ETV Bharat / state

Presidential Election 2022: ভিভিআইপি মৰ্যদাৰে দিল্লীলৈ লৈ যোৱা হ’ব বেলট বাকচ

author img

By

Published : Jul 18, 2022, 5:07 PM IST

Presidential Election 2022
ভিভিআইপি মৰ্যদাৰে দিল্লীলৈ লৈ যোৱা হ’ব বেলট বাকচ

তিনিটা বিশেষ বাকচ দিল্লীলৈ লৈ যোৱা হ’ব ৰাজকীয় মৰ্যাদাৰে ৷ ভিভিআইপিৰ মৰ্যদাৰে নিবলগীয়া বাকচ তিনিটাৰ বাবে সংৰক্ষণ কৰা হৈছে বিমানৰ এক্সিকিউটিভ ক্লাছৰ টিকট (Executive class tickets reserved for ballot boxes with VVIP status) ৷

নিউজ ডেস্ক: এটা লোহাৰ বাকচ ৷ বাকচটো কোনো সাধাৰণ বাকচ নহয় ৷ কোন হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি ? - এই প্ৰশ্নৰ উত্তৰ সোমাই আছে এই বিশেষ বাকচটোৰ ভিতৰতে ৷ বাকচটো কটকটিয়া নিৰাপত্তা বেষ্টনী আৰু ৰাজকীয় মৰ্যদাৰে আজি সন্ধিয়া দিছপুৰৰ পৰা লৈ যোৱা হ’ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ আৰু ইয়াৰ পাছতে সম্পূৰ্ণ ৰাজকীয় মৰ্যদাৰে ভিভিআইপি যাত্ৰীৰ দৰে দিল্লীলৈ লৈ যোৱা হ’ব (Ballot boxes will be taken to Delhi with full royal dignity like VVIP passengers) ৷

আজি অনুষ্ঠিত হৈ যায় দেশৰ সৰ্বোচ্চ পদবীৰ বাবে নিৰ্বাচন (Presidential Election 2022)৷ পুৱাৰে পৰা প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ মজিয়া আৰু সংসদ ভৱনত হয় ভোটগ্ৰহণ ৷ সমান্তৰালকৈ অসমতো দিছপুৰৰ বিধানসভা চৌহদত আজি পুৱাৰে পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় (President election in Assam)৷ এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাচত বেলট বাকচটো লৈ যোৱা হ’ব দেশৰ ৰাজধানীৰ লোকসভাৰ সচিবালয়লৈ ৷ বেলট বাকচটো সম্পূৰ্ণ ৰাজকীয় মৰ্যদাৰে ভিভিআইপি যাত্ৰীৰ দৰে দিছপুৰৰ পৰা দিল্লীলৈ লৈ যোৱা হ’ব ৷

বিয়লি 5 বজাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাচতে বিধানসভাৰ চৌহদৰ পৰা সম্পূৰ্ণ ৰাজকীয় মৰ্যদাৰে পাইলট, এচকৰ্টেৰে লৈ যোৱা হ’ব বৰঝাৰ বিমান বন্দৰলৈ ৷ কটকটিয়া নিৰাপত্তা বেষ্টনী আৰু সংবিধানপ্ৰদত্ত ৰাজকীয় প্ৰক্ৰিয়াৰ মাজেৰে বিমানযোগে দিল্লীলৈ লৈ যোৱা হ’ব এই বেলট বাকচ (Ballot boxes for presidential election) ৷ মূল বেলট বাকচটোৰ উপৰিও আন তিনিটা অতিৰিক্ত বাকচ লৈ যোৱা হ’ব দিল্লীলৈ ৷ য’ত থাকিব নিৰ্বাচনত ব্যৱহৃত অন্যান্য তথ্যপাতি ৷

উল্লেখ্য যে, দেশৰ সৰ্বোচ্চ পদবীৰ গৰাকীৰ ভৱিষ্যত সোমাই থকা বাকচটো সুৰক্ষিতভাৱে দিল্লীলৈ লৈ যোৱাৰ বাবে ইতিমধ্যেই সংৰক্ষণ কৰা হৈছে 6 টাকৈ এক্সিকিউটিভ ক্লাছৰ টিকট (Executive class ticket for Ballot box) ৷ সন্ধিয়া 8 বাজি 30 মিনিটত উৰা মাৰিবলগীয়া বিমানখনৰ তিনিটা টিকটৰ আসনত ভিভিআইপি যাত্ৰী দৰে বহুৱাই দিয়া হ’ব বেলট বাকচৰ লগতে অতিৰিক্ত আন দুটা বাকচ ৷ সম্পূৰ্ণ ৰাজকীয় মৰ্যাদাৰে দেশৰ ৰাজধানীৰ লোকসভাৰ সচিবালয়লৈ নিবলগীয়া বাকচ তিনিটাত লগাই দিয়া হ’ব চিট বেল্ট ৷ বাকচ কেইটাৰ সুৰক্ষাৰ বাবে থাকিব তিনিজন বিশেষ বিষয়া ৷ বাকী তিনিখন আসনত থাকিবলগীয়া বিষয়া কেইজন ক্ৰমে ৰিটাৰ্নিং বিষয়া অৰ্থাৎ অসম বিধানসভাৰ সচিব দুলাল চন্দ্ৰ পেগু, যুটীয়া সচিব ৰাজীৱ ভট্টাচাৰ্য আৰু এজন ৰাজ্য চৰকাৰৰ নিৰ্বাচনী বিভাগৰ বিষয়া ৷

আজি অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বেলট বাকচ সুৰক্ষিতভাৱে দিল্লীলৈ লৈ যোৱাৰ সমগ্ৰ পক্ৰিয়াটোৰ বিষয়ে ইটিভি ভাৰতক জানিবলৈ দিয়ে অসম বিধানসভাৰ প্ৰধান সচিব হেমেন দাসে ৷

লগতে পঢ়ক: Presidential Election 2022: দ্ৰৌপদী মুৰ্মুৰ সম্প্ৰদায়ক লৈ অখিলৰ প্ৰশ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.