ETV Bharat / state

পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বাওঁপন্থী দলৰ

author img

By

Published : Jul 1, 2020, 2:21 PM IST

বাওঁপন্থী ৰাজনৈতিক দল চিপিআই আৰু চিপিআই(এম এল) য়ে বুধবাৰে তেজপুৰত সামাজিক দুৰত্বত বজাই ৰাখি দেশত উদ্বেগজনকভাৱে হোৱা মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Protest of CPIML due to price hike of petrol diesel tezpur assam etv bharat news
মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত

তেজপুৰ,1 জুলাই: বিগত কিছুদিনৰ পৰা পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে ৰাইজক ৷ উক্ত মূল্যবৃদ্ধিৰ প্ৰতিবাদত বুধবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বাওঁপন্থী ৰাজনৈতিক দল চিপিআই আৰু চিপিআই(এম এল) য়ে ৷ দলটোৰ ৰাজ্যিক সম্পাদক ৰবীন তামূলীয়ে এই প্ৰতিবাদত অংশগ্ৰহণ কৰি কয় যে,Covid 19 ৰে মোকাবিলা কৰিবলৈ বিগত 25 মার্চত অপৰিকল্পিতভাৱে ঘোষণা কৰা লক ডাউনৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে ৷ দলটোৱে বাৰম্বাৰ কৰা আবেদনৰ পিছতো কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰিলে কোনো পদক্ষেপ ৷ বৰং পেকেজ আৰু আঁচনিৰ নামত যি ঘোষণা কৰিলে সিয়ে সাধাৰণ মানুহৰ স্বাৰ্থ পূৰণ নকৰিলে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত

এনে অৱস্থাৰ মাজতে পেট্ৰ’লজাত সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে পুনৰ মাধমাৰ শোধাইছে ৰাইজৰ মুৰত ৷ তদুপৰি লক ডাউনৰ মাজতে চৰকাৰে ৰাজহ বৃদ্ধিৰ নামত বৃদ্ধি কৰিছে আবকাৰী শুল্ক ৷ ইপিনে ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ শুল্ক আৰু ভেটৰ পৰিমাণ হৈছে 17.45 টকা আৰু 23.36 টকা ৷ লগতে লক ডাউনৰ বাবে প্ৰতিটো পৰিয়ালক মাহিলী 7500 টকা আৰু প্ৰতিজনক 10 কিল’গ্ৰামকৈ চাউল আৰু অন্যান্য খাদ্য সামগ্ৰীৰ যোগান ধৰিবলৈ চৰকাৰক দাবী জনাই প্ৰতিবাদী দলটোৱে ৷

লগতে চাওকঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বানঃ সষ্টম বনৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.