ETV Bharat / state

Sankardev Sangha Conference: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশনৰ প্ৰস্তুতি, আলু খেতিৰ শুভ উদ্বোধন

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 7:58 PM IST

আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনৰ প্ৰস্তুতি । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা উৎপাদিত শস্যৰে ভকতক আপ্যায়ন কৰাৰ দিহা উদ্যোক্তাসকলৰ । ৰঙিয়াত বৃহস্পতিবাৰে ৰবি শস্যৰ শুভ উদ্বোধন কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই ।

Preparations for Rangia session of Srimanta Sankardeva Sangha
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশনৰ প্ৰস্তুতি

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশনৰ প্ৰস্তুতি

ৰঙিয়া,২ নৱেম্বৰ : আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনৰ প্ৰস্তুতি । এই অধিৱেশনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা উৎপাদিত শস্যৰে ভকতক আপ্যায়ন কৰিবলৈ সাজু হৈছে ৰঙিয়া অধিৱেশনৰ আদৰণি সমিতি । সেয়ে বৃহস্পতিবাৰে ৰবি শস্যৰ শুভ উদ্বোধন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই ।

বৃহস্পতিবাৰে ৰঙিয়াৰ চিকনীবাৰীত থকা চিড ফাৰ্মত অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশনৰ খাদ্য আৰু যোগান উপ-সমিতিৰ সহযোগত আলু খেতিৰ শুভ উদ্বোধন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেশ নাথ ডেকাই এই কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে । পদাধিকাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি কয় যে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাক অনুৰোধ কৰাৰ পিছতেই মন্ত্ৰীগৰাকীৰ নিৰ্দেশ মৰ্মে ৰঙিয়া কৃষি বিভাগে আলু খেতি কৰাৰ বাবে সকলো ধৰণৰ সা-সুবিধা কৰি দিয়ে ।

ইয়াত উৎপাদন হোৱা আলুৰ লগতে সংঘই আন ঠাইত কৰা অন্য অন্য কৃষিৰ উৎপাদিত ৰবি শস্যৰে ৰঙিয়া অধিৱেশনলৈ অহা প্ৰতিগৰাকী ভকত বৈষ্ণৱক আপ্যায়ন কৰাৰ দিহা কৰিছে । পদাধিকাৰগৰাকীয়ে লগতে কয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকতসকলে আগবঢ়োৱা চাউলৰ দ্বাৰা ঠিক তেনেদৰে আপ্যায়নৰ সমস্যাটো সম্পূৰ্ণ হ'ব । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ ভকতসকলে কৰা এনে সহযোগিতাৰ বাবে প্ৰতি বছৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই কোনো অসুবিধা নোহোৱাকৈ অধিৱেশনলৈ অহা প্ৰতিগৰাকী ভকত তথা আই-মাতৃক সেৱা কৰি অহাটো সহজ হৈছে বুলি পদাধিকাৰ গৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক : AASU Bhaona in Tingkhong : ভক্তি ৰসত বুৰ গৈছে টিংখাং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.