ETV Bharat / bharat

Govt to appoint next CDS : পৰৱৰ্তী চিডিএছৰ সাম্ভাৱ্য তালিকাৰ শীৰ্ষত আছে স্থলসেনা প্ৰধান নাৰাভানে

author img

By

Published : Dec 10, 2021, 2:24 PM IST

দেশৰ প্ৰথম গৰাকী চিডিএছৰ মৃত্যুৰ পাছত এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন কোন হ'ব দেশৰ পৰৱৰ্তী চিডিএছ ? যোগ্য বিষয়াসকলৰ তালিকাৰ প্ৰথমতে আছে সেনা প্ৰধান জেনেৰেল নাৰাভানেৰ নাম (Gen Naravane frontrunner for next CDS)। অৱশ্যে বিশেষ সমিতিৰ পৰামৰ্শ আৰু চৰকাৰৰ সিদ্ধান্তৰ পাছত হে গম পোৱা যাব ভাৰতৰ পৰৱৰ্তী চীফ অৱ ডিফেন্স ষ্টাফ কোন হ'ব ?

Govt to appoint next CDS
পৰৱৰ্তী চিডিএছৰ তালিকাৰ শীৰ্ষত আছে সেনা প্ৰধান নাৰাভানে

নেশ্যনেল ডেস্ক,১০ ডিচেম্বৰ : হেলিকপ্টাৰ দুৰ্ঘটনাত ভাৰতৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ (CDS) জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ লগে লগে এতিয়া এই পদৰ বাবে পৰৱৰ্তী যোগ্য ব্যক্তিৰ সন্ধানত চৰকাৰ (Govt set to start process to appoint next CDS)। বহুলোকে এই পদৰ বাবে সেনা প্ৰধান এম এম নাৰাভানেৰ নাম উল্লেখ কৰিছে যদিও সেই পদৰ বাবে কাক দায়িত্ব দিব সেয়া চৰকাৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব । আনহাতে বহু অৱসৰপ্ৰাপ্ত সামৰিক কামাণ্ডাৰ আৰু শীৰ্ষ বিষয়াসকলে কোৱা মতে জেনেৰেল নাৰাভানেক চিডিএছৰ দায়িত্ব দিয়াটোৱে চৰকাৰৰ উচিত সিদ্ধান্ত হ'ব কিয়নো অহা পাঁচ মাহৰ ভিতৰত তেওঁ সেনা প্ৰধানৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব ।

জানিব পৰা মতে চিডিএছ নিযুক্তিৰ সিদ্ধান্ত লোৱাৰ বাবে চৰকাৰে এখন সমিতি গঠন কৰিব (Process of appointing the next CDS)। য'ত স্থল, নৌ আৰু বায়ু সেনাৰ জ্যেষ্ঠ কামাণ্ডাৰসকলক অন্তৰ্ভুক্ত কৰা হ'ব । সমিতিৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি দুই-তিনি দিনৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব আৰু তাৰ অনুমোদনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙলৈ প্ৰেৰণ কৰা হ'ব ।

চিডিএছ পদৰ বাবে যোগ্যসকলৰ নাম কেবিনেট নিযুক্তি সমিতিলৈ প্ৰেৰণ কৰা হ'ব আৰু ভাৰতৰ পৰৱৰ্তী চিডিএছ নিযুক্তিৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব । প্ৰতিৰক্ষা বিভাগৰ সূত্ৰৰ মতে কেইবাগৰাকী উচ্চ পদস্থ বিষয়াই চিডিএছ পদৰ বাবে সাম্ভাব্য প্ৰাৰ্থীৰ সমিতি বাছনি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব ।

তিনিটা সশস্ত্ৰ বাহিনীৰ মুৰব্বীৰ নিযুক্তিৰ ক্ষেত্ৰত যি প্ৰট'কল থাকে সেই একে প্ৰট'কল চিডিএছ নিযুক্তিৰ ক্ষেত্ৰতো অনুসৰণ কৰিব চৰকাৰে । সূত্ৰৰ মতে জেনেৰেল নাৰাভানেৰ প্ৰদৰ্শন আৰু তেওঁ যিধৰণে পূব লাডাখৰ অচলাৱস্থা চম্ভালিছিল তাৰ বাবে শীৰ্ষ পদত তেওঁৰ নিযুক্তিৰ সম্ভাৱনা যথেষ্ট আছে (Gen Naravane frontrunner for next CDS) । জেনেৰেল নাৰাভানে হৈছে তিনিওজন সেনা প্ৰধানৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ আৰু অহা এপ্ৰিলত তেওঁ অৱসৰ গ্ৰহণ কৰিব । ভাৰতীয় বায়ু সেনাৰ মুখ্য সেনা প্ৰধান মাৰ্শ্বেল ভি আৰ চৌধুৰী আৰু নৌ সেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰে ক্ৰমান্বয়ে যোৱা ৩০ ছেপ্টেম্বৰ আৰু ৩০ নৱেম্বৰত দায়িত্ব গ্ৰহণ কৰিছিল ।

কাৰ্গিল যুদ্ধৰ সময়ত দেশৰ নিৰাপত্তা ব্যৱস্থাৰ বিসংগতিবোৰ চাবলৈ ১৯৯৯ চনত গঠন কৰা এক উচ্চ-পৰ্যায়ৰ সমিতিয়ে চিডিএছ নিযুক্তিৰ পৰামৰ্শ দিছিল । স্থল সেনা, নৌ সেনা আৰু ভাৰতীয় বায়ু সেনাৰ কাম-কাজৰ সমন্বয় ৰক্ষা কৰা আৰু দেশৰ সামৰিক সামৰ্থ্য বৃদ্ধিৰ বাবে জেনেৰেল ৰাৱাটে যোৱা বছৰৰ ১ জানুৱাৰীত ভাৰতৰ প্ৰথম চিডিএছ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল । তেওঁৰ কাৰ্যকাল ২০২৩ চনৰ মাৰ্চলৈকে আছিল ।

এগৰাকী চিডিএছৰ অৱসৰৰ বয়স হৈছে ৬৫ বছৰ । আনহাতে সেনা প্ৰধানসকলৰ কাৰ্যকাল ৬২ বছৰ বয়সলৈকে বা ৩ বছৰৰ সেৱা আগবঢ়োৱালৈ থাকে । চিডিএছ হৈছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামৰিক পৰিক্ৰমা বিভাগৰ সচিব আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ মুখ্য উপদেষ্টা ।

এগৰাকী প্ৰাক্তন সামৰিক কামাণ্ডাৰৰ মতে জেনেৰেল নাৰাভানে পৰৱৰ্তী চিডিএছ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । মন কৰিবলগীয়া যে যদি জেনেৰেল নাৰাভানেক চিডিএছ হিচাপে নিযুক্তি দিয়া হয়, তেন্তে সেনা প্ৰধানৰ পদ খালী থাকিব আৰু তেওঁৰ ঠাইত নতুন নিযুক্তি দিব লাগিব ।

লগতে পঢ়ক :Next CDS of India : সেনাপ্ৰধান জেনেৰেল নাৰাভানে হ'ব নেকি ভাৰতৰ পৰৱৰ্তী CDS ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.