ETV Bharat / state

ৰঙিয়া জংচনত দুৰ্বৃত্তই লুটিলে ৰেলযাত্ৰীৰ ধন

author img

By

Published : Feb 26, 2020, 5:02 PM IST

ৰঙিয়াত দুৰ্বৃত্তই লুটি নিয়ে দুই ৰেলযাত্ৰীৰ ধন ৷ তিনি দুৰ্বৃত্তই লুটি নিয়ে নগদ ধন সহ গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু মূল্যবান সামগ্ৰী ৷

rogue robbed of railway passenger at rangia Junction
ৰঙিয়া জংচনত দুৰ্বৃত্তই লুটিলে ৰেলযাত্ৰীৰ ধন

ৰঙিয়া, 26 জানুৱাৰী : বুধবাৰে ৰঙিয়াত দুৰ্বৃত্তই লুটি নিয়ে দুই ৰেলযাত্ৰীৰ ধন আৰু সামগ্ৰী । ৰঙিয়া জংচনৰ পৰা বাংগালুৰু যাত্ৰাৰ বাবে সাজু হোৱা ৰমেশ চেত্ৰী আৰু শম্ভু চেত্ৰীক ৰঙিয়া ষ্টেচনৰ পৰা তিনি দুৰ্বৃত্ত‌ই অতি কৌশলেৰে মাতি নি নগদ ধন সহ গুৰুত্বপূৰ্ণ নথি-পত্ৰ, মূল্যবান সামগ্ৰী লুটি নিবলৈ সক্ষম হয় । জানিব পৰা মতে ভুক্তভোগী যাত্ৰী দুগৰাকী নলবাৰী জিলাৰ বৰবৰিৰ বাসিন্দা । যুৱকদ্বয়ক নৈশ আহাৰ গ্ৰহণৰ বাবে ভাল হোটেল থকা বুলি কৈ অতি কৌশলেৰে দুজনীয়া দুৰ্বৃত্তই গাড়ীত বহুৱাই অন্য ঠাইলৈ লৈ যায় । সেই স্থানত অন্য এজন যুৱকৰ সৈতে মিলিত হৈ তিনি দুৰ্বৃত্ত‌ই ভাবুকি দেখুৱাই ১০ হাজাৰ টকা, বিভিন্ন সামগ্ৰী থকা এটা বেগ আৰু এটিএমসহ গুৰুত্বপূৰ্ণ নথি-পত্ৰ লুট কৰি নিয়ে । স্থানীয় ৰাইজৰ সহযোগত ভুক্তভোগী যাত্ৰী দুজনে ৰঙিয়া থানাত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে ।

ৰঙিয়া জংচনত দুৰ্বৃত্তই লুটিলে ৰেলযাত্ৰীৰ ধন

আৰু পঢ়ক : উত্তৰ গুৱাহাটীৰ মাজগাঁৱত সংঘটিত পথ দুৰ্ঘটনাত নিহত পথচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.