ETV Bharat / sitara

Vicky-Katrina Wedding : বিয়ালৈ নিমন্ত্ৰণ দিয়া নাই প্ৰাক্তন প্ৰেমিকক

author img

By

Published : Dec 5, 2021, 1:37 PM IST

vicky katrina not inviting exflames
বিকী কেটৰিণাই বিয়ালৈ নিমন্ত্ৰণ দিয়া নাই প্ৰাক্তন প্ৰেমিকক

বিকী কৌশল(Vicky Kaushal) আৰু কেটৰিণা কাঈফে(Katrina Kaif) বিয়ালৈ দুয়োৰে প্ৰাক্তন প্ৰেমিক-প্ৰেমিকাক নিমন্ত্ৰণ নিদিয়া বুলি জানিব পৰা গৈছে । কেটৰিণাই ৰণবীৰ কাপুৰ(Ranbir Kapoor) আৰু চলমান খান(Salman Khan)ক নিমন্ত্ৰণ নিদিয়াৰ লগতে বিকীয়েও প্ৰাক্তন প্ৰেয়সী হৰলীন ছেট্টী(Hareleen Sethi)ক বিবাহৰ বাবে নিমন্ত্ৰণ দিয়া নাই(Vicky-Katrina not inviting their ex-flames) ৷

চিটাৰা ডেস্ক, 5 ডিচেম্বৰ : বলীউডৰ তাৰকা বিকী কৌশল(Vicky Kaushal) আৰু কেটৰিণা কাঈফে(Katrina Kaif) ৰাজস্থানত বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হোৱাৰ বাতৰিয়ে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত । চৰ্চিত যুটিটোৱে যুগ্ম জীৱনৰ পাতলিৰ মেলাত মনোনিৱেশ কৰিছে ৷ কিন্তু এই বহু প্ৰত্যাশিত বিয়ালৈ দুয়োৱে প্ৰাক্তন প্ৰেমিক-প্ৰেমিকাক নিমন্ত্ৰণ দিয়াৰ পৰা বিৰত থকা বুলি জানিব পৰা গৈছে(Vicky-Katrina not inviting their ex-flames) ৷

Katrina-Ranbir
কেটৰিণা-ৰণবীৰ

কেটৰিণাই চলমান খান(Salman Khan) আৰু ৰণবীৰ কাপুৰ(Ranbir Kapoor) ক বিয়ালৈ নিমন্ত্ৰণ নকৰাৰ বাতৰিটো ইতিমধ্যে চৰ্চিত হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, বিকীয়েও তেওঁৰ প্ৰাক্তন প্ৰেয়সী হৰলীন ছেট্টী(Hareleen Sethi) ক বিয়ালৈ নিমন্ত্ৰণ দিয়া নাই । কেটৰিণাৰ পূৰ্বে দুবছৰ ধৰি বিকীয়ে হৰলীনৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছিল ৷ অৱশ্যে বিকীৰ সম্পৰ্ক ছেদ হোৱাৰ পাচত হৰলীনেও নিজৰ কৰ্ম আৰু ব্যক্তিগত জীৱনত আগবাঢ়ি গৈছে ৷

Vicky-Harleen
বিকী-হৰলীন

ৰাজকীয় বিবাহস্থলীত যুগ্ম জীৱনৰ পাতনি মেলিব কেটৰিণা আৰু বিকীয়ে ৷ 7-9 ডিচেম্বৰৰ ভিতৰত বিবাহৰ আড়ম্বৰপূৰ্ণ পৰ্ব অনুষ্ঠিত হ’ব বুলি অনুমান কৰা হৈছে ৷ বিবাহৰ অতিথিৰ তালিকা 120 গৰাকীহে চূড়ান্ত কৰা হৈছে ৷ 6 ডিচেম্বৰত বিবাহস্থলীত উপস্থিত হ’ব বিকী-কেটৰিণাই ৷

লগতে পঢ়ক : Katrina Kaif-Vicky Kaushal Wedding : সম্পূৰ্ণৰূপে বুক ছয় ইন্দ্ৰিয় দুৰ্গ বৰৱাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.