বিবাহৰ পূৰ্বেই বিকী-কেটৰিণাৰ বিৰুদ্ধে অভিযোগ, কিন্তু কিয় ?

author img

By

Published : Dec 7, 2021, 10:39 AM IST

complaint against vicky kaushal katrina kaif

6-12 ডিচেম্বৰলৈ বিবাহৰ বাবে চৌথ মাতা মন্দিৰ(Chauth Mata Temple)লৈ যোৱা পথটো বন্ধ কৰি দিয়া হৈছে ৷ শতিকা পুৰণি এই মন্দিৰটো বৰৱাৰা দুৰ্গলৈ যোৱা পথতেই অৱস্থিত, য’ত যুগ্ম জীৱনৰ পাতনি মেলিব বিকী-কেটৰিণাই(Vicky Katrina wedding) । সেয়েহে মন্দিৰলৈ যোৱা ভক্তসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেটৰিণা কাঈফ আৰু বিকী কৌশলৰ বিৰুদ্ধে জিলা আইনী সেৱা কৰ্তৃপক্ষৰ ওচৰত অভিযোগনামা দাখিল(Complaint against Vicky Kaushal Katrina Kaif) কৰিছে ৰাজস্থানৰ অধিবক্তা নৈত্ৰবিন্দ সিং জাদৌনে(Naitrabind Singh Jadoun) ৷

চিটাৰা ডেস্ক, 7 ডিচেম্বৰ : যুগ্ম জীৱনৰ পাতনি মেলাৰ আগমূহুৰ্ততেই অভিযোগৰ সন্মুখীন হৈছে বলীউডৰ আটাইতকৈ চৰ্চিত যুটি কেটৰিণা কাঈফ আৰু বিকী কৌশলে ৷ অভিযোগ অনুসৰি, ৰাজস্থানৰ চৱাই মাধোপুৰ জিলাত বিকি-কেটৰিণাৰ বিবাহৰ বাবে 6-12 ডিচেম্বৰলৈ চৌথ মাতা মন্দিৰ(Chauth Mata Temple)লৈ যোৱা পথটো বন্ধ কৰি দিয়া হৈছে ৷ যাৰ বিৰোধিতা কৰি এগৰাকী অধিবক্তাই জিলা আইনী সেৱা কৰ্তৃপক্ষৰ ওচৰত বিকা-কেটৰিণাৰ বিৰুদ্ধে দাখিল কৰিছে এক অভিযোগনামা(Complaint against Vicky Kaushal Katrina Kaif) ৷

জানিব পৰা মতে, অধিবক্তা নৈত্ৰবিন্দ সিং জাদৌনে(Naitrabind Singh Jadoun) বিবাহৰ বাবে মন্দিৰলৈ যোৱা পথটো বন্ধ কৰাৰ বিৰুদ্ধে Hotel Six Senses ৰ মেনেজাৰ, কেটৰিণা, বিকী আৰু জিলা উপায়ুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে । এই অভিযোগৰ লগতে ভক্তসকলে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰেই মন্দিৰলৈ যোৱাৰ পথটো মুকলি কৰি দিবলৈ অনুৰোধ জনাইছে অধিবক্তাগৰাকীয়ে ৷

লগতে পঢ়ক : Vicky-Katrina Wedding : বিয়ালৈ নিমন্ত্ৰণ দিয়া নাই প্ৰাক্তন প্ৰেমিকক

বিকী-কেটৰিণাৰ বিবাহক(Vicky Katrina wedding) লৈ কোনো আপত্তি নাই ৷ কিন্তু বিবাহৰ বাবে মন্দিৰলৈ যোৱা পথ বন্ধ কৰাৰ বিৰোধিতা কৰিছে ৰাজস্থানৰ অধিবক্তা নৈত্ৰবিন্দ সিং জাদৌনে ৷ অভিযোগনামাত অধিবক্তা জাদৌনে উল্লেখ কৰিছে যে, চৌথ মাতা হৈছে এক ঐতিহাসিক মন্দিৰ, যিটো শতিকা পুৰণি । প্ৰতিদিনে শতাধিক ভক্তই মন্দিৰটো দৰ্শন কৰে আৰু প্ৰাৰ্থনা কৰে । এই মন্দিৰটো বৰৱাৰা দুৰ্গলৈ যোৱা পথতেই অৱস্থিত ।

লগতে তেওঁ কয়, Hotel Six Senses ৰ মেনেজাৰে 6-12 ডিচেম্বৰৰ ভিতৰত জিলা উপায়ুক্তৰ তত্বাৱধানত মন্দিৰলৈ যোৱা পথটো বন্ধ কৰি দিয়া হৈছে । ইয়াৰ বাবে মন্দিৰ দৰ্শন কৰিবলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ভক্তসকল । যিহেতু পৰৱৰ্তী 6 দিনৰ বাবে, Hotel Six Senses ৰ পৰা মন্দিৰলৈ যোৱা মুখ্য পথটো সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব, তেনে পৰিস্থিতিত সাধাৰণ জনতা আৰু ভক্তসকলৰ অনুভূতি আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি হোটেলখনৰ সন্মুখৰ ফালৰ পৰা চৌথ মাতা মন্দিৰলৈ যোৱা পথ মুকলি কৰাৰ আহ্বান জনাইছে অধিবক্তাগৰাকীয়ে ৷

লগতে পঢ়ক : Vicky-Katrina Wedding : উখল-মাখল পৰিবেশত ৰাজস্থানৰ এক ৰাজকীয় দুৰ্গত বিকী-কেটৰিণাৰ বিবাহ পৰ্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.