Illegal land excavation: মথাউৰিৰ কাষত অবৈধভাৱে মাটি খনন দুষ্ট চক্ৰৰ, নিৰ্বিকাৰ বন বিভাগ

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 6:39 PM IST

thumbnail

যোৰহাট, 10 নৱেম্বৰ : গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত একাংশ দুষ্ট চক্ৰই চলাইছে অবৈধ মাটি খনন। এইদৰে নীতি বৰ্হিভূতভাৱে মাটি কঢ়িওৱা দুষ্ট চক্ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ব্ৰহ্মপুত্ৰ অঞ্চলৰ নৈপৰীয়া ৰাইজ । 

ঘটনা অনুসৰি, ব্ৰহ্মপুত্ৰ নদীৰ সমীপতে তথা ব্ৰহ্মপুত্ৰ মথাউৰিৰ নিচেই কাষতে থকা আবানি চাপৰি, বহিখোৱা, নতুন চাপৰি আদিৰ পৰা মাটি খান্দি দিনে-নিশাই ডাম্পাৰৰ জৰিয়তে একাংশ অসাধু ব্যৱসায়ীয়ে দেৰগাঁও নগৰৰ বিভিন্ন স্থানলৈ সৰমাটি সৰবৰাহ কৰি মুনাফা লুটি আহিছে । ফলত অঞ্চলটোত দৈনিক মাটি কঢ়িওৱা ডাম্পাৰ দৌৰাত্ম্যৰ ফলত সমগ্ৰ অঞ্চলটোত ধূলিময় আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে । 
স্থানীয় লোকৰ অভিযোগ অনুসৰি, এই স্থান সমূহপৰাই দেৰগাঁৱৰ লগতে কাষৰীয়া অঞ্চললৈ সৰবৰাহ হয় ব্ৰহ্মপুত্ৰ পলস আৰু মাটি । দৈনিক 50/60 খন ডাম্পাৰ অহা যোৱা কৰাত অঞ্চলসমূহৰ বাট-পথসমূহ বিধ্বস্ত হৈ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ অঞ্চলবাসীয়ে মাটি কঢ়িওৱা বন্ধ কৰিবলৈ বাধা প্ৰদান কৰিছিল যদিও কেৰেপ নকৰি ভূ-মাফিয়াৰূপী দুষ্ট চক্ৰই অবাধে মাটি খনন কাৰ্য অব্যাহত ৰাখিছে । 

তাৎপৰ্যপূৰ্ণ ৰ্যে, এই সন্দৰ্ভত দেৰগাঁৱৰ আঞ্চলিক বন বিভাগক স্থানীয় লোকে কেইবাবাৰো জনাইছে যদিও এই অসাধু চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উথাপিত হৈছে । এতিয়া স্থানীয় ৰাইজে এই মাটি খনন কাৰ্য বন্ধ কৰি এই অসাধু চক্ৰৰ বিৰুদ্ধে জিলা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

লগতে পঢ়ক: Blank fire in Dhemaji : বেটাৰী প্ৰদান নকৰাৰ বাবেই ব্যৱসায়ীৰ শূণ্যলৈ গুলীচালনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.