ETV Bharat / state

BJPs state president comment on GST: জিএছ টিৰ দ্বাৰা ধনী লোকো ক্ষতিগ্ৰস্ত হয়

author img

By

Published : Jul 20, 2022, 12:00 PM IST

জিএছ টি বৃদ্ধিৰ বাবে অকল শাসকীয় দলেই জগৰীয়া নহয় বুলি মন্তব্য় কৰিছে বিজেপিৰ ৰাজ‍্যিক সভাপতি ভবেশ কলিতাই (BJPs state president Bhabesh Kalita comment on GST)। তেওঁ কয় যে জিএছ টিৰ দ্বাৰা কেবল দুখীয়া লোকেই নহয়,ধনী লোকো ক্ষতিগ্ৰস্ত হয়।

h
BJPs state president comment on GST: জিএছ টিৰ দ্বাৰা ধনী লোকো ক্ষতিগ্ৰস্ত হয়

ৰঙিয়া,২০ জুলাই: 'জি এছ টিৰ ময়ো ভুক্তভোগী । জি এছ টিৰ দ্বাৰা কেবল দুখীয়া লোকেই নহয়, ধনী লোকো ক্ষতিগ্ৰস্ত হয় । কিন্তু উপাৰ্জন নহ'লে ঘৰ এখন যেনেদৰে নচলে তেনেকৈ দেশখনো নচলে ।' এই মন্তব্য় বিজেপিৰ ৰাজ‍্যিক সভাপতি ভবেশ কলিতাৰ (BJPs state president Bhabesh Kalita comment on GST)। মঙলবাৰে বিজেপিৰ ৰাজ‍্যিক সভাপতিগৰাকীয়ে ৰঙিয়াত এইদৰে মন্তব্য় কৰি পুনৰ কয় যে জি এছ টি কাউঞ্চিলত শাসকীয় দলৰ সদস্যৰ লগতে আন দলৰো সদস্য থাকে(GST council)। গতিকে জি এছ টি বৃদ্ধিৰ বাবে অকল শাসকীয় দলেই জগৰীয়া নহয় ।

জিএছ টিৰ দ্বাৰা ধনী লোকো ক্ষতিগ্ৰস্ত হয়

ৰাজ‍্যিক সভাপতিগৰাকীয়ে লগতে কয় যে যেতিয়া এখন আইন প্ৰণয়ন কৰা হয় তেতিয়া ধনী-দুখীয়া সকলোৱেই আইনখনৰ আওতালৈ আহে । যদিহে কোনো ব‍্যক্তিয়ে জি এছ টিৰ কৰ ফাঁকি দিয়ে তেতিয়াহ'লে তেওঁক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব । ৰঙিয়াৰ এখন সভাত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে বিজেপিৰ সভাপতি গৰাকীয়ে ।

লগতে পঢ়ক:Swanirbhar Nari scheme: হস্ততাঁত শিল্পক অধিক আগুৱাই নিয়াৰ পদক্ষেপ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.