ETV Bharat / sitara

অনেকৰ হিয়া থান-বান কৰি বিয়া পাতিলে বিকী-কেটৰিণাই

author img

By

Published : Dec 10, 2021, 1:59 PM IST

বহু উৎকণ্ঠাৰ অন্ত পেলাই এক হ’ল বিকী-কেটৰিণা ৷ বিয়াৰ পিছতেই চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰে দুখনমান বিশেষ ফটো (vickats wedding photo goes viral) ৷

Vikat's wedding photo goes viral in social media
বহু উৎকণ্ঠাৰ অন্ত পেলাই এক হ’ল বিকী-কেটৰিণা

নিউজ ডেস্ক, 10 ডিচেম্বৰ : কেইবামাহ জোৰা জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত 9 ডিচেম্বৰত বৈবাহিক জীৱনৰ পাতনি মেলিলে বিকী কৌশল আৰু কেটৰিণা কাঈফে ৷ বহু যুৱক-যুৱতীৰ হৃদয় ভাঙি বৃহস্পতিবাৰে ৰাজস্থানৰ 6 ছেনছেছ ফ’ৰ্ট হোটেলত (vickat wedding at rajasthan 6 senses fort hotel) বিবাহ পাশত আৱদ্ধ হ’ল বলীউডৰ দুই জনপ্ৰিয় তাৰকা ৷

বিয়াৰ ঠিক কিছু সময় পিছতেই দুয়োৰে ফটো ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰে (vickats wedding photo goes viral soon after their wedding) ৷ ফটোবোৰত বিকীক সোণালী ৰঙৰ পোছাক পৰিধান কৰা দেখা গৈছে য’ত নেকি ৰঙা ৰঙৰ সব্যসাচী লেহেংগা পৰিহিত কেটৰিণাই সকলোৰে দৃষ্টিআকৰ্ষণ কৰিছে ৷

vickat wedding at rajasthan 6 senses fort hotel
বহু উৎকণ্ঠাৰ অন্ত পেলাই এক হ’ল বিকী-কেটৰিণা

বলীউড যুটিবোৰৰ মাজত সৰ্বাধিক চৰ্চা লাভ কৰি জনপ্ৰিয় হৈ পৰা VicKat যুটিয়ে বিয়াৰ সন্ধিয়া বৰৱাৰা ফৰ্’টৰ শীৰ্ষ মহলাত এক অন্তৰংগ মূহুৰ্তত থকা দেখা পোৱা গ’ল ৷

ৰাজকীয় বিয়াখনৰ ফটো, ভিডিঅ’ ভাইৰেল ন’হবলৈ নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰা হৈছিল যদিও চ’ছিয়েল মিডিয়াত VicKat ৰ বিয়াৰ ফটোৱেই সৰ্বাধিক প্ৰচাৰ হৈছে ৷

vickat wedding at rajasthan 6 senses fort hotel
অনেকৰ হিয়া থান-বান কৰি বিয়া পাতিলে বিকী-কেটৰিণাই

তথ্য অনুসৰি, নতুন দম্পতীটোৱে তেওঁলোকৰ স্বপ্নবিলাসী বিবাহ অনুষ্ঠানটোৰ ফটো সমূহ আন্তৰ্জাতিক আলোচনী এখনৰ হিন্দী সংস্ককৰণটোক এক মোটা অংকৰ বিপৰীতে বিক্ৰী কৰিব ৷

লগতে পঢ়ক : VicKat's wedding ceremony : বিকি-কেটৰিণাৰ বিবাহক লৈ কণ্ডমৰ কোম্পানীয়ে বনালে মীমচ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.