ETV Bharat / state

Old lady dead body Recovered: গুৱাহাটীত উদ্ধাৰ ৰঙিয়াত নিৰুদ্দিষ্ট বৃদ্ধাৰ মৃতদেহ

author img

By

Published : Nov 2, 2022, 9:00 PM IST

ৰঙিয়াত নিৰুদ্দিষ্ট এগৰাকী বৃদ্ধাৰ মৃতদেহ এদিন পাছতেই গুৱাহাটীত উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ শত্ৰুতা অথবা অন্য কাৰণত বৃদ্ধাগৰাকীক হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ ৷ ঘটনা সন্দৰ্ভত কমলপুৰ আৰক্ষী আৰু ৰঙিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

Old lady dead body Recovered
গুৱাহাটীত উদ্ধাৰ ৰঙিয়াত নিৰুদ্দিষ্ট বৃদ্ধাৰ মৃতদেহ

ৰঙিয়া, ২ অক্টোবৰ: ৰঙিয়া নগৰৰ এগৰাকী বৃদ্ধা নিৰুদ্দেশ হোৱাৰ এদিনৰ পাছতেই তেওঁৰ মৃতদেহ গুৱাহাটীত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে(Old lady dead body Recovered at Guwahati) । জানিব পৰা মতে, সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল স্বৰৱতী দেৱী(৭৫) নামৰ বৃদ্ধাগৰাকী । ৰঙিয়া নগৰৰ শান্তিপুৰৰ প্ৰয়াত নাগৰমল জৈনৰ পত্নী স্বৰৱতী দেৱীয়ে সোমবাৰে দিনৰ প্ৰায় ১১ বজাত নিজৰ ঘৰৰ সন্মুখলৈ ওলাই আহিছিল ।

গুৱাহাটীত উদ্ধাৰ ৰঙিয়াত নিৰুদ্দিষ্ট বৃদ্ধাৰ মৃতদেহ

শান্তিপুৰত থকা এটা চি চি কেমেৰাত দিনৰ ১১.১০ বজাত শেষবাৰৰ বাবে দেখা গৈছিল বৃদ্ধা মহিলাগৰাকীক । তাৰ পিছৰ পৰাই বৃদ্ধাগৰাকী সন্ধানহীন হৈ পৰে(Old lady missing from Rangia) । দুপৰীয়া ওলাই যোৱাৰ পাছৰে পৰা নিশা পৰ্যন্ত মহিলাগৰাকী ঘৰলৈ ওভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে ৷ বহু বিচাৰ-খোচাৰ কৰাৰ পাছতো তেওঁলোকে বৃদ্ধাগৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম নহয় । অৱশেষত বুধবাৰে গুৱাহাটী-চাংসাৰী পথৰ কমলপুৰৰ বৰুৱাজানীৰ এখন পকী দলংৰ তলত বস্তাত ভৰোৱা অৱস্থাত বৃদ্ধাগৰাকীৰ মৃতদেহটো উদ্ধাৰ হয়(Old lady dead body Recovered) ।

তেওঁ মূৰত আঘাতৰ চিন স্পষ্ট থকাৰ প্ৰতি লক্ষ্য কৰি বৃদ্ধাগৰাকীক দিনৰ ভাগতে হত্যা কৰি মৃতদেহটো এনেদৰে নিশাৰ ভাগত গাড়ীৰে লৈ গৈ দলঙৰ তলত পেলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে । গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে বৃদ্ধাগৰাকীক নৃশংসভাৱে হত্যা কৰাৰ পিছতো হত্যাকাৰীয়ে মহিলাগৰাকীয়ে পিন্ধি থকা সোণৰ কাণফুলি, সোণৰ আঙুঠি আদি লৈ নগ'ল । যাৰ প্ৰতি লক্ষ্য ৰাখি হত্যাকাৰীয়ে শত্ৰুতা অথবা অন্য কাৰণত বৃদ্ধাগৰাকীক এনেদৰে হত্যা কৰাৰ সন্দেহ কৰিছে একাংশই ।

পৰিয়াল তথা আত্মীয়ৰ দাবী এয়া এক পৰিকল্পিত হত্যাকাণ্ড । কিয়নো বৃদ্ধাগৰাকীৰ মৃতদেহ ৰঙিয়াৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত উদ্ধাৰ হ’ল ৷ এই ঘটনাৰ উচিত তদন্ত কৰি হত্যাকাৰীক উপযুক্ত শাস্তি বিহাৰ বাবে আৰক্ষীক দাবী জনাইছে স্থানীয় ৰাইজে । ইফালে কমলপুৰ আৰক্ষী আৰু ৰঙিয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক: Women Trafficking in Barpeta: 1 লাখ 20 হাজাৰ টকাত বিক্ৰী কৰা কিশোৰীক উদ্ধাৰ কৰিলে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.