Loksabha election 2024: নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কিয় BPF ক কাষত বিচাৰিলে মুখ্যমন্ত্ৰীয়ে !

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 8:26 AM IST

thumbnail

গুৱাহাটী, 18 অক্টোবৰ: অসমত ব্যাপক নিৰ্বাচনী তৎপৰতা ৰাজ্যিক বিজেপিৰ ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ৰাজ্যিক বিজেপিৰ নেতৃত্ব ৷ প্ৰতিখন বৈঠকতে অংশ লৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । 

বাজপেয়ী ভৱনত মঙলবাৰে অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত সাংগঠনিক দিশ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ আলোচনা হয় । বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিয়েই যদি নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে বিজেপি দলে 11.5 খন আসন লাভ কৰিব বুলি নিশ্চিতি প্ৰদান কৰে । লগতে 11 খন আসনত দলে আমি বিজয়ী হোৱাটো 100 % নিশ্চিত বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "নিৰ্বাচনৰ সময় পৰ্যন্ত 12 খন‌ আসন দখলৰ বাবে দলে চেষ্টা চলাব । তেওঁ কয়, 11 খন আসন আমাৰ হাতত আছে ৷   13 আৰু 14 নং আসনখন আমাৰ হাতত নাই । এখন আসনকলৈ সন্দেহ আছে ৷ নিৰ্বাচনলৈ 12 খন আসন হ’ব নে নাই সেয়াও সঠিককৈ ক’ব নোৱাৰি ।" মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মিত্ৰজোঁটৰ সৈতে আসনৰ ভাগ বতৰা হৈ গৈছে বুলি উল্লেখ কৰি অগপ আৰু UPPL দুয়োটা দলে নিৰ্বাচন খেলিব বুলি কয় ৷ তদুপৰি, BPF কো দলৰ সৈতে মিত্ৰতা স্থাপনৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷ 

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ Loyalty কংগ্ৰেছৰ আছে জানো বুলি প্ৰশ্ন উত্থাপন কৰে ৷

লগতে পঢ়ক: Beneficiary remarks on artists: শিল্পী-সাহিত্যিকৰ প্ৰতি চৰকাৰে পুতৌ দেখুওৱাৰ কোনো প্ৰয়োজন নাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.