ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Dec 10, 2021, 3:04 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি...

TOP 10 AT 3PM
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Govt to appoint next CDS : পৰৱৰ্তী চিডিএছৰ সাম্ভাৱ্য তালিকাৰ শীৰ্ষত আছে স্থলসেনা প্ৰধান নাৰাভানে

দেশৰ প্ৰথম গৰাকী চিডিএছৰ মৃত্যুৰ পাছত এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন কোন হ'ব দেশৰ পৰৱৰ্তী চিডিএছ ? যোগ্য বিষয়াসকলৰ তালিকাৰ প্ৰথমতে আছে সেনা প্ৰধান জেনেৰেল নাৰাভানেৰ নাম (Gen Naravane frontrunner for next CDS)।

Last rites of Gen Rawat : সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে সম্পন্ন হ’ব জেনেৰেল বিপিন ৰাৱাটৰ শেষকৃত্য

আজি শেষকৃত্য সম্পন্ন হ’ব জেনেৰেল বিপিন ৰাৱাট আৰু পত্নী মধুলিকা ৰাৱাটৰ ৷ বিয়লি পাঁচ বজাত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে কৰা হ’ব সৎকাৰ ৷

শ্বহীদ প্ৰণামো তোমাক : জাতিৰক্ষাৰ যুঁজত আত্মবলিদান দিয়া শ্বহীদক ৰাজ্যজুৰি সোঁৱৰণ

আজি শ্বহীদ দিৱস ৷ 1979 চনৰ 10 ডিচেম্বৰ দিনটোতেই আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল খৰ্গেশ্বৰ তালুকদাৰে (Khargeswar Talukder killed by police)৷ তেতিয়াৰে পৰা ১০ ডিচেম্বৰৰ দিনটো পালন কৰি অহা হৈছে "শ্বহীদ দিৱস" হিচাপে ৷

City bus fare price in Guwahati : মহানগৰীত প্ৰশাসনে প্ৰকাশ কৰিলে চিটি বাছৰ ভাড়াৰ তালিকা

মহানগৰীৰ চিটিবাছক নাকী লগাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে (Kamrup Metro Dist Admin on bus fare) ৷

PMAY Colony in Assam : নামচাঙত স্থাপন হোৱাৰ দিশে ভাৰতৰ প্ৰথম সৰ্ববৃহৎ PMAY কলনি

নাহৰকটীয়াৰ নামচাঙত স্থাপন হ’ব ভাৰতবৰ্ষৰ প্ৰথমখন সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনি (India's first biggest PMAY colony in Assam) ৷

Swahid Divas in Morigaon : অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধা জনালে মুখ্যমন্ত্ৰীয়ে

শুকুৰবাৰে মৰিগাঁও স্কুল খেলপথাৰত উদযাপন কৰা হয় শ্বহীদ দিৱস (Swahid Divas observed in Morigaon) ৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma present in Morigaon Swahid Divas) ৷

PM Modi at Summit for Democracy:'গণতান্ত্ৰিক মূল্যবোধ শক্তিশালী কৰিবলৈ সাজু ভাৰত'

প্ৰথমবাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে আৰম্ভ কৰিছে 'চামিট ফৰ ডেম'ক্ৰেচি'(Joe Biden launched Summit for Democracy)। এই সন্মিলনত বিশ্বৰ প্ৰায় ৮০ গৰাকী নেতাৰ লগতে ভাৰ্ছুৱেলী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অংশগ্ৰহণ কৰে ।

Chopper crash inquiry : ত্ৰি-সেৱা তদন্তৰ নিৰ্দেশ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ

হেলিকপ্টাৰ দুৰ্ঘটনাত দেশৰ চীফ অৱ ডিফেন্স ষ্টাফৰ মৃত্যু হোৱাৰ পাছতে ঘটনাৰ ত্ৰি-সেৱা তদন্তৰ নিৰ্দেশ দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Singh orderes tri service inquiry)। স্থল,নৌ আৰু বায়ু সেনাৰ দ্বাৰা গঠিত সমিতিয়ে কৰিব এই তদন্ত । এয়াৰ মাৰ্শ্বেল মানবেন্দ্ৰ সিঙৰ নেতৃত্বত হ'ব এই ত্ৰি-সেৱা তদন্ত ।

অনেকৰ হিয়া থান-বান কৰি বিয়া পাতিলে বিকী-কেটৰিণাই

বহু উৎকণ্ঠাৰ অন্ত পেলাই এক হ’ল বিকী-কেটৰিণা ৷ বিয়াৰ পিছতেই চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰে দুখনমান বিশেষ ফটো (vickats wedding photo goes viral) ৷

Rrr Official Trailer Released: Ss Rajamouli ৰ নতুন ছবি Rrr ৰ ট্ৰেইলাৰে লগাইছে খলকনি

বাহুবলীৰ পৰিচালক SS Rajamouli ৰ নৱনিৰ্মিত ছবি RRRৰ Official Trailer মুক্তিৰ পিছতেই চলচিত্ৰপ্ৰেমীকে ধৰি তেখেতৰ অনুৰাগীৰ মাজত বিপুল সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে ৷ এক্সন ড্ৰামাৰে ভৰপুৰ এই ছবিখন মুক্তিলাভ কৰিব ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো সপ্তাহতে অৰ্থাৎ 7 জানুৱাৰীত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.