ETV Bharat / sitara

VicKat's wedding ceremony : বিকি-কেটৰিণাৰ বিবাহক লৈ কণ্ডমৰ কোম্পানীয়ে বনালে মীমচ !

author img

By

Published : Dec 9, 2021, 8:25 PM IST

বিকি কৌশল আৰু কেটৰিণা কাঈফৰ বিবাহক লৈ অন্তহীন চৰ্চা চলিছে ৷ ইয়াৰ মাজতে ভাইৰেল হৈ পৰিছে এটা কণ্ডম কোম্পানীয়ে প্ৰস্তুত কৰা এটা মীম ৷

VicKat's wedding ceremony
VicKat's wedding ceremony

নিউজ ডেস্ক, 9 ডিচেম্বৰ : বিকি কৌশল আৰু কেটৰিণা কাঈফৰ বিবাহক লৈ সৰ্বত্ৰে এতিয়া চৰ্চা চলিছে(VicKat's wedding ceremony) ৷ তেওঁলোকৰ বিয়াখনক লৈ উদগ্ৰীৱ হৈ পৰিছে অনুৰাগী সকল ৷ ইয়াৰ মাজতে এটা কণ্ডমৰ কোম্পানীয়ে এই বহু প্ৰত্যাশিত বিয়াখনক লৈ এটা কৌতুক প্ৰচাৰ কৰা দেখা গৈছে (condom brand meme on vicky katrina) ৷

বিকি আৰু কেটৰিণাৰ এই চৰ্চিত বিবাহখনক কটাক্ষ কৰি কোম্পানীটোতে নৱ দম্পতীটোলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে ৷ এই বাৰ্তাটোত কোম্পানীটোৱে লিখিছে যে, বিকি আৰু কেটৰিণা তোমালোকে যদি আমাক নিমন্ত্ৰণ জনোৱা নাই, তেন্তে তোমালোক চিৰিয়াচ নহয় ৷ এখন ফটোৰ দ্বাৰা প্ৰকাশ কৰা এই বাৰ্তাত শিৰোনাম দিয়া হৈছে "Pun and admission to your wedding: intended!" হিচাপে ৷

পানী নসৰকা নিৰাপত্তা ব্যৱস্থাৰ লগতে কোনেও বিয়াখনক লৈ মুখ নোখোলাত এই হাই প্ৰফাইল বিয়াখন চৰ্চালৈ আহিছে ৷ উদ্যোক্তা সকলে বিবাহস্থলীত ইন্টাৰনেট জামাৰৰ ব্যৱস্থা কৰিছে ৷ যাতে অতিথি বা কৰ্মচাৰী কোনেও যেন বিয়াখনৰ কোনো তথ্য চ’ছিয়েল মিডিয়াত প্ৰচাৰ কৰিব নোৱাৰে ৷ যাৰ বাবে বৰ্তমানলৈকে বিবাহ স্থলীৰ ভিতৰৰ কোনো ফটো চ’ছিয়েল মিডিয়াত উপলব্ধ হোৱা নাই ৷

বিকেটচে অতি শীঘ্ৰেই স্বামী-স্ত্ৰী হিচাপে পৰিচয় প্ৰকাশ কৰিব ৷ ৰাজস্থানৰ বৰৱাৰা ছিক্স চেন্স ফ’ৰ্টত সম্পন্ন হ’ব এই বহু প্ৰত্যাশিত বিয়াখন ৷

লগতে পঢ়ক : বিবাহৰ পূৰ্বেই বিকী-কেটৰিণাৰ বিৰুদ্ধে অভিযোগ, কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.