ETV Bharat / state

Kati Bihu 2023 in Assam:ৰঙিয়াৰ বগৰীবাৰীৰ ৰাইজে পালন নকৰে কাতি বিহু

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 11:01 AM IST

People of Bagribari in Rangia not celebrate Kati Bihu
উচাহ নাই কাতি বিহুৰ পৰম্পৰাৰ

আজি কাতি বিহু। সমগ্ৰ ৰাজ‍্যতেই কৃষক ৰাইজে পালন কৰিছে কাতি বিহুৰ পৰম্পৰা । কিন্তু ৰঙিয়াৰ বগৰীবাৰীৰ ৰাইজে এইবেলি পালন কৰিব নোৱাৰে কাতি বিহু । বানে ধোৱা পথাৰলৈ চাই কৃষকৰ হুমুনিয়াহ ।

উচাহ নাই কাতি বিহুৰ পৰম্পৰাৰ

ৰঙিয়া, ১৮ অক্টোবৰ: আজি কাতি বিহু । সমগ্ৰ ৰাজ‍্যতেই কৃষক ৰাইজে পালন কৰিব কাতি বিহুৰ পৰম্পৰা । কিন্তু ৰঙিয়াৰ বগৰীবাৰীৰ ৰাইজে এইবাৰ পালন কৰিব নোৱাৰে কাতি বিহু । কাৰণ চাৰি বছৰ পূৰ্বে ৰঙিয়াৰ বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰি ছিঙি হঠাতে অহা ঢলে অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষি ভূমি প্লাৱিত কৰিছিল । ঠায়ে ঠায়ে বালিৰ পাঁচৰ পৰা দহ ফুট ওখ তৰপে পুটি পেলাইছিল খেতি পথাৰসমূহ । চকুৰ পচাৰতে শেষ হৈ গৈছিল প্ৰায় পাঁচ হাজাৰ কৃষকৰ সপোন ।

ইয়াৰ পিছত পুনৰ প্ৰায় ডেৰ বছৰ পূৰ্বে পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে মথাউৰি চিঙি নিয়াৰ পিছত পুনৰ আহা বানে তচনচ কৰি পেলাইছে সপোনৰ ধাননি পথাৰখন । পুঠিমাৰী নৈৰ প্ৰলয়ংকৰী বানৰ পিছত অঞ্চলটোৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি ঠায়ে ঠায়ে দহৰ পৰা পোন্ধৰ ফুট পৰ্যন্ত বালিত পোত খাইছে । যাৰ বাবে অঞ্চলটোৰ খেতিয়ক সকলে চাৰি বছৰ খেতি কৰিব পৰা নাই । বৃত্তিগতভাৱে কৃষি কৰ্ম কৰি চলি থকা বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এতিয়া পেটৰ তাড়ণাত দিন হাজিৰা কৰিবলৈ বাধ্য হৈছে ।

জীৱিকাৰ মূল সম্বল সপোনৰ ধাননি পথাৰখন পানীৰ তলত থকাত পেটত গামোচা বান্ধি কষ্টকৰ দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে অঞ্চলটোৰ কৃষকে । বগৰীবাৰীৰ লগতে দাঁতিকাষৰীয়া ঢেপাৰগাঁও, মাদৈকাটা, কাৱৈমাৰী, কাউৰবাহা, ধুলাবড়ী আদি অঞ্চলৰ কেইবা হাজাৰ কৃষি ভূমিত এতিয়া চৌদিশে মৰুভূমি সদৃশ পৰিবেশে বিৰাজ কৰিছে । এই পথাৰ সমূহৰ বেছিভাগ ঠাইত বনৰীয়া গছ লতিকা আৰু ঝাও বনে আগুৰি ধৰিছে ।

আনহাতে, নৈখনেও গতিপথ সলাই পথাৰৰ মাজেৰে যেনি-তেনি গতি কৰিছে । ইফালে, স্থানীয় কৃষকে উল্লেখ কৰা মতে, বানৰ পিছত এবাৰ ধানৰ বীজ প্ৰদান কৰি নিজৰ দায়িত্ব সামৰিছে কৃষি বিভাগে । কৃষক সকলৰ ক্ষয়-ক্ষতিৰ বুজ লৈ কৃষক সকলৰ সকাহৰ বাবে বিশেষ ব‍্যৱস্থা গ্ৰহণৰ লগতে উপযুক্ত ক্ষতিপূৰণ দিবলৈ অপৰাগ হৈছে কৃষি বিভাগ নামৰ বিয়াগোম বিভাগটো । মুখ‍্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজে ক্ষতিগ্ৰস্ত অঞ্চলটো পৰিদৰ্শন কৰি যোৱাৰ পাছতো কৃষক সকলে আজিলৈকে উপযুক্ত ক্ষতিপূৰণ লাভ নকৰাটো পৰিতাপৰ বিষয় ।

বালিয়ে পুতি পেলোৱা খেতি পথাৰ সমূহত হয়তো আগন্তুক দহ বছৰলৈ ধানৰ খেতি নহ'ব । কিন্তু কৃষি বিভাগে বালি মাটিত হ'ব পৰা আন খেতিৰ বিষয়ে যদিহে কৃষক সকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে আন আন সুবিধা প্ৰদান কৰে তেতিয়াহলে কৃষক সকল যথেষ্ট উপকৃত হ'ব । বগৰীবাৰীৰ পৰা দুৰ্দশাগ্ৰস্ত এইসকল কৃষকে চৰকাৰী দৰমহা লাভ কৰা শিক্ষকক স্কুটি প্ৰদান কৰাৰ সলনি কিছু পৰিমাণে চৰকাৰী সাহায্য় প্ৰদান কৰি কোনোমতে পেটে-ভাতে চলি থকা এই সকল কৃষকক জীয়াই থাকিবলৈ কিছু সকাহ প্ৰদান কৰিবলৈ মুখ‍্যমন্ত্ৰীক দাবী জনাইছে ।

লগতে পঢ়ক:Loksabha election 2024: নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কিয় BPF ক কাষত বিচাৰিলে মুখ্যমন্ত্ৰীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.