ETV Bharat / state

PMAY Colony in Assam : নামচাঙত স্থাপন হোৱাৰ দিশে ভাৰতৰ প্ৰথম সৰ্ববৃহৎ PMAY কলনি

author img

By

Published : Dec 10, 2021, 2:24 PM IST

PMAY Colony in Assam
নামচাঙত স্থাপন হোৱাৰ দিশে ভাৰতৰ প্ৰথম সৰ্ববৃহৎ PMAY কলনি

নাহৰকটীয়াৰ নামচাঙত স্থাপন হ’ব ভাৰতবৰ্ষৰ প্ৰথমখন সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনি (India's first biggest PMAY colony in Assam) ৷ জানুৱাৰীৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্ৰীয়ে স্থাপন কৰিব ইয়াৰ আধাৰশিলা ৷ জানুৱাৰীৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া এই আদৰ্শ কলনীখনত দৰিদ্ৰ হিতাধিকাৰীয়ে একঠা মাটিত একোটা ঘৰৰ লগতে লাভ কৰিব বিভিন্ন সা-সুবিধা ।

মৰাণ, 10 ডিচেম্বৰ : অসমবাসীৰ বাবে এক সু-খবৰ ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা (Pradhan Mantri Awas Yojana)ৰ অধীনত নাহৰকটীয়াৰ নামচাঙত নিৰ্মাণ হ’ব ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমখন সৰ্ববৃহৎ আদৰ্শ কলনি (India's first biggest PMAY Colony in Assam) ৷ 2022 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিব এই কলনিৰ ৷ মুঠতে ১১৫ গৰাকী ভূমিহীন হিতাধিকাৰীয়ে লাভ কৰিব এই বিশেষ সুবিধা ৷

৩২ বিঘা মাটি সামৰি নিৰ্মাণ হ’বলগীয়া এই কলনিত ১১৫ গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চাৰিসীমাসহ একোটাকৈ ঘৰ, একঠা মাটি, গৃহ আলোকৰ সৌৰ ব্যৱস্থা, পথৰ দাঁতিত সৌৰ ব্যৱস্থা, জল জীৱন আঁচনিৰ অধীনত খোৱাপানীৰ সুবিধা, অনাময় আঁচনি, শিশু উদ্যানৰ সু-ব্যৱস্থা ৷ লগতে নতুনকৈ নিৰ্মাণ হ’বলৈ যোৱা এই আদৰ্শ কলনিখনত থাকিব এটা অংগনবাড়ী কেন্দ্ৰও ৷ আনকি এই কলনিতে এখন কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে কুকুৰা, গাহৰি, ছাগলী, গৰু আৰু ম’হ পালনৰ সুবিধাও উপলব্ধ হ’ব ।

নামচাঙত স্থাপন হোৱাৰ দিশে ভাৰতৰ প্ৰথম সৰ্ববৃহৎ PMAY কলনি

একেদৰে এই আঁচনিৰ অধীনতে আদৰ্শ কলনি খনৰ কাষেদি বৈ যোৱা বুঢ়ীদিহিং নৈৰ পাৰত এখন সৰ্বাংগসুন্দৰ বনভোজ স্থলি গঢ়ি তুলিব(Picnic spot near Burhidihing river) ৷ বনভোজৰ সময়ত স্থানীয় যুৱক-যুৱতীসকল যাতে বনভোজ দল সমূহৰ পৰা লাভাম্বিত হ’ব পাৰে, তাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে । এই কথা সংবাদমাধ্যমৰ আগত সদৰি কৰে ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগু (Biswajit Pegu DC of Dibrugarh)ৱে ৷

লগতে পঢ়ক : স্বচ্ছ গাঁৱৰ খিতাপ লাভ কৰা অসমৰ এখন বিশেষ গাঁও

মুঠৰ ওপৰত এখন আদৰ্শ গাঁৱত থকাৰ দৰেই সকলো সা-সুবিধা থাকিব এইখন আদৰ্শ কলনিত । ইফালে গৃহ নিৰ্মাণ আৰু অন্যান্য সা-সুবিধাৰ বাবদ চৰকাৰে এই আঁচনিখনত ব্যয় কৰিব প্ৰায় ৪ কোটি টকা । জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এই আদৰ্শ কলনিখনৰ আধাৰশিলা স্থাপন কৰিব ।

বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈসহ কেইবাটাও বিভাগৰ বিষয়া কৰ্মচাৰী সকলে আদৰ্শ কলনিখনৰ স্থান পৰিদৰ্শন কৰে ৷ লগতে এই আদৰ্শ কলনিৰ বাবে যাৱতীয় মাটি আৱণ্টন দিয়াৰ বাবে বাগিচা কৰ্তৃপক্ষক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে । নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ আৰু জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বৰগোহাঁইৰ অহৰহ প্ৰচেষ্টাত নাহৰকটীয়া সমষ্টিৰ অতিকৈ ভিতৰুৱা তথা পাহাৰীয়া অঞ্চল নামচাঙত নিৰ্মাণ হ’বলগীয়া চৰকাৰৰ এই অভিলাষী আঁচনিখনকলৈ এতিয়া ভূয়সী প্ৰশংসা কৰিছে সৰ্বসাধাৰণ ৰাইজে ।

লগতে পঢ়ক : Dihingchang project : দিচাঙৰ এৰা সূঁতিত সপোনৰ সন্ধান এদল যুৱক-যুৱতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.