ETV Bharat / state

বাক্সাত অন্তঃসত্বা পত্নীক স্বামী-পৰিয়ালৰ নিৰ্যাতন !

author img

By

Published : Jun 25, 2019, 3:50 PM IST

অন্তঃসত্বা হোৱা স্বত্তেও স্বামী পৰিয়ালে তেওঁক নিৰ্যাতন চলোৱাৰ লগতে মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ তোলে মহিলাগৰাকীয়ে

বাক্সাত অন্তসত্বা পত্নীক স্বামী-শাহুৰ নিৰ্যাতন !

বাক্সা, ২৫ জুন: বাক্সাৰ বৰমাত অন্তঃসত্বা মহিলাক স্বামী আৰু শাহুয়ে নিৰ্যাতন কৰাৰ ঘটনা পোহৰলৈ আহিছে। ইতিমধ্যে স্বামী পৰিয়ালৰ বিৰুদ্ধে মহিলা গৰাকীয়ে বৰমা আৰক্ষী থানাত এক গোচৰ দাখিল কৰে।

বাক্সাত নৱ বিবাহীতা অন্তসত্বা পত্নীক স্বামী-শাহুৰ নিৰ্যাতন !
চৰকাৰে নাৰী সুৰক্ষাৰ কাৰনে ন ন আইন প্ৰণয়ন কৰিছে যদিও একাংশ দানৱ ৰূপী স্বামী,শাহু-শহুৰৰ নিৰ্যাতনৰ বলি হৈ আছে বহু নৱ বিবাহিতা মহিলা। বিবাহৰ পূৰ্বে দৰা ঘৰে চৰকাৰতকৈও বেছি প্ৰতিশ্ৰুতি দি বিবাহ কৰাই আনে কিন্তু বিবাহৰ পাছত হে ওলোটা খৰ মাৰে স্বামীৰ পৰিয়ালে। তেনে এক নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে বাক্সা জিলাৰ বৰমাত । বৰমা আৰক্ষী থানাৰ অন্তৰ্গত নমাটিৰ এগৰাকী মহিলাই গুৱাহাটী খানাপাৰা চতুৰ্থ APTFৰ জোৱান তথা বৰমা হেৰামজাৰ প্ৰাঞ্জল নাথৰ স'তে ২০১৮ চনৰ জানুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু নৱ বিবাহিতা মহিলা গৰাকীৰ অভিযোগ অনুসৰি বিবাহৰ কিছু দিন পাচতে স্বামী আৰু স্বামীৰ পৰিয়ালে মহিলা গৰাকীক অকথ্য নিৰ্যাতন চলায়। তেওঁ অন্তঃসত্বা হোৱা স্বত্তেও স্বামী পৰিয়ালে তেওঁক নিৰ্যাতন চলোৱাৰ লগতে মৃত্যুৰ ভাবুকি দিয়াৰো অভিযোগ তোলে মহিলা গৰাকীয়ে। নিৰ্যাতন সহ্য কৰিব নোৱাৰি মহিলা গৰাকীয়ে ফোন যোগে পিতৃ গৃহত সকলো কথা কোৱাত পিতৃৰ পৰিয়ালে মহিলা গৰাকীক চিকিৎসালয়লৈ লৈ যায়। লগতে মহিলা গৰাকীৰ পিতৃ পৰিয়ালে তেওঁৰ স্বামী পৰিয়ালৰ বিৰুদ্ধ বৰমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এতিয়া ন্যায়ৰ অপেক্ষাত আছে স্বামী পৰিয়ালৰ পৰা অকথ্য নিৰ্যাতন সহ্য কৰা মহিলা গৰাকী তথা তেওঁৰ পৰিয়ালে।
Slug -as_bak_25june_nirjaton_vis1_to_vis2_7203823


বাক্সাৰ বৰমাত অন্তসত্বা মহিলাক স্বামী শাহুৰ নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে ।


নৱ বিবাহীতা পত্নীক অন্তসত্বাৰ মাজতে স্বামী শাহুৱাইৰ শাৰিৰীক - মানসিক নিৰ্যাতন  অনসত্বা মহিলাৰ স্বামী - শাহুৰ বিৰুদ্ধে বৰমা আৰক্ষী থানাত গোচৰ । আপোনাৰ ছোৱালী বিৱাহৰ যোগ্য হৈছে নেকি?  যদি হৈছে তেতিয়া হলে বিয়া দিয়াৰ  আগত এশ বাৰ ভাবক আপোনাৰ ছোৱালী নিৰ্যাতিতা হব নেকি? 
বোৱাৰি নিৰ্যাতন নতুন কথা নহয় ৷ চৰকাৰে নাৰী সুৰক্ষাৰ কাৰনে নতুন নতুন আইন প্ৰনয়ন কৰিছে যদিও একাংশ দানৱ ৰূপী স্বামী আৰু শাহু - শহুৰৰ  নিৰ্যাতনৰ বলি হৈ আছে বহু নৱ বিৱাহীতা মহিলা ৷ বিৱাহৰ পূৰ্বে চৰকাৰতকৈও বেছি প্ৰতিশ্ৰুতি দি বিৱাহ কৰাই আনে  দৰা ঘৰে ৷ আমাক কেৱল ছোৱালী জনী আৰু চোতাল খনেই দিলে হল ৷ নালাগে যৌতুক, গহনা ,আ- অলংকাৰো ৷ কিন্তু বিৱাহৰ পাছত হে ওলোটা খৰ মাৰে স্বামীৰ পৰিয়ালে  ৷  পিতৃ গৃহৰ পৰা কি আনিছ, তোতকৈ আন এজনী বিয়া কৰা হলে বহু যৌতুক পালো হেতেন বুলি আৰম্ভ কৰে ন বোৱাৰীক নিৰ্যাতনৰ নাটক ৷ তেনে এক নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হল বাক্সা জিলাৰ বৰমাত ৷ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত নমাটিৰ জীয়ৰী অংগনা ঠাকুৰীয়াই ২০১৮ চনৰ জানুৱাৰী মাহত বিৱাহ পাষত আৱদ্ধ হৈছিল গুৱাহাটী খানাপাৰা চতুৰ্থ এ পি টি এফ জোৱান তথা বৰমা হেৰামজাৰ ( নাথপাৰা) ৰ প্ৰাঞ্জল নাথৰ সৈতে ৷ এখন সুখৰ সংসাৰৰ আশাত বন্দি হৈ ন বোৱাৰী ৰূপে শিৰত সেন্দুৰ লৈ অংগনাই প্ৰৱেশ কৰিছিল স্বামী প্ৰাঞ্জলৰ গৃহত ৷ বিৱাহৰ  কিছুদিনলৈকে ন কইনাক স্বামীৰ পৰিয়ালে থিকেই কৰিছিল আদৰ সাদৰ ৷ মৰমো আছিল উপচি পৰা ৷ কিন্তু দিন বাগৰাৰ লগে লগে সলনি হল স্বামী প্ৰাঞ্জল নাথ আৰু শাহু - শহুৰৰ  চৰিত্ৰ ৷ মানৱ ৰূপী দানৱ হৈ স্বামী - আৰু স্বামীৰ পৰিয়ালে থিয় হল ফুল কুমলীয়া ন বোৱাৰী অংগনাৰ সন্মুখত ৷ আৰম্ভ হল শাহু - শহুৰ  আৰু স্বামীৰ  অংগনাৰ ওপৰত অকথ্য নিৰ্যাতন ৷ তাৰে মাজতে চাৰি মাহৰ অন্তসত্বাও হল অংগনাই ৷ কিন্তু অন্ত সত্বা হৈও স্বামী আৰু স্বামীৰ পৰিয়ালৰ  নিৰ্যাতনৰ পৰা ৰেহাই নাপালে অংগনাই ৷ দুদিন পূৰ্বে শাহু - শহুৰৰ  নিৰ্দেশত স্বামীয়ে  চাৰি মহিয়া অন্তসত্বা হোৱা অংগনাৰ পেতত সোধালে  প্ৰচন্দ গোৰ ৷  আনকি নিৰ্যাতনৰ কথা পিতৃগৃহত কলে মৃত্যুৰ ভাবুকিও দিলে অংগনাক স্বামীৰ পৰিয়ালে ৷ নিৰ্যাতন সহ্য কৰিব নোৱাৰি  ফোন যোগে পিতৃ গৃহত কলে অংগনাই সকলো কথা ৷
মৰম আদৰত ডাঙৰ হোৱা  অংগনাৰ পৰিয়ালে কথাটো জানিব পাৰি অসুস্থ অৱস্থাত চিকিৎসালয়লৈ লৈ আহি চিকিৎসা কৰে অংগনাক  ৷ পিচত  উপাই বিহিন হৈ অংগনাই স্বামী,  শাহু আৰু শহুৰৰ  নিৰ্যাতনৰ বিৰুদ্ধ বৰমা আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰে ৷ এতিয়া ন্যায়ৰ অপেক্ষাত ন বোৱাৰী অংগনা ঠাকুৰীয়া আৰু তেওৰ পৰিয়াল ৷

ভাষ্য -- অংগনা ঠাকুৰীয়া ৷

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.