AASU Bhaona in Tingkhong : ভক্তি ৰসত বুৰ গৈছে টিংখাং

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 5:27 PM IST

thumbnail

মৰাণ,২ নৱেম্বৰ : বিগত বছৰৰ দৰে এইবাৰো সদৌ অসম ছাত্ৰ সন্থাই টিংখাঙৰ টিপমীয়াত গুৰু দুজনাৰ অমৰ সৃষ্টিৰাজি ভাওনা সমাৰোহৰ আয়োজন কৰিছে । যাৰ বাবে গায়ন-বায়ন, দিহানাম, খোল বাদনেৰে এক নান্দনিক পৰিৱেশে বিৰাজ কৰিছে টিংখাঙত । যোৱা ২৯ নৱেম্বৰৰ পৰা ৰাজগড়ৰ সমীপৰ টিপমীয়াৰ বায়ন মণিকান্ত লিকচন সোঁৱৰণি সমন্বয় ক্ষেত্ৰত ৫ দিনীয়া কাৰ্যসূচীৰে আছুৱে আয়োজন কৰিছে এই সদৌ অসম ভিত্তিক ভাওনা সমাৰোহৰ ৷

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু সমগ্ৰ ৰাজগড়-টিপমীয়াবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত ভাওনা সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ৮ টা নাট্য দলে অংশগ্ৰহণ কৰে । লগতে খোলবাদন , দিহানাম, বৰগীত, সত্ৰীয়া নৃত্য আদি প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । ইফালে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত তৃতীয় বাৰ্ষিক ভাওনা সমাৰোহৰ বৃহস্পতিবাৰে সামৰণি পৰিব ।

লগতে পঢ়ক :Atul Pachoni on Raghav: বিতৰ্কিত ছবি ৰাঘৱক লৈ কি ক’লে অভিনেতা অতুল পাচনিয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.