ETV Bharat / state

উত্তৰ গুৱাহাটীৰ মাজগাঁৱত সংঘটিত পথ দুৰ্ঘটনাত নিহত পথচাৰী

author img

By

Published : Feb 20, 2020, 11:05 AM IST

উত্তৰ গুৱাহাটীৰ মাজগাঁৱত ৰন্ধন গেছ পৰিবাহী ট্ৰাকে মহতিয়াই নিয়ে দুজন পথচাৰীক ৷ পথচাৰী দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিয়ো অৰবিন্দ ঠাকুৰ নামৰ পথচাৰীজনৰ জি এন আৰ চি হাস্পতালত মৃত্যুবৰণ কৰে ।

one people died at road accident at north guwahati kamrup assam etv bharat news
পথ দুৰ্ঘটনাত নিহত পথচাৰী

উত্তৰ গুৱাহাটী,20 ফেব্ৰুৱাৰীঃ উত্তৰ গুৱাহাটীৰ মাজগাঁৱত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন ৰন্ধন গেছ পৰিবাহী ট্ৰাকে মহতিয়াই নিয়ে দুজন পথচাৰীক ৷ পথচাৰী দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৰবিন্দ ঠাকুৰ নামৰ পথচাৰীজনৰ জি এন আৰ চি হাস্পতালত মৃত্যু হয় ।

পথ দুৰ্ঘটনাত নিহত পথচাৰী

আনহাতে,সত্য নাৰায়ণ সিং নামৰ আনজন পথচাৰী সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন অৱস্থাত আছে ৷ ইতিমধ্যে গেছ পৰিবাহী ট্ৰাকখন ৰাইজে জব্দ কৰি উত্তৰ গুৱাহাটী আৰক্ষী চকীত গতাই দিয়ে ৷

লগতে চাওকঃতামিলনাডুত ভয়াৱহ পথ দুৰ্ঘটনাঃ নিহত 20

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.