ETV Bharat / state

Robbers arrested in Kamrup: কামৰূপ আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত

author img

By

Published : Dec 27, 2022, 10:48 PM IST

কামৰূপ আৰক্ষীৰ সফল অভিযান ৷ গ্ৰেপ্তাৰ দুই দুৰ্ধৰ্ষ ডকাইত (Robbers arrested in Kamrup) ৷ সোমবাৰে নিশা কামৰূপৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল অভিযান ৷ অভিযানকালত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ হয় দুই ডকাইত ৷

Robbers arrested by Kamrup police in Kamrup
কামৰূপত গ্ৰেপ্তাৰ দুই ডকাইত

কামৰূপত গ্ৰেপ্তাৰ দুই ডকাইত

ৰঙিয়া, 27 ডিচেম্বৰ: ৰাজ্যত বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা (Crime in Assam) ৷ ড্ৰাগছ, গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ সমান্তৰালকৈ বৃদ্ধি পাইছে চুৰি ডকাইতিকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা ৷ আৰক্ষীৰ চকুত ধুলি দি এচাম অপৰাধীয়ে নিতৌ সংঘটিত কৰি আহিছে নানানটা অপৰাধজনিত ঘটনা ৷ এইক্ষেত্ৰত অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়েও ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ৷

শেহতীয়াকৈ কামৰূপ আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা দুই দুৰ্ধৰ্ষ ডকাইত অৱশেষত জালত পৰিল আৰক্ষীৰ (Robbers arrested by Kamrup police) । এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে নিশা কামৰূপৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা দলে কামৰূপৰ কঞা থানাৰ অন্তৰ্গত বৰদোঙা বটাকুছিক অভিযান চলায় ৷ অভিযান চলাই বটাকুছিৰ পৰা আতিকুল ইছলাম ওৰফে বড়ো আৰু তজনুৰ আলী ওৰফে লাডেনক গ্ৰেপ্তাৰ কৰে ।

অভিযানৰ সময়ত আৰক্ষীয়ে দুই ডকাইতৰ পৰা পইন্ট ২২ পিষ্টল এটা , পইন্ট ৩২ পিষ্টল এটা আৰু ১৬ জাই সজীৱ গুলি জব্দ কৰে (Weapons recovered from robbers)। আৰক্ষীয়ে জানিব দিয়া অনুসৰি উদ্ধাৰ হোৱা মাৰণাস্ত্ৰখিনি ৰান্ধনীশালৰ ভিতৰত এটা ভাত ৰন্ধা পাত্ৰ (ডেক্সি) ৰ ভিতৰত থৈ দিয়া অৱস্থাত উদ্ধাৰ কৰে (Robbers arrested in Kamrup) । অভিযানৰ সময়চোৱাত আন এজন দুৰ্বৃত্ত হাকিমুল আহমেদ পলাই সাৰিবলৈ সক্ষম হয় ।

শেহতীয়াকৈ কেইবাখনো জিলাত দুৰ্ধৰ্ষ ডকাইত দুটাই মহিলাৰ ডিঙিৰ পৰা চেইন, মোবাইল, টকা কাঢ়ি নি এক ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ উল্লেখ্য যে ডকাইত দুটাই যোৱা ৩ ডিচেম্বৰত ৰঙিয়াৰ স্বস্তি হাস্পতালৰ সমীপত এগৰাকী মহিলাৰ পৰা মোবাইল কাঢ়ি নিছিল । কিন্তু সেইদিনা ভাগ্যই লগ নিদিলে ডকাইত দুটাক ৷ কয় নহয়, কৰ্মৰ ফল ভুগিবই লাগিব ৷ এই কথাই যেন প্ৰমাণিত হ’ল দুই ডকাইতৰ ক্ষেত্ৰত ৷ ডকাইতি কাণ্ডটোৰ সময়ত সেইদিনা দুয়োৰে পালচাৰ বাইকখন পতিত হৈছিল এক দুৰ্ঘটনাত ।

ফলত দুৰ্ঘটনাটোৰ পিছতে পালচাৰ বাইক উক্ত ঠাইতে এৰি পলায়ন কৰিছিল ডকাইত দুটাই । পিছত ভুক্তভোগী মহিলাগৰাকীয়ে এই সন্দৰ্ভত আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷ ভুক্তভোগী মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত কামৰূপ আৰক্ষীয়ে তদন্ত চলাই দুই ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে আটকাধীন দুই ডকাইতে চুৰি, ডকাইতি কৰি ইতিপূৰ্বে কেইবাবাৰো জেলৰ ভাত খাবলগীয়া হৈছে । কিন্তু গ্ৰেপ্তাৰৰ কিছুদিন পিছতেই জামিনত মুকলি হৈ আহি পুনৰাই চুৰি, ডকাইতিত লিপ্ত হয় দুয়ো ।

আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া অনুসৰি দুয়োজনৰ বিৰুদ্ধে কামৰূপ জিলাৰ দুখন থানাত তিনিটাকৈ গোচৰ ৰুজু হৈ আছে । কামৰূপ, বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত ডকাইতি আৰু চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা দুৰ্ধৰ্ষ ডকাইত লাডেন আৰু বড়োক কৰায়ত্ব কৰাৰ পিছত স্বস্তিৰ নিশ্বাস পেলাইছে ৰঙিয়াৰ ৰাইজে ।

লগতে পঢ়ক: Drugs seized from Ambulance: মহানগৰীত এম্বুলেন্সৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.