ETV Bharat / state

Swanirbhar Nari scheme: হস্ততাঁত শিল্পক অধিক আগুৱাই নিয়াৰ পদক্ষেপ চৰকাৰৰ

author img

By

Published : Jul 19, 2022, 10:34 PM IST

মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে ‘স্বনিৰ্ভৰ নাৰী’ আঁচনি (Swanirbhar Nari scheme) । শিপিনীসকলক ডিজিটেল পদ্ধতিৰে ক্ৰয় কৰা সামগ্ৰীৰ মূল্য আদায় দিয়া হ’ব । ‘‘গামোচা কেৱল বস্ত্ৰ নহয় (Assamese gamosa), অসমীয়া সভ্যতা-সংস্কৃতিৰ প্ৰতীক । ই আমাৰপৰম্পৰা আৰু ঐতিহ্যৰ সৈতে সংযুক্ত ।’’ মুখ্যমন্ত্ৰী ৷

Swanirbhar Naari scheme
Swanirbhar Naari scheme

গুৱাহাটী, 19 জুলাই: ‘‘তাঁতশালত অসমীয়া শিপিনীৰ কৰ্ম দক্ষতা অতুলনীয় । অসমৰ প্ৰায় সকলো জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ মহিলাই নিজৰ তথা ঘৰখনৰ ব্যৱহাৰ কৰিবলগীয়া বহু বস্ত্ৰ তাঁতশালত বৈ লয় । অসমৰ গ্রাম্য জীৱনত তাঁতশালখনে সুকীয়া গুৰুত্ব বহন কৰি আহিছে । নিজৰ সৃষ্টিশীল দক্ষতাৰে স্বকীয়তাৰ গোন্ধ থকা সাজ-পাৰ তৈয়াৰ কৰি অসমীয়া শিপিনীয়ে জাতীয় স্বাভিমান সদায়ে উজ্জীৱিত কৰি আহিছে । বিভিন্ন থলুৱা সামগ্ৰীৰে বস্ত্ৰ তৈয়াৰ কৰি তেওঁলোকে অসমীয়া আভিজাত্যক বিশ্বৰ বুকুত স্বমহিমাৰে মহিমামণ্ডিত কৰি তুলিছে । অসমীয়া শিপিনীসকলে প্রাচীন পৰম্পৰা অনুসৰি কেইপদমান বস্ত্ৰ বৈ উলিওৱাটো ইতিহাসেও সমৰ্থন কৰে ।’’ অসমীয়া শিপিনী সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

Swanirbhar Naari scheme
স্বনিৰ্ভৰ নাৰী আঁচনি শুভাৰম্ভ

মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত ‘স্বনিৰ্ভৰ নাৰী’ (Swanirbhar Nari scheme) নামেৰে ধ্বজাবাহী আঁচনিখন উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয় । মুখ্যমন্ত্রীয়ে কয় যে, এনে এক গৌৰৱোজ্জ্বল ইতিহাসেৰে সমৃদ্ধ আৰু অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ হস্ততাঁত খণ্ডত জড়িত বয়ন শিল্পীসকলক আর্থিকভাৱে স্বচ্চল কৰি তোলা আৰু পৰম্পৰাগত হস্ততাঁত শিল্পক অধিক আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে পদক্ষেপ লৈছে ।

Swanirbhar Naari scheme
হস্ততাঁত শিল্পক অধিক আগুৱাই নিয়াৰ পদক্ষেপ চৰকাৰৰ

তেওঁ লগতে কয় যে, অসমৰ শিপিনীসকল অতি দক্ষ আৰু সুনিপুণ । কিন্তু এইসকল শিপিনীয়ে উপযুক্ত বজাৰ লাভ নকৰা বাবে উৎপাদিত সামগ্রী বিক্ৰীৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । এই দিশৰ প্ৰতি লক্ষ্য ৰাখি ২০২১ চনৰ ৭ জুলাইত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ আলোচনা আৰু পৰৱৰ্তী বাজেটত কৰা ঘোষণা অনুসৰি হস্ততাত বস্ত্রশিল্প সঞ্চালকালয়ে আর্টফেড আৰু অসম চৰকাৰৰ বেচা-কিনা নিগমৰ জৰিয়তে ‘স্বনিৰ্ভৰ নাৰী’ নামেৰে এই ধ্বজাবাহী আঁচনিখন ৰূপায়ণৰ পদক্ষেপ লোৱা হৈছে (Assam CM launched Swanirbhar Nari scheme)।

এই আঁচনিৰ অধীনত পৰম্পৰাগতভাৱে তৈয়াৰ কৰা হস্ততাঁত বস্তু যেনে গামোচা, আৰনাই, ডুমেৰ আৰু আন আন বস্তুসমূহ কোনো মধ্যভোগীৰ সহায় নোহোৱাকৈ পোনপটীয়াকৈ শিপিনীসকলৰ পৰা ক্ৰয় কৰা হ’ব । ক্ৰয় কৰা উক্ত সামগ্ৰী সমূহ আৰ্টফেড আৰু অসম চৰকাৰৰ বেচা-কিনা নিগমৰ বিভিন্ন শাখা তথা ই-বিপননৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰা হ’ব ।

Swanirbhar Naari scheme
‘স্বনিৰ্ভৰ নাৰী আঁচনি

যিহেতু ৰাজ্যৰ সৰহ সংখ্যক শিপিনীয়ে বয়নৰ ক্ষেত্ৰত পৰম্পৰাগত কৌশল ব্যৱহাৰ কৰি আহিছে সেয়েহে প্রয়োজন সাপেক্ষে তেওঁলোকক বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰ সমূহৰ জৰিয়তে উন্নত মানৰ বস্ত্ৰ উৎপাদনৰ কৌশলৰ প্ৰশিক্ষণ প্রদানৰো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

মুখ্যমন্ত্রীয়ে কয় যে, এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ শিপিনীসকলে ‘স্বনিৰ্ভৰ নাৰী’ প'ৰ্টেল যোগে পঞ্জীয়নভুক্ত হ’ব লাগিব ৷ এনে পঞ্জীয়নকৃত শিপিনীগৰাকীক আধাৰ নম্বৰৰ লগত সংযোজিত কৰা হ’ব । চৰকাৰৰ দ্বাৰা গঠিত এখন বিশেষজ্ঞ কমিটীয়ে পৰম্পৰাগত হস্ততাঁত বস্ত্ৰৰ জোখ, গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা মূল্যত শিপিনীসকলৰ পৰা সামগ্ৰীসমূহ ক্ৰয় কৰা হ’ব । শিপিনীসকলক ডিজিটেল পদ্ধতিৰে ক্ৰয় কৰা সামগ্ৰীৰ মূল্য আদায় দিয়া হ’ব । সামগ্ৰীসমূহ ক্ৰয় কৰাৰ চাৰিদিনৰ ভিতৰত সমুদায় মূল্য শিপিনীসকলক আদায় দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

পঞ্জীয়নকৃত শিপিনীৰ সংখ্যাৰ ভিত্তিত জিলা পৰ্যায়ত সামগ্ৰী ক্রয় কেন্দ্ৰৰ সংখ্যা নিৰূপণ কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, অধিক সংখ্যক শিপিনী থকা উন্নয়ন খণ্ডতো সামগ্রী ক্রয় কেন্দ্র স্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে । নির্বাচিত কেন্দ্ৰসমূহ প্ৰথম পৰ্যায়ত ১৫ দিনৰ বাবে মুকলি থাকিব যদিও প্রয়োজন সাপেক্ষে ৩০ দিন পর্যন্ত এই কেন্দ্রসমূহ খোলা ৰখা হ’ব বুলি তেওঁ কয় ।

মুখ্যমন্ত্রীয়ে কয় যে গামোচা কেৱল বস্ত্ৰ নহয়, অসমীয়া সভ্যতা-সংস্কৃতিৰ প্ৰতীক। ই আমাৰ পৰম্পৰা আৰু ঐতিহ্যৰ সৈতে সংযুক্ত । হস্ততাঁত বস্ত্ৰশিল্পৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে জাতীয় প্ৰেমেৰে উদ্বুদ্ধ হ’ব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে, জাতীয়তাবোধ চেতনা ঘৰে ঘৰে হ’ব লাগিব । আমাৰ উৎপাদিত সামগ্রী বিক্ৰীৰ দিশত আগ্রাসী মনোভাৱেৰে কাম কৰিব লাগিব ।

মুখ্যমন্ত্রীয়ে কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমীয়া গামোচা পৰিধান কৰি সমগ্ৰ দেশতে ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছে । এই সুবিধা গ্ৰহণ কৰি অসমীয়া গামোচা দেশত জনপ্ৰিয়কৰণৰ বাবে পদক্ষেপ ল’বলৈ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগক আহ্বান জনায় । তেওঁ জনসাধাৰণ আৰু বিভিন্ন সংগঠনক ৰাজ্যখনৰ হস্ততাঁত যোগে উৎপাদিত বস্ত্র ক্রয় কৰিবলৈ আহ্বান জনায় ।

হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ লগতে অনুষ্ঠানত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা, ৰাজহ মন্ত্ৰী যোগেন মহন, বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক গোবিন্দ বসুমতাৰী, কেইবাগৰাকীও বিধায়ক, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ শীৰ্ষ বিষয়া আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল ৷

লগতে পঢ়ক : Assam Cabinet Decisions: মহাৰাষ্ট্ৰত নামঘৰ, অসমত ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.