ETV Bharat / state

Constituency Delimitation : সমষ্টি পুনৰ ৰ্নিদ্ধাৰণে অগপ দলৰ কোনো ক্ষতি নকৰে; অতুল বৰা

author img

By

Published : Aug 21, 2023, 8:52 PM IST

Updated : Aug 21, 2023, 8:58 PM IST

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ এখনি গুৰুত্বপূৰ্ণ সভা সোমবাৰে অনুষ্ঠিত হয় ৷ অগপৰ তৃণমূল কৰ্মীৰ মাজত দেখা দিয়া বিদ্ৰোহ শাম কাটিছে বুলি অগপৰ সভাপতি অতুল বৰাই সাংবাদিকৰ আগত সদৰী কৰে ৷

AGP President Atul Bora
অগপৰ সভাপতি অতুল বৰাৰ সংবাদমেল

অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ গুৰুত্বপূৰ্ণ সভা

গুৱাহাটী, 21 আগষ্ট : সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত আমগুৰি সমষ্টিৰ নাম কৰ্তনৰ পিছতেই আমগুৰিৰ লগতে একাংশ বিধানসভা সমষ্টিত অগপৰ তৃণমূল কৰ্মীৰ মাজত দেখা দিয়া বিদ্ৰোহ শাম কাটিছে বুলি অগপৰ সভাপতি অতুল বৰাই সোমবাৰে দলৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত সদৰী কৰে ৷ উল্লেখ্য যে, আঞ্চলিকতাবাদৰ ধ্বজাবাহক আমগুৰি সমষ্টি বিলুপ্তিৰ পিছতেই যোৱা শনিবাৰে অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাই অগপ দলৰ পৰা পদত্যাগ কৰাৰ পিচতেই আমগুৰি অগপই সমূহীয়াভাৱে অগপ দলৰ পৰা পদত্যাগ কৰিছিল ৷ এইয়া ষড়যন্ত্ৰ বুলি অভিযোগ তুলি আমগুৰি অগপৰ তৃণমুল কৰ্মীসকল অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা পৰিলক্ষিত হৈছিল ৷

কিন্তু পৰৱৰ্তী সময়ত দলৰ ভিতৰত এই সন্দৰ্ভত বুজাবুজি হৈছে বুলি অতুল বৰাই সদৰী কৰে ৷ উল্লেখ্য যে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ এখনি গুৰুত্বপূৰ্ণ সভা সোমবাৰে অনুষ্ঠিত হয় ৷ সভাত সভাপতিত্ব কৰে দলৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই ৷ প্ৰায় আঠ শতাধিক বিভিন্ন জিলা আৰু বিধানসভা সমষ্টিৰ লগতে ভাতৃ-ভগ্নী সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা এই সভাত ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগে অসমৰ সমষ্টিসমূহ পূনৰ নিৰ্ধাৰণ চূড়ান্ত কৰাৰ পিছত দলৰ সাংগঠনিক স্তৰসমূহ পুনৰ গঠন কৰি সমাগত নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷

সভাত দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, প্ৰদীপ হাজৰিকা , ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কমলাকান্ত কলিতা, ভূপেন ৰয়, নুৰুল হুছেইন, মনোজ শইকীয়া, প্ৰবীণ হাজৰিকা, সত্যব্ৰত কলিতা, পোনাকণ বৰুৱা, বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, পৃথ্বীৰাজ ৰাভা আদি উপস্থিত আছিল ৷

অতুল বৰাই কয় যে, "সমষ্টি পুনৰ ৰ্নিদ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ পূৰ্বে অগপ দলে নিৰ্বাচনী আয়োগক কিছু সংশোধনীৰ প্ৰস্তাৱ দিছিল ৷ আয়োগে আমাৰ দল‌ৰ সকলো প্ৰস্তাৱ গ্ৰহণ নকৰিলে ৷ সেয়া লৈ আমাৰ দলৰ‌ মাজত কিছু অসন্তোষ থকাটো স্বাভাৱিক ৷ কিন্তু এটা কথা ঠিক যে সমষ্টি পুনৰ ৰ্নিদ্ধাৰণে অগপ দলক শক্তিশালী কৰিব, কোনো ক্ষতি নকৰে ৷ আৰু প্ৰত্যাহ্বান লৈ সকলোৱে সম্মিলিতভাৱে কাম কৰি দলটোক শক্তিশালী কৰিব, এয়া আমাৰ সকল্প | "

লগতে পঢ়ক : AGP General Council Meeting in Guwahati: ’24ত হাতী-পদুমৰে অসমত জয় হ’ব, অগপ সভাপতি

Last Updated : Aug 21, 2023, 8:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.