ETV Bharat / state

কোকৰাঝাৰত লাইলাপুৰ কাণ্ডৰ শ্বহীদলৈ শ্ৰদ্বাঞ্জলি

author img

By

Published : Jul 30, 2021, 8:45 PM IST

8-student-organization-pay-tribute-to-the-martyrs-of-lailapur-incident
কোকৰাঝাৰত লাইলাপুৰ কাণ্ডৰ শ্বহীদ সকললৈ শ্ৰদ্বাঞ্জলি

যোৱা 26 জুলাইত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল অসমৰ 6 জনকৈ জোৱানৰ লগতে এজন সাধাৰণ নাগৰিকৰ ৷ উক্ত ঘটনাত শ্বহীদ হোৱা সকললৈ শুকুৰবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কোকৰাঝাৰৰ আঠটাকৈ ছাত্ৰ-সংগঠনে ৷

কোকৰাঝাৰ, 30 জুলাই : অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ কাণ্ডক লৈ ৰাজ্যৰ লগতে সমগ্ৰ দেশতে বৰ্তমানেও অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ঘটনাৰ উচিত তদন্ত কৰি এই ঘটনাত জড়িত থকা দোষীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবীত বিভিন্ন দল-সংগঠনে অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিবাদ ৷ ইয়াৰ মাজতে শুকুৰবাৰে বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ জেডি ৰোডস্থিত শ্বহীদ বেদী প্ৰাংগনত অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা সকলৰ স্মৃতিত আঠটাকৈ ছাত্ৰ সংগঠনৰ যৌথ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থা,সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা, সদৌ বিটিআৰ সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা, বিটিআৰ চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, জলহা যুৱ ছাত্ৰ সন্থা, কোকৰাঝাৰ জিলা ছাত্ৰ সন্থা (আছু), কোকৰাঝাৰ জিলা গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ আৰু কোকৰাঝাৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সকলে অংশ গ্ৰহণ কৰে ৷

8-student-organization-pay-tribute-to-the-martyrs-of-lailapur-incident
কোকৰাঝাৰত লাইলাপুৰ কাণ্ডৰ শ্বহীদ সকললৈ শ্ৰদ্বাঞ্জলি

উক্ত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰা আছাৰ সভাপতি ষ্টিফেন লাক্ৰা আৰু সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে সাংবাদিকৰ আগত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণক একেমুখে ধিক্কাৰ দিয়ে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাক অসমৰ মাটি আৰু নাগৰিকৰ জীৱন, সা-সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও তেওঁলোকে দাবী জনায় ৷ সমান্তৰালকৈ দেহত শেষ বিন্দুত ৰক্ত থকালৈকে অসমৰ এক ইঞ্চিও মাটি মিজোৰামক এৰি দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰে নেতাদ্বয়ে ৷

শ্ৰদ্বাঞ্জলি কাৰ্যসূচীত অংশ গ্ৰহণকাৰী ছাত্ৰ সংগঠন কেইটাৰ নেতা-কৰ্মীয়ে জয় আই অসম, মিজো পুলিচ হায় হায়, অসম চৰকাৰ হায় হায় মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক আদি বিভিন্ন ধৰণৰ শ্ল'গানেৰে শ্ৰদ্ধাঞ্জলি থলী উত্তাল কৰি তোলে ৷ উল্লেখ্য যে, প্ৰয়োজনত প্ৰাণ দি হলেও অসম ভূমিক ৰক্ষা কৰিবলৈ সাজু বুলি মন্তব্য কৰে আছাৰ সভাপতি ষ্টিফেন লাক্ৰা আৰু সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ৷ লগতে শ্বহীদৰ পৰিয়ালক উপযুক্ত সন্মান তথা ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰে নেতাদ্বয়ে ৷

লগতে পঢ়কঃ কাছাৰত পুনৰ অস্ত্ৰৰ ঝনঝননি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.