ETV Bharat / state

কামৰূপত হেৰ’ইনসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক

author img

By

Published : Apr 14, 2022, 9:05 PM IST

drugs-peddler-arrested-by-kamrup-police
কামৰূপত হেৰ’ইনসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক

ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drug mission in Assam) ৷ শেহতীয়াকৈ বৃহস্পতিবাৰে কামৰূপ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷

গুৱাহাটী, 14 এপ্ৰিল : ৰাজ্য জুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drug mission in Assam) । এই অভিযানৰ মাজতে বৃহস্পতিবাৰে ড্ৰাগছৰ বিৰুদ্ধে কামৰূপ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷

বৃহস্পতিবাৰে মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত অসম-মণিপুৰ সীমান্তৰ জিৰিঘাট অঞ্চলত চলা এই অভিযানত প্ৰায় 500 গ্ৰাম হেৰ’ইন জব্দ কৰে (Heroin seized in Kamrup) ৷ লগতে ডেৰ লাখ য়াবা টেবলেটো জব্দ কৰিছে আৰক্ষীয়ে ( Psychotropic drugs seized by Police) ৷

জব্দ হোৱা নিচাজাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় ৪২ কোটি টকা বুলি জানিব পৰা গৈছে ৷

এই অভিযানত তিনিজন ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক আটক কৰে আৰক্ষীয়ে (Drugs peddler arrested by Kamrup police ) ৷ আটকাধীন লোককেইজন মণিপুৰৰ ফেৰো খান, ইলিয়াছ খান আৰু কোছবিহাৰৰ চাদ্দাম বুলি জানিব পৰা গৈছে ৷ লগতে MN 07 3598 নম্বৰৰ ট্ৰাক এখনো জব্দ কৰে ৷

লগতে পঢ়ক : Suicide attempt viral video : দিল্লীত মেট্ৰ' ষ্টেচনৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা যুৱতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.