ETV Bharat / state

Assam Cabinet Decisions: মহাৰাষ্ট্ৰত নামঘৰ, অসমত ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত

author img

By

Published : Jul 18, 2022, 10:45 PM IST

Assam Cabinet Decisions
মহাৰাষ্ট্ৰত নামঘৰ, অসমত ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত

সোমবাৰে দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সদৰি কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(Minister Jayanta Malla Baruah) ৷

গুৱাহাটী, 18 জুলাই: ৰাজ্যত শীঘ্ৰেই নিৰ্মাণ হ’ব National forensic science university ৷ সোমবাৰে দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই National forensic science university ৰ নিৰ্মাণ নোহোৱা পৰ্যন্ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিশ্ববিদ্যালয়ৰ কাম অস্থায়ীভাবে পৰিচালনা কৰা হ’ব ।

সোমবাৰে দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্ত(Assam Cabinet Decisions) সদৰি কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে কেবিনেটত Assam aerial ropeways bill 2022 আইন প্ৰনয়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আকৌ মহাৰাষ্ট্ৰৰ ৰাজগড় জিলাৰ তিৱাৰী গাঁৱত নামঘৰ(Namghar in Maharashtra), অতিথিগৃহ, যাদুঘৰ আৰু নবী মুম্বাইত Assam complex নিৰ্মাণ কৰাৰ বাবে মাটি ক্ৰয়ৰ বাবে কেবিনেটে অনুমোদন জনায় ।

মহাৰাষ্ট্ৰত নামঘৰ, অসমত ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত

আকৌ কেবিনেটে ৰাজ্যৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ সংৰক্ষণৰ ক্ষেত্ৰত থকা নিয়ম সংশোধন কৰা হৈছে । এতিয়াৰ পৰা ৮ লাখৰ তলত বছৰি উপাৰ্জন কৰা আৰু গাঁৱত ৩০ বিঘাতকৈ কম মাটি থকা আৰু চহৰত ২ বিঘাতকৈ কম মাটি থকা পৰিয়ালক আৰ্থিকভাবে দুৰ্বল শ্ৰেণীৰ অন্তৰ্গত কৰা হ’ব ।

আনহাতে পাঁচটা নতুন কামাণ্ডো বেটেলিয়ান গঠনৰ বাবে কেবিনেটে ৮৩৯.৯৫ কোটি টকা অনুমোদন দিয়ে ।

লগতে পঢ়ক: Presidential Election 2022: ভিভিআইপি মৰ্যদাৰে দিল্লীলৈ লৈ যোৱা হ’ব বেলট বাকচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.