ETV Bharat / state

শীঘ্ৰেই অসমভূমিত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী

author img

By

Published : Apr 4, 2022, 10:36 PM IST

এদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলং জিলাৰ ৰংকুটৰ লৰিনথেপিত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi to visit Karbi Anglong) ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্বি আংলং আগমণকলৈ কাৰ্বি পৰিষদ আৰু জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা ৷ তিনিদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলঙত উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

pm-modi-will-visit-in-karbi-anglong
শীঘ্ৰেই অসমভূমিত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী

ডিফু, ৪ এপ্ৰিল : আগন্তুক 28 এপ্ৰিলত অসমভূমিত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi's Assam tour) ৷ অসমত উপস্থিত হৈ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট মহকুমাৰ অন্তৰ্গত ৰংকুটৰ লৰিনথেপিত প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাক উদ্দেশ্য কৰি ভাষণ প্ৰদান কৰিব (PM Modi will visit in Karbi Anglong) ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্বি আংলং জিলা ভ্ৰমণক কেন্দ্ৰ কৰি ইতিমধ্যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে ৷

ইয়াৰ পূৰ্বে তিনিদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলঙলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আগন্তুক ১৫,১৬ আৰু ১৭ এপ্ৰিলত ডিফুত কটাবলগীয়া মুখ্যমন্ত্ৰীগৰাকীৰ ভ্ৰমণ সূচীকলৈও ইতিমধ্যে চৰকাৰ, প্ৰশাসনৰ মাজত তৎপৰতা বৃদ্ধি পাইছে (Assam CM Karbi Anglong visit) ৷

PM Modi will visit in Karbi Aanglong
শীঘ্ৰেই অসমভূমিত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী

ইয়াৰে অংশ হিচাপে সোমবাৰে দিনৰ ১০ বজাত ডিফুৰ মাটিপুংস্থিত আৰবৰেটাম এণ্ড ক্ৰাফট চেণ্টাৰ ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলাখনৰ তিনিগৰাকী বিধায়ক পৰিষদৰ কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্য, পৰিষদৰ প্ৰধান সচিব, ৰাজ্য আৰু পৰিষদৰ অধীনস্থ চৰকাৰী বিভাগসমূহৰ মূৰব্বীসকল, পৰিষদৰ সচিবসকলৰ উপস্থিতিত সভাখনত দেশৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ভ্ৰমণ সূচী সম্পৰ্কে সবিস্তাৰে আলোচনা কৰা হয় ৷

PM Modi will visit in Karbi Anglong
শীঘ্ৰেই অসমভূমিত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী

উক্ত দুয়োটা ভ্ৰমণসূচীৰ প্ৰতি লক্ষ্য ৰাখি ভালে কেইখন সমিতি আৰু উপসমিতিও গঠন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ দুয়োটা ভ্ৰমণসূচী সফল কৰি তুলিবৰ বাবে সকলো চৰকাৰী বিভাগকে নিৰ্দিষ্ট দায়িত্ব প্ৰদান কৰাৰ লগতে পৰিষদৰ সচিব সকললৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক সভাপতি হিচাপে লৈ গঠিত এখন বিশেষ সমিতিয়ে এই সকলোখিনি পৰ্যবেক্ষণ কৰিব ৷

ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলৈ লোৱা উক্ত সভাত প্ৰায় চাৰি লক্ষ্যাধিক লোকৰ সমাগম ঘটিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ উক্ত ভ্ৰমণৰ সময়তে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ আধাৰশিলা স্থাপন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ আনহাতে, তিনিদিনীয়া ভ্ৰমণসূচীৰে ডিফুত উপস্থিত হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ৷

উক্ত সভাত আত্মসমৰ্পণ কৰা প্ৰাক্তন বিদ্ৰোহীসকলৰ মাজত মুখ্যমন্ত্ৰীয়ে চেক বিতৰণ কৰাৰ লগতে টেট উত্তীৰ্ণ পৰীক্ষাৰ্থী সকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : শিক্ষাগত অৰ্হতাকলৈ লৈ এজেপিৰ নেতাই কৰা গোচৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিদ্যাছিং ইংলেঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.