটা সৰবৰাহকাৰীৰ পৰা 98 টা পাঁচশ টকীয়া নোট অৰ্থাৎ 49 হাজাৰ টকাৰ ভাৰতীয় জাল নোট আৰু আন এটা সৰবৰাহকাৰীৰ পৰা 96 খন পাঁচশ টকীয়া নোট অৰ্থাৎ 48 হাজাৰ টকা উদ্ধাৰ কৰা হয় ৷

দুই যুৱকৰ পৰা মুঠ 97 হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে ৷ লগতে জাল নোট সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় যুৱক দুজনক ৷ ধৃত যুৱক দুজন ভাৰত-বাংলাদেশ সীমান্তৰ ফুলকাকাটা অঞ্চলৰ চাইতানবাৰী গাঁৱৰ হজৰত আলী আৰু গোলাপ হুছেইন বুলি জানিব পৰা গৈছে ৷ লগতে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মোকাদ্দেছ আলী নামৰ আন এজন যুৱককো আটক কৰে আৰক্ষীয়ে ৷

ইফালে মোকাদ্দেছ আলী নামৰ যুৱকজনক আৰক্ষীয়ে ৰহস্যজনকভাবে মুকলি কৰি দিয়াৰ বিপৰীতে বাকী দুই যুৱকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি শুকুৰবাৰে ধুবুৰীৰ আদালতত হাজিৰ কৰায় ৷ উল্লেখ্য যে জাল নোট সৰবৰাহকাৰী চক্ৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ 

লগতে পঢ়ক : Illegal land excavation: মথাউৰিৰ কাষত অবৈধভাৱে মাটি খনন দুষ্ট চক্ৰৰ, নিৰ্বিকাৰ বন বিভাগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.