ETV Bharat / state

সামৰণি পৰিল তুৰা এডভেঞ্চাৰ ক্লাৱৰ এমাহজোৰা গছপুলি ৰোপন কাৰ্যসূচী

author img

By

Published : Jul 1, 2020, 5:55 PM IST

সামৰণি পৰিল তুৰা এডভেঞ্চাৰ ক্লাৱৰ এমাহজোৰা গছপুলি ৰোপন কাৰ্যসূচী
সামৰণি পৰিল তুৰা এডভেঞ্চাৰ ক্লাৱৰ এমাহজোৰা গছপুলি ৰোপন কাৰ্যসূচী

বুধবাৰে অন্ত পৰিল 'বিশ্ব পৰিবেশ দিৱস'ৰ দিনা আৰম্ভ কৰা এডভেঞ্চাৰ ক্লাৱৰ গছপুলি ৰোপন কাৰ্যসূচী ৷

বকো, 1 জুলাইঃ মেঘালয়ৰ তুৰা এডভেঞ্চাৰ ক্লাৱে তুৰাৰ ভিন্ন অঞ্চলত 5 জুনতেই 'বিশ্ব পৰিবেশ দিৱস'ৰ দিনা আৰম্ভ কৰিছিল এক গছপুলি ৰোপন কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি তুৰাৰ পৰা ৩০ কিঃমিঃ নিলগত জেঞ্জাল নামৰ মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ অঞ্চলতো ৰোপন কৰা হয় 400 গছপুলি ৷ ইতিমধ্যে ক্লাৱটোৰ উদ্যোগত মেঘালয় ৰাজ্যৰ ভিন্ন অঞ্চলত ১৫০০ তকৈ অধিক গছপুলি ৰোপন কৰা হৈছে ৷

সামৰণি পৰিল তুৰা এডভেঞ্চাৰ ক্লাৱৰ এমাহজোৰা গছপুলি ৰোপন কাৰ্যসূচী

এই গছপুলি ৰোপন কাৰ্যসূচীৰ সামৰণি হিচাপে নকৈ নিৰ্মিত তুৰা-শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিভিন্ন দল সংগঠনৰ সহযোগত ক্লাৱটোৱে ৪০০ গছপুলি ৰোপন সম্পন্ন কৰে ৷ এডভেঞ্চাৰ ক্লাৱৰ সদস্য সকলে জানিবলৈ দিয়া অনুসৰি, পথটোৰ প্ৰকল্প প্ৰস্তুত কৰাৰ সময়ত প্ৰকল্প প্ৰতিবেদনত গছপুলি ৰোপন বিষয়ে উল্লেখ নাছিল ৷ যাৰ বাবে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ক্লাৱটোৰ উদ্যোগত পথৰ দাঁতিত গছপুলি ৰোপন কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ লগতে ক্লাৱটোৱে পৰিৱেশ সংৰক্ষণত বিশেষ গুৰুত্ব প্ৰদান কৰে বুলিও জানিবলৈ দিয়ে ৷ এডভেঞ্চাৰ ক্লাৱৰ এনে কাৰ্যসূচীৰ সকলোৱে শলাগ লৈছে ৷

লগতে পঢ়কঃ পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বাওঁপন্থী দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.