ETV Bharat / city

Presidential Election 2022: দ্ৰৌপদী মুৰ্মুৰ সম্প্ৰদায়ক লৈ অখিলৰ প্ৰশ্ন

author img

By

Published : Jul 18, 2022, 1:44 PM IST

Akhil Gogoi commenting about Draupadi Murmu
দ্ৰৌপদী মুৰ্মুৰ সম্প্ৰদায়ৰ ওপৰত প্ৰশ্ন উত্থাপন বিধায়ক অখিল গগৈৰ

"দ্ৰৌপদী মুৰ্মু প্ৰকৃততে আদিবাসী হয়নে ? দ্ৰৌপদী মুৰ্মু হৈছে এগৰাকী ক্ৰীমী লেয়াৰত পৰা মহিলা ৷ তেওঁ এগৰাকী অভিজাত মহিলা ৷ যিগৰাকী মহিলা নিজেই ৰাজ্যপাল আছিল, যিগৰাকী বিধায়ক আছিল দীৰ্ঘদিন ধৰি তেওঁক লৈ যদি আদিবাসীৰ ট্ৰাম্প কাৰ্ড খেলা যায় সেইটো প্ৰকৃত অৰ্থত আদিবাসী হয়নে !" এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ (Akhil Gogoi commenting about Draupadi Murmu) ৷

গুৱাহাটী, 18 জুলাই : আজি অনুষ্ঠিত হ’ল বহু প্ৰত্যাশিত 15 তম ৰাষ্ট্ৰপতি নিৰ্বাচন (Presidential election 2022)৷ অসমৰ দিছপুৰ বিধানসভাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটদান কৰে 123 গৰাকী বিধায়কে (Presidential polling 2022 in Assam)৷ দিছপুৰৰ বিধানসভাৰ চেন্ট্ৰেল হলত পুৱা 10 বজাৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷

ভোটদানৰ পূৰ্বে এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ (Sivasagar MLA Akhil Gogoi) ৷ গগৈয়ে দ্ৰৌপদী মুৰ্মুৰ সম্প্ৰদায়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয়,

"দ্ৰৌপদী মুৰ্মু প্ৰকৃততে আদিবাসী হয়নে ? দ্ৰৌপদী মুৰ্মু হৈছে এগৰাকী ক্ৰীমী লেয়াৰত পৰা মহিলা ৷ তেওঁ এগৰাকী অভিজাত মহিলা ৷ যিগৰাকী মহিলা নিজেই ৰাজ্যপাল আছিলে, যিগৰাকী বিধায়ক আছিল দীৰ্ঘদিন ধৰি তেওঁক লৈ যদি আদিবাসীৰ ট্ৰাম্প কাৰ্ড খেলা যায় সেইটো প্ৰকৃত অৰ্থত আদিবাসী হয়নে ! উচ্চতম ন্যায়ালয়ে ইতিমধ্যে ঘোষণা কৰিছে যিসকল লোক অভিজাতৰ শাৰীত পৰে তেওঁলোক সংৰক্ষণৰ অন্তৰ্ভুক্ত নহ'ব ৷ তেওঁক লৈ যি আদিবাসীৰ ট্ৰাম্প কাৰ্ড খেলা হৈছে তেনেকুৱা ৰাজনীতি ঘৃণনীয় ৰাজনীতি, তেনেকুৱা ঘৃণনীয় ৰাজনীতি আমি সকলোৱে পৰিহাৰ কৰি চলা উচিত ৷"

দ্ৰৌপদী মুৰ্মুৰ সম্প্ৰদায়ৰ ওপৰত প্ৰশ্ন উত্থাপন বিধায়ক অখিল গগৈৰ

লগতে বিধায়কগৰাকীয়ে কয় "যি RSS আৰু বিজেপিয়ে SC, ST আৰু OBC সংৰক্ষণাবেক্ষণ উঠাই দিয়াৰ কথা কৈ থাকে সেইসকলে আজি আদিবাসীৰ ট্ৰাম্প কাৰ্ড খেলিবলৈ লোৱাটো অতিকৈ লজ্জাজনক কথা ৷ যদি এই মহিলাগৰাকী ৰাষ্ট্ৰপতি হয় তেনেহ'লে আগন্তুক 5 বছৰৰ পিছত আদিবাসীসকলৰ সংৰক্ষণাবেক্ষণ উঠাই দিয়া হ'ব নেকি ? বিজেপিয়ে সদায় বৰ্ণবাদী সমাজ ব্যৱস্থাৰ কথা কয় ৷ গতিকে তেওঁলোকে আজিৰ দিনটোত কিহৰ আদিবাসী ট্ৰাম্প কাৰ্ড খেলিবলৈ আহে ?"

যিসময়ত বিজেপিয়ে সকলো নিত্য ব্যৱহৃত সকলো সামগ্ৰীতে জি এছ টি লগাইছে, এই সময়ত দেশখন শ্ৰীলংকাৰ দিশে গৈ আছে ৷ হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্তাৰ চলাই লৈ যেনেতেনে ৰাজ্যখন যে চলাই আছে তাকেই দেখুৱাইছে বুলি চৰকাৰক তুলাধুনা দিয়ে বিধায়কগৰাকীয়ে (MLA Akhil Gogoi slams BJP and RSS) ৷

লগতে পঢ়ক: Presidential Polls 2022: সন্মুখ সমৰত দ্ৰৌপদী মুৰ্মু আৰু যশোৱন্ত সিনহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.