ETV Bharat / state

সীমা সন্দৰ্ভত অসম-নাগালেণ্ড প্ৰশাসনৰ মাজত বৈঠক

author img

By

Published : Jul 30, 2021, 10:17 PM IST

শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ বোকাজানৰ বিলাতী মাটি কাৰখানাৰ অতিথিশালাত অসম আৰু নাগালেণ্ড প্ৰশাসনৰ অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক ৷ ভৱিষ্যতে যাতে অসম-নাগালেণ্ড সীমান্তত কোনো সীমাকেন্দ্ৰিক বিবাদ (Border Dispute) নহয়, সেই সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰে দুই ৰাজ্যৰ আৰক্ষী-প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াসকলে ।

assam-and-nagaland-senior-police-officers-meeting
অসম-নাগালেণ্ড প্ৰশাসনৰ মাজত বৈঠক

ডিফু, 30 জুলাই : অসম-মিজোৰাম সীমান্ত (Assam-Mizoram Border)ৰ লাইলাপুৰত অসম আৰক্ষী (Assam Police)ক বৰ্বৰভাৱে গুলীয়াই হত্যা কৰাৰ পাচতে শুকুৰবাৰে অসম আৰু নাগালেণ্ড প্ৰশাসনৰ অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক ৷ কাৰ্বি আংলং জিলাৰ বোকাজানৰ বিলাতী মাটি কাৰখানাৰ অতিথিশালাত অনুষ্ঠিত হয় এই বৈঠক । মিজোৰামৰ সৈতে সংঘটিত হোৱা সীমা বিবাদ (Border Dispute)ৰ মাজতে অসম-নাগালেণ্ডৰ সীমান্তক লৈ আলোচনাত বহে দুই ৰাজ্যৰ আৰক্ষী-প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াসকল ।

অসম-নাগালেণ্ড প্ৰশাসনৰ মাজত বৈঠক

লগতে পঢ়ক : মিজো আৰক্ষীৰ গুলিত নিহত জোৱানলৈ শ্ৰদ্ধাঞ্জলি অসম আৰক্ষীৰ

উক্ত বৈঠকত দুয়োখন ৰাজ্যৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু সীমাক লৈ আলোচনা কৰা বুলি জানিব পৰা গৈছে ৷ বৈঠকত উপস্থিত থাকে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক (DIGP), গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক (SP), উপায়ুক্ত (DC)ৰ লগতে নাগালেণ্ডৰ আৰক্ষী আয়ুক্ত, উপায়ুক্ত আৰু আৰক্ষী বিষয়া ।

মিজোৰামৰ দৰে অসম-নাগালেণ্ড সীমান্তত ভৱিষ্যতে যাতে কোনো অঘটন নঘটে, সেই সন্দৰ্ভত আলোচনা কৰে দুই ৰাজ্যৰ আৰক্ষী বিষয়াসকলে ।

লগতে পঢ়ক : কোকৰাঝাৰত লাইলাপুৰ কাণ্ডৰ শ্বহীদলৈ শ্ৰদ্বাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.