ETV Bharat / state

ৰঙিয়াত যৌতুকৰ বাবে নিৰ্যাতনৰ বলি এগৰাকী বোৱাৰী

author img

By

Published : Jun 25, 2019, 5:20 PM IST

যৌতুকৰ নামত দাবী কৰা ১০ লাখ টকা দিব নোৱাৰাৰ অপৰাধত দলবদ্ধ আক্ৰমণৰ বলি হ'ল ৰঙিয়াৰ এগৰাকী বিবাহিত মহিলা ৷

ৰঙিয়াত যৌতুকৰ বাবে নিৰ্যাতনৰ বলি এগৰাকী বোৱাৰী

ৰঙিয়া,25 জুনঃ ৰঙিয়াৰ সাহানত যৌতুকৰ দাবীত পত্নীক অত্যাচাৰৰ অভিযোগ উঠিছে স্বামীৰ বিৰুদ্ধে। পত্নীৰ অভিযোগ যোৱা তিনি বছৰ ধৰি সাধাৰণ কথাতে মাৰ -ধৰ কৰি আহিছে গড়কাপ্টানি বিভাগৰ কৰ্মচাৰী ৰাজীৱ দেৱানে। তাৰোপৰি ৰাজীৱ দেৱানৰ এনে কু-কাৰ্যত সহযোগ কৰি আহিছে ভাতৃ ৰফিকুল হক আৰু তেওঁৰ পত্নী পাকিজা বেগমে। নিৰ্যাতিত বোৱাৰীগৰাকীৰ মন্তব্য যৌতুকৰ নামত দাবী কৰা ১০ লাখ টকা দিব নোৱাৰাৰ অপৰাধতে ঈদৰ আগদিনা দলবদ্ধ আক্ৰমণ কৰি ঘৰৰ পৰা উলিয়াই দিয়ে বোৱাৰী গৰাকীক।

ৰঙিয়াত যৌতুকৰ বাবে নিৰ্যাতনৰ বলি এগৰাকী বোৱাৰী

প্ৰাণৰ মমতাত বোৱাৰী গৰাকী ৰঙিয়াৰ 3 নং ৱাৰ্ডত থকা মাতৃ গৃহলৈ গুচি আহে। ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে পৰৱৰ্তী সময়ত ৰঙিয়া থানাত স্বামীৰ লগতে আন দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে আজিলৈকে কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

আৰু পঢ়কঃ বাক্সাত অন্তঃসত্বা পত্নীক স্বামী-পৰিয়ালৰ নিৰ্যাতন !

Intro:ৰঙিয়াত যৌতুকৰ বাবে নিৰ্যাতনৰ বলি এগৰাকী বোৱাৰীBody:ৰঙিয়াৰ সাহানত এগৰাকী বোৱাৰীক শাৰীৰিক -মানসিক নিৰ্যাতন । যৌতুক দাবী কৰি পত্নীক অত্যাচাৰ পাষণ্ড স্বামীৰ । যোৱা তিনি বছৰ ধৰি সাধাৰণ কথাতে মাৰ -ধৰ কৰি আহিছে গড়কপ্টানি বিভাগৰ কৰ্মচাৰী ৰাজীৱ দেৱানে । ৰাজীৱ দেৱানৰ এনে কু -কাৰ্যত সহযোগ কৰি আহিছে ভাতৃ ৰফিকুল হক আৰু তেওৰ পত্নী পাকিজা বেগমে । যৌতুকৰ নামত দাবী কৰা ১০ লাখ টকা দিব নোৱাৰাৰ অপৰাধতে পৱিত্ৰ ঈদৰ আগদিনা দলবদ্ধ আক্ৰমণ কৰি ঘৰৰ পৰা উলিয়াই দিয়ে বোৱাৰী গৰাকীক । প্ৰাণৰ মমতাত বোৱাৰী গৰাকীয়ে আশ্ৰয় লয় ৰঙিয়াৰ তিনি নং ৱাৰ্ডত থকা মাতৃ গৃহত । ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে ৰঙিয়া থানাত স্বামীৰ লগতে আন দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে আজিলৈকে কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে । মহিলা গৰাকীয়ে স্বামী ৰাজীৱ দেৱানে আন মহিলাৰ লগতো অবৈধ সম্পৰ্ক থকাৰ অভিযোগ আনিছে । আঢ়ৈ বছৰীয়া এটা সন্তান থকা যৌতুকৰ বলি হোৱা মহিলা গৰাকীয়ে ন্যায় পাবনে?
Byte : ভুক্তভোগী মহিলা ।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.