ETV Bharat / state

Dihingchang project : দিচাঙৰ এৰা সূঁতিত সপোনৰ সন্ধান এদল যুৱক-যুৱতীৰ

author img

By

Published : Nov 28, 2021, 9:23 PM IST

‘মন কৰিলেই ছন, বাকৰি মাটিতো ধন’ - এই আপ্তবাক্যশাৰী সত্য প্ৰতিফলিত কৰিলে এজাক যুৱক-যুৱতীয়ে ৷ কিয়নো প্ৰাকৃতিক সম্ভাৱনাক সম্পদলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে টিংখাঙৰ এদল উদ্যমী যুৱক-যুৱতীয়ে ৷ এসময়ত মানুহে নাকত সোপা দিহে পাৰ হোৱা দিচাং নদীৰ এৰাসূঁতিত গঢ় লৈ উঠিছে ‘দিহিংচাং বহুমুখী প্ৰকল্প’ (Dihingchang project of Tingkhang) ৷ যি বৰ্তমান পৰ্যটকৰ আকৰ্ষণৰ অন্যতম স্থলী ৷

Dihingchang project
এদল যুৱক-যুৱতীৰ সপোন আৰু প্ৰেৰণাৰ নাম ‘দিহিংচাং বহুমুখী প্ৰকল্প’

মৰাণ, 28 নৱেম্বৰ : প্ৰাকৃতিক সম্ভাৱনাক সম্পদলৈ ৰূপান্তৰৰ এক ইতিবাচক পদক্ষেপ টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ । টিংখাঙৰ উদ্যমী যুৱক-যুৱতী সকলক আত্মসংস্থাপন দিয়াৰ উদ্দেশ্যে মন্ত্ৰী বিমল বৰাই নিজা উদ্যোগত গ্ৰহণ কৰা এক অভিলাষী আঁচনি ৷ যাৰ নাম 'দিহিংচাং বহুমুখী প্ৰকল্প’ (Dihingchang project of Tingkhang) । এই প্ৰকল্পৰ বাবে এতিয়া পানীবিলৰ প্ৰত্যেকৰে মুখত মন্ত্ৰী বিমল বৰাৰ গুণ-গান ৷

যুগ যুগ ধৰি পৰিত্যক্ত হৈ পিতনিলৈ পৰিণত হৈছিল দিচাং নদীৰ এৰাসূঁতি ৷ সময় বাগৰিল ৷ দিচাং নদীৰ এৰাসূঁতিবাসীৰ কাষত থিয় হ’ল টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰা ৷ সময়ৰ তাগিদাত টিংখাঙৰ বিধায়কগৰাকীৰ প্ৰচেষ্টাত আৰু একাংশ যুৱকৰ কষ্টৰ ফলত বৰ্তমান দিচাং নদীৰ এৰাসূঁতিত গঢ় লৈ উঠিছে দিহিংচাং বহুমুখী প্ৰকল্প ।

'দিহিংচাং বহুমুখী প্ৰকল্প’ৰ অন্তৰ্গত পানীবিল মৎস্য পালন কেন্দ্ৰ (Panibil Fish Farming Center)ত সংস্থাপন লাভ কৰিছে প্ৰায় ১২০ জন শিক্ষিত নিবনুৱা যুৱকে । ৬ টাকৈ গোটত ভাগ হৈ প্ৰায় ১৫০ বিঘাৰ এই বিশাল জলাশয়ত মৎস্য পালন (Agriculture Fish Farming) কৰি এতিয়া বিভিন্ন প্ৰজাতিৰ মাছ বিক্ৰী কৰিবলৈ সক্ষম হৈছে তেওঁলোকে । এই মৎস্য পালন প্ৰকল্পৰ পৰা যথেষ্ট লাভাম্বিত হৈছে 'দিহিংচাং বহুমুখী প্ৰকল্প’ৰ সৈতে জড়িত থকা যুৱকসকল ৷

এদল যুৱক-যুৱতীৰ সপোন আৰু প্ৰেৰণাৰ নাম ‘দিহিংচাং বহুমুখী প্ৰকল্প’

মৎস্য পালনৰ লগতে এইবাৰ হাঁহ পালনৰো চিন্তা-চৰ্চা কৰি আছে উদ্যোমী যুৱকসকলে ৷ এই ক্ষেত্ৰত বিধায়ক বিমল বৰাৰ সৈতেও আলোচনাত বহিছে উদ্যোমী যুৱকসকলে ৷ যাতে ইয়াৰ পৰা অধিক লাভাৰ্জন কৰিব পাৰে যুৱকসকলে ৷

লগতে পঢ়ক : কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ সুন্দৰ নিদৰ্শন বাইহাটা চাৰিআলিৰ এজন ব্যক্তিৰ

'দিহিংচাং বহুমুখী প্ৰকল্প’ই এতিয়া বহুজনৰ মুখত হাঁহি আনিবলৈ সক্ষম হৈছে ৷ মাছৰ পোনা মেলাৰ পৰা আৰম্ভ কৰি মাছ ধৰালৈকে গাঁৱৰ অধিকাংশ যুৱকেই এতিয়া ব্যস্ত ৷ এটা সময়ত নাকত ৰুমাল লৈ পাৰ হোৱা সেই স্থানত এতিয়া পুৱাৰে পৰা সতেজ মাছ কিনিবলৈ ভিৰ কৰে বহু গ্ৰাহকে ৷

আনহাতে, বৰ্তমান ইয়াৰ প্ৰকৃতিৰ নান্দনিক পৰিৱেশে হাত বাউল দি মাতে প্ৰকৃতিপ্ৰেমিক ৷ প্ৰকৃতিৰ নান্দিক পৰিৱেশৰ মাজত অৱস্থিত এই জলাশয়খনিত সময় অতিবাহিত কৰিবলৈ নিতৌ সমাগম হয় বহু লোকৰ ৷ 'দিহিংচাং বহুমুখী প্ৰকল্প’ এতিয়া বহু জনৰ বাবে হৈ পৰিছে আদৰ্শ তথা প্ৰেৰণাৰ উৎস ৷

লগতে পঢ়ক : কল খেতিৰে স্বাৱলম্বিতাৰ নিদর্শন দাঙি ধৰিছে ডিব্ৰুগড়ৰ এজন উদ্যমী যুৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.