স্বচ্ছ গাঁৱৰ খিতাপ লাভ কৰা অসমৰ এখন বিশেষ গাঁও

By

Published : Sep 22, 2021, 4:55 PM IST

thumbnail

মেঘালয়ৰ পূৱ খাচী হিলচত অৱস্থিত মাওলিনং গাঁৱৰ বিষয়ে প্ৰায় অধিকাংশ লোক জ্ঞাত ৷ মাওলিনং এখন সৰু কিন্তু আটক ধুনীয়া পাহাৰীয়া গাঁও । এই গাঁওখনে এছিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে ৷ কিন্তু অসমতো যেন এনে এখন গাঁও আছে যিখন গাঁৱে দেশৰ ভিতৰত স্বচ্ছ গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে, আপুনি জানেনে ? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানে সম্প্ৰতি ভাৰতৰ লগতে বিশ্বজুৰি সমাদৰ লাভ কৰিছে ৷ স্বচ্ছ ভাৰত অভিযানৰ অধীনত প্ৰতিবছৰে স্বচ্ছতাৰ ক্ষেত্ৰত নিদৰ্শন দাঙি ধৰা গাঁৱক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা পুৰস্কৃত কৰা হয় ৷ স্বচ্ছতাৰ পুৰস্কাৰ লাভ কৰা গাঁৱৰ ভিতৰত আছে অসমৰো গাঁও ৷ অসমৰ ভিতৰত স্বচ্ছ গাঁও হিচাপে স্বীকৃতি লাভ কৰা গাঁৱৰ অন্যতম হৈছে গোৱালপাৰা জিলাৰ ৰংছাপাৰা । গোৱালপাৰা চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ নিলগত থকা ৰংছাপাৰা গাঁওখন ২০১৬-১৭ বৰ্ষত অসম চৰকাৰে স্বচ্ছ আৰু নিকা গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.