ETV Bharat / state

AJP Press Meet : আগন্তুক নিৰ্বাচনত ঐক্যৱদ্ধ ভাবে যুঁজিব এজেপি আৰু এপিএইছএলচি দলে

author img

By

Published : Aug 21, 2023, 9:56 PM IST

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ঐক্যৱদ্ধ ভাবে নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা কৰাৰ সংকল্প অসম জাতীয় পৰিষদ আৰু অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্স চমুকৈ এপিএইছএলচিৰ ৷ ডিফুত এক যুটীয়া সংবাদমেলত এই কথা সদৰি কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু কাৰ্বি আংলঙৰ অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্স চমুকৈ এপিএইছএলচি দলৰ সভাপতি জে আই কাথাৰে ৷

Joint Press Conference of AJP and APHLC at Diphu
ঐক্যৱদ্ধ ভাবে নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা কৰাৰ সংকল্প অসম জাতীয় পৰিষদ আৰু অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্সৰ

এজেপি আৰু এপিএইছএলচিৰ যৌথ সংবাদমেল

ডিফু, 21 আগষ্ট : আগন্তুক লোকসভা নিৰ্বাচনত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ঐক্যৱদ্ধ ভাবে নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা কৰাৰ সংকল্প অসম জাতীয় পৰিষদ আৰু অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্স চমুকৈ এপিএইছএলচিৰ ৷ সোমবাৰে ডিফুত এক যুটীয়া সংবাদমেলত এই কথা সদৰী কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু কাৰ্বি আংলঙৰ অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্স চমুকৈ এপিএইছএলচি দলৰ সভাপতি তথা অৱসৰ প্ৰাপ্ত আইএছ বিষয়া জে আই কাথাৰে ৷ ডিফুত অসম জাতীয় পৰিষদ আৰু অল পাৰ্টি হিলচ্ লীডাৰ কনফাৰেন্স (APHLC) সংবাদ মেলৰ পূৰ্বে ডিফুৰ হেমপি হোটেলত দুয়োটা দলৰ গুৰুত্বপূৰ্ণ এক বৈঠক অনুষ্ঠিত হৈ যায় ৷ সংবাদ মেলত দুয়োটা দলে ভৱিষ্যতৰ দিনত ঐক্যবদ্ধ ভাৱে খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰাৰ সংকল্প গ্ৰহণ কৰে ৷ ষষ্ঠ অনুসূচীৰ সকলো সুবিধা খিলঞ্জীয়া লোকক দিয়াৰ বাবে দুয়োটা দলে কাম কৰিব বুলি ঐক্যমত পোষণ কৰে ৷

সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদত চলি থকা দুৰ্নীতিৰ অভিযোগ ৰাষ্ট্ৰপতিলৈ দিব ৷ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদক শাসনাধীষ্ঠ দলৰ বাবে এটিএম নেকি বুলি প্ৰশ্ন কৰে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ লুৰীণজ্যোতি গগৈয়ে কয় যে বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত সকলো বিৰোধী দল একগোট হৈছে আৰু INDIA ত APHLC কো অন্তৰ্ভুক্ত কৰাৰ বাবে আলোচনা কৰা হ’ব ৷ লগতে কাৰ্বি আংলঙলৈ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ লোক দুৰ্নীতি ধৰিবলৈ নাহে বুলি ৰাজ্য চৰকাৰক কটাক্ষ কৰে লুৰীণজ্যোতি গগৈয়ে ৷

আনহাতে সংবাদমেলৰ পূৰ্বে ডিফুত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদ আৰু All Party Hills Leaders Conference (APHLC)ৰ যৌথ সভাত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ ক্ৰমে ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত ঐক্যবদ্ধ উদাৰ জাতীয় চেতনাক উৎসাহিত কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি অসম জাতীয় পৰিষদ আৰু All Party Hill Leaders Conference (APHLC) দলে অসমৰ মাটিত আঞ্চলিকতাবাদী জাতীয় ৰাজনৈতিক ধাৰাক ঐক্যবদ্ধতাৰে শক্তিশালীভাৱে আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কাৰ্বি আংলং জিলাৰ প্ৰতি ইঞ্চি মাটিত কাৰ্বি জনসাধাৰণৰ অধিকাৰ নিশ্চিত হ'ব লাগিব বুলি মন্তব্য কৰে তেওঁলোকে ৷ লগতে জিলাখনত বসবাস কৰা অন্য খিলঞ্জীয়া জনগোষ্ঠীসূহৰ অধিকাৰ আৰু মৰ্যাদাও সুৰক্ষিত হ'ব লাগিব বুলি কয় ৷

কাৰ্বি জনসাধাৰণৰ ভাগ্য আৰু ভৱিষ্যত যাতে বহিৰাগত বা অনুপ্ৰৱেশকাৰীয়ে নিৰ্ণয় কৰিব নোৱাৰে, তাৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা আছে বুলি সভাই মত ব্যক্ত কৰে ৷ সভাই বংগ সেনাই কাৰ্বি আংলঙত বহিৰাগত আগ্ৰাসন আৰু অনুপ্ৰৱেশত উদগণি যোগোৱাৰ লগতে কাৰ্বি আংলঙৰ মাটিত কাৰ্বি জনগণৰ লগতে অন্যান্য খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা আৰু ভাৰতৰ সংবিধান বিৰোধী কাম-কাজ চলাই থকালৈ চাই বংগ সেনাক নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰে ৷ সভাই কাৰ্বি আংলং জিলাৰ সকলো চৰকাৰী চাকৰিত কাৰ্বি আৰু অন্যান্য স্থানীয় খিলঞ্জীয়া লোকৰ নিযুক্তিত অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগে বুলি মত প্ৰকাশ কৰে ৷ এই ক্ষেত্ৰত অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শাৱলীৰ নীতি মানিব লাগে বুলি মত প্ৰকাশ কৰে ৷ সভাত কাৰ্বি আংলং জিলাৰ দুৰ্নীতি-অনিয়ম তথা ৰাজ্যখনলৈ আৱন্টিত ধন আৰু ব্যয়ৰ ন্যায়িক তদন্ত ঘোষণা কৰাৰ দাবীৰে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ দুয়োটা দলে যৌথ স্মাৰকপত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক : Constituency Delimitation : সমষ্টি পুনৰ ৰ্নিদ্ধাৰণে অগপ দলৰ কোনো ক্ষতি নকৰে; অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.