ETV Bharat / state

Ganja Seized at Lahorijan: বুজন পৰিমাণৰ গাঞ্জাসহ তিনিটা সৰবৰাহকাৰী আটক

author img

By

Published : Mar 29, 2023, 10:28 PM IST

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত নিচাযুক্ত সামগ্ৰীৰ অবাধ সৰবৰাহ ৷ ধাৰাবাহিকভাৱে দুদিনত তিনি কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰৰ পিচতে বুধবাৰে বুজন পৰিমাণৰ নিচাযুক্ত গাঞ্জা উদ্ধাৰ কৰে আৰক্ষীয়ে (Ganja Seized at Lahorijan)৷ জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় 5 লাখ টকা বুলি জানিব পৰা গৈছে ৷

3 peddlers detained along with Ganja at Diphu
বুজন পৰিমানৰ গাঞ্জাসহ তিনিটা সৰবৰাহকাৰী আটক

বুজন পৰিমানৰ গাঞ্জাসহ তিনিটা সৰবৰাহকাৰী আটক

ডিফু, ২৯ মাৰ্চ: ৰাজ্যজুৰি প্ৰশাসনে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই থকাৰ মাজতো কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ কাৰ্য অব্যাহত আছে (Anti drugs mission)৷ বিভিন্ন সময়ত চুবুৰীয়া ৰাজ্যৰ পৰা মাৰাত্মক ড্ৰাগছৰ পৰা আৰম্ভ কৰি অন্যান্য নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰাৰ বাবে কাৰ্বি আংলং-নাগালেণ্ড সীমান্তঞ্চলক নিৰাপদ কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে সৰবৰাহকাৰীয়ে ৷

ইয়াৰ সমান্তৰালকে এলেকাটোত আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ ফলত ভালেকেইবাৰ নিচাযুক্ত সামগ্ৰীসহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ মঙলবাৰে ডিফুৰ পুৰণি লাহৰিজানত প্ৰায় তিনি কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰৰ পিচতে বুধবাৰে পুনৰ লাহৰিজান চাহ বাগানত বুজন পৰিমাণৰ নিচাযুক্ত গাঞ্জা উদ্ধাৰ কৰে আৰক্ষীয়ে (Ganja Seized at Lahorijan)৷

প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে পুৱাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত খটখটী থানাৰ উপপৰিদৰ্শক নিতুল শইকীয়াৰ নেতৃত্বত, উপ পৰিদৰ্শক স্বমধম স্বৰ্গীয়াৰী, সহকাৰী উপ পৰিদৰ্শক দীপক বৰা, 20 C বি এন চিআৰপিএফৰ দল আৰু লাহৰিজান দুদুকলনি গাওঁৰক্ষী বাহিনী(খ)ৰ সহযোগত লাহৰিজান নিৰ্মল চাহ বাগানৰ পথত এক নাকা তালাচী বঢ়ায় ৷ বিয়লি ১২-৩০ মান বজাত আৰক্ষীক দেখা পাই ৰূপালী ৰঙৰ AS01MB4394 নম্বৰৰ এখন ভাৰ্ণা বাহনে পলাবলৈ চেষ্টা কৰে ৷

লগে লগে আৰক্ষীৰ দলটোৱে বাহনখনত ধৰি বাহনখনত থকা তিনিজন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় (3 peddlers detained )৷ আৰক্ষীয়ে বাহনখনত তালাচী চলাই ৬১ কেজি ৪১০ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

ধৃত সৰবৰাহকাৰীকেইটা মৰিগাওঁ জিলাৰ জাজৰি থানাৰ অন্তৰ্গত জাজৰি সৰু মছজিদৰ সমীপৰ মহিবুৰ ৰহমান (৩০), দিলদাৰ হুছেইন (২৯) আৰু বাবুল শেখ(৪০)বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰী তিনিটাক জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ৷ জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় পাঁচ লাখ টকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Ashokastami Mela Kaliabor: কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত হৈছে অশোকাষ্টমী মেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.