ETV Bharat / state

AGP General Council Meeting in Guwahati: ’24ত হাতী-পদুমৰে অসমত জয় হ’ব, অগপ সভাপতি

author img

By

Published : Aug 21, 2023, 6:49 PM IST

কলাক্ষেত্ৰত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা ৷ সোমবাৰে অনুষ্ঠিত সভাত দলটোৰ সংবিধান সংশোধন প্ৰস্তাৱৰ সিদ্ধান্ত গৃহীত কৰে ৷ এতিয়াৰ পৰা 9 টা স্তৰত গঠিত হ'ব দলটোৰ সাংগঠনিক স্তৰ ৷

AGP President Atul Bora
24ত হাতী পদুমৰে অসমত জয় হ’ব

24ত হাতী পদুমৰে অসমত জয় হ’ব

গুৱাহাটী,21 আগষ্ট: সোমবাৰে গুৱাহাটী কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয় ৷ সভাত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ভিত্তিত অসম গণ পৰিষদ দলটোৰ সংবিধান সংশোধন প্ৰস্তাৱৰ সিদ্ধান্ত গৃহীত কৰে । সভাত সভাপতিত্ব কৰে অগপৰ সভাপতি অতুল‌ বৰাই । সভাত দলটোৰ সংবিধান সংশোধনৰ আলোচনা কৰাৰ লগতে দলটো আগন্তুক লোকসভা নিৰ্বাচনলৈ সাজু কৰি তোলাৰ বিষয়ে পৰিকল্পনা প্ৰস্তুত কৰে।

এই সম্পৰ্কত অগপৰ সভাপতি অতুল বৰাই কয় যে, অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ভিত্তিত আজি দলটোৰ সংবিধান সংশোধন কৰা হৈছে । তৃণমূল পৰ্যায়ৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈ দলটোৰ কমিটী কেনেদৰে গঠন কৰা হ'ব সেয়া ঠিক কৰা হয় ।‌ সাধাৰণ সভাৰ পূৰ্বে আজি পুৱা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল ।

তেওঁ আৰু কয় যে দলটোৰ সাংগঠনিক স্তৰ এতিয়াৰে পৰা 9 টা স্তৰত গঠিত হ'ব । গাঁৱত গাঁওসভা হ'ব । নগৰত নগৰ ৱাৰ্ড কমিটি হ'ব । তাৰ পিচত বুথ কমিটী, মাণ্ডলিক কমিটি, জিলা কমিটী আৰু বিধানসভা সমষ্টিকলৈ কমিটিবোৰ গঠন কৰা‌ হ’ব । জিলা কমিটীবোৰ ৪১ জনীয়া হ'ব । এই জিলা কমিটী মনোনীত সদস্যৰে গঠন কৰা হ'ব । মূল সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে এখন কৰ্ণধাৰ কমিটী গঠন কৰা হ'ব । এই কমিটীত ২১ জন‌ সদস্য থাকিব ।

দলটোৰ সভাপতি বৰাই পূৰ্বৰ আৰু বৰ্তমানৰ দলীয় অৱস্থাৰ সন্দৰ্ভত কয়, ‘‘দলটোৰ জয় পৰাজয়ৰ ইতিহাস আছে । আজিৰ সভাত আত্মসমালোচনা কৰিছো । নতুন মানুহ আহিছে দলটোলৈ । এয়া আমাৰ বাবে ভাল ৷ কিন্তু কিছুমান দলে অগপৰ বিৰুদ্ধে অপ্ৰচাৰ চলাইছিল । এতিয়া আঞ্চলিকতা বুলি দাবী কৰা দলবোৰৰ চৰিত্ৰ ওলাই পৰিছে । অগপ অসমৰ একমাত্ৰ আঞ্চলিক দল ৷ কংগ্ৰেছ আমাৰ মূল শক্ৰ । বিজেপি, অগপৰ মিত্ৰজোঁটে লোকসভাত ১৪ খন আসনে দখল কৰিব পাৰিব ৷ আমি লোকসভালৈ প্ৰাৰ্থী পঠোৱাৰ সকল্প লৈছো ।’’

লগতে পঢ়ক:Pijush Hazarika: ভাল-বেয়া সকলো কামৰে দায়িত্ব সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ; মন্ত্ৰী পীযুষৰ ন-পুৰণি বিজেপিক লৈ ৰাজনৈতিক শৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.