ETV Bharat / state

Women Trafficking in Barpeta: 1 লাখ 20 হাজাৰ টকাত বিক্ৰী কৰা কিশোৰীক উদ্ধাৰ কৰিলে আৰক্ষীয়ে

author img

By

Published : Nov 1, 2022, 2:23 PM IST

Women Trafficking in Barpeta
1 লাখ 20 হাজাৰ টকাত বিক্ৰী কৰা কিশোৰীক উদ্ধাৰ কৰিলে আৰক্ষীয়ে

ৰাজ্যত অব্যাহত আছে নাৰী সৰবৰাহকাৰী চক্ৰৰ কাৰ্যকলাপ ৷ বৰপেটাৰ সৰ্থেবাৰীতো সক্ৰিয় হৈ আছে নাৰী সৰবৰাহকাৰী চক্ৰ (Women Trafficking in Barpeta)৷ শেহতীয়াকৈ বৰপেটাৰ মাজদিয়া আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ কৰিছে এগৰাকী কিশোৰীক ৷ হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰীগৰাকীক ৷

বৰপেটা, 1 নৱেম্বৰ : বৰপেটা জিলাৰ সৰ্থেবাৰী অঞ্চলত সক্ৰিয় হৈ আছে নাৰী সৰবৰাহকাৰী চক্ৰ । অঞ্চলটোৰ পৰা দুখীয়া পৰিয়ালৰ কিশোৰী, গাভৰু মহিলাক লক্ষ্য কৰি লয় নাৰী সৰবৰাহকাৰী চক্ৰই । একোগৰাকী গাভৰুক ফুচুলাই অপহৰণ কৰি হাৰিয়ানাত বিক্ৰী কৰে লাখ লাখ টকাত । আনকি এগৰাকী গাভৰুক চাৰিবাৰ পৰ্যন্ত বিক্ৰী কৰে এই দুষ্ট চক্ৰই ।

শেহতীয়াকৈ বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীৰ তদন্তত পুনৰ পোহৰলৈ আহিল এই ঘটনা । এবছৰ পূৰ্বেই সৰ্থেবাৰী আৰক্ষী থানাৰ(Sarthebari Police Station) অন্তৰ্গত গৰেমাৰীৰ পৰা ধুবুৰীৰ চহৰ আলী ওৰফে বাবুল আলীয়ে এগৰাকী কিশোৰীক প্ৰেমৰ চলনাৰে অপহৰণ কৰে (Teen girl kidnapped in Barpeta) । পিছত কিশোৰীগৰাকীক বিয়া কৰোৱা বুলি চহৰ আলীয়ে টেলিফোনযোগে পৰিয়ালৰ লোকক জানিবলৈ দিয়ে ।

1 লাখ 20 হাজাৰ টকাত বিক্ৰী কৰা কিশোৰীক উদ্ধাৰ কৰিলে আৰক্ষীয়ে

এবছৰ পিছত আৰক্ষীৰ তদন্তত পোহৰলৈ আহে প্ৰকৃত ঘটনা । চহৰ আলীয়ে কিশোৰীগৰাকীক হাৰিয়ানাত 1 লাখ 20 হাজাৰ লাখ টকাত বিক্ৰী কৰিছিল । এই দুষ্কাৰ্যত জড়িত থকা ধুবুৰীৰ বাবুল আলী ওৰফে চহৰ আলীক গ্ৰেপ্তাৰ কৰি ইতিমধ্যেই জেল হাজোতলৈ প্ৰেৰণ কৰিছে । চহৰ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত মাজদিয়া আৰক্ষীয়ে হাৰিয়ানাত অভিযান চলাই কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে দুজন লোকক আটক কৰে (Girl rescued by Majdia police) ।

আনহাতে কিশোৰীগৰাকীক ক্ৰয় কৰা কাৰ্যত জড়িত ৰাজেশ কুমাৰ আৰু অনিল কুমাৰক হাৰিয়ানাৰ পৰা আটক কৰি আনে মাজদিয়া আৰক্ষীয়ে । হাৰিয়ানাৰ পৰা আটক কৰা লোক দুজনক মঙলবাৰে আৰক্ষীয়ে বৰপেটা আদালতত(Barpeta District Judiciary) হাজিৰ কৰায় ।

উল্লেখ্য যে, মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰা, কনিষ্টবল ছিৰাজ আলী আৰু মহিলা আৰক্ষী কনিষ্টবল পখিলা বেগমে নিৰুদ্দিষ্ট কিশোৰীগৰাকীৰ সন্ধানত হাৰিয়ানাত অভিযান চলাইছিল । ইপিনে অপহৃত কিশোৰীগৰাকীকো উদ্ধাৰ কৰে মাজদিয়া আৰক্ষীয়ে ।

লগতে পঢ়ক : Golden Biscuit Seized in Guwahati: গুৱাহাটীত 30 লক্ষাধিক টকা মূল্যৰ সোণৰ বিস্কুট জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.