ETV Bharat / state

Drugs seized from Ambulance: মহানগৰীত এম্বুলেন্সৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

author img

By

Published : Dec 14, 2022, 2:28 PM IST

Huge amount of drugs seized from Ambulance in Guwahati
মহানগৰীত এম্বুলেন্সৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ মঙলবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই এখন এম্বুলেন্সৰ পৰা জব্দ কৰে ১৪ কোটি টকাৰ ড্ৰাগছ (Drugs seized from Ambulance) । লগতে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী মিৰাজুল ইছলামক । জব্দ হয় ৫০ হাজাৰ য়াবা টেবলেট আৰু ২০০ গ্ৰাম হেৰ’ইন । মণিপুৰৰ পৰা আনিছিল ড্ৰাগছখিনি ।

মহানগৰীত এম্বুলেন্সৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

গুৱাহাটী, ১৪ ডিচেম্বৰ: নিচাজাতীয় দ্ৰব্যৰ কৰাল গ্ৰাসত পৰিছে নৱপ্ৰজন্ম ৷ নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত ইতিমধ্যে ধ্বংস হৈছে বহু যুৱক-যুৱতীৰ জীৱন ৷ ধ্বংস হৈছে এখন এখন ঘৰ ৷ নিচাজাতীয় দ্ৰব্যৰ সেৱনৰ ফলতে বিনষ্ট হৈছে বহু পৰিয়ালৰ সুখ-শান্তি ৷ এই বৰবিহৰ পৰা নৱপ্ৰজন্মক উদ্ধাৰৰ বাবে চৰকাৰেও গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা ৷

এই ক্ষেত্ৰত অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক সষ্টম হৈ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলাই গৈছে অভিযান ৷ ধাৰাবাহিকভাৱে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান (Anti Drugs mission in Assam) ৷ প্ৰায় প্ৰতিদিনে ৰাজ্যৰ চুকে-কোণে আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য অথবা সামগ্ৰী জব্দ কৰাৰ লগতে আটক কৰিছে বহু অপৰাধীকো ৷ কিন্তু আৰক্ষী যিমানেই অপৰাধীক আটক কৰিছে, সিমানেই ন ন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷

এইবাৰ ড্ৰাগছ সৰবৰাহত সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰিছে এম্বুলেন্স । ৰোগী অনাৰ পৰিৱৰ্তে এম্বুলেন্সত ভৰাই আনিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs seized from Ambulance) ৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে মঙলবাৰে নিশা গোপন সূত্ৰৰ পম খেদি মহানগৰ আৰক্ষীয়ে চলাই এক অভিযান ৷ গণেশগুৰিৰ হেঙেৰাবাৰী পথৰ এখন ব্যক্তিগত পাৰ্কিংঙত ৰখাই থোৱা এম্বুলেন্সত চলাই এই তালাচী অভিযান ৷ অভিযানকালত এম্বুলেন্সখনৰ পৰা জব্দ কৰে কেইবা কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ (Drugs seized from Guwahati)। জব্দকৃত এম্বুলেন্সখনৰ নম্বৰ MN 03C0037 ৷

এম্বুলেন্সৰ পৰা ৫০ হাজাৰ য়াবা টেবলেট আৰু ২০০ গ্ৰাম হেৰ’ইন জব্দ কৰে ৷ নিষিদ্ধ দ্ৰব্যখিনিৰ ওজন ৪ কেজি ৮০০ গ্ৰাম বুলি জানিব পৰা গৈছে ৷ যাৰ বজাৰ মূল্য প্ৰায় ১৪ কোটি টকা হ’ব বুলি জনায় অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান কল্যাণ পাঠকে ৷ অভিযানকালত লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এম্বুলেঞ্চখনৰ চালক মেঘালয়ৰ মিৰাজুল ইছলামক (Drugs peddler arrested in Guwahati) ।

ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আন এজন লোককো আটক কৰিছে আৰক্ষীয়ে । মণিপুৰৰ পৰা আনিছিল ড্ৰাগছখিনি। তাৰ পিছত গুৱাহাটীৰ পৰা বাংলাদেশ সীমান্ত মানকাছাৰ ৰাজাবালা লৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল ড্ৰাগছখিনি । উল্লেখ্য যে মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান কল্যাণ পাঠকৰ নেতৃত্বত চলিছিল এই সফল অভিযান ৷

লগতে পঢ়ক: Drugs seized in Rangia: ৰঙিয়াত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.