ETV Bharat / state

BJP joining Program in Rangia: ৰঙিয়াত বিজেপিৰ বিশাল যোগদান সভা

author img

By

Published : Jul 31, 2022, 10:27 PM IST

BJP joining Program in Rangia
ৰঙিয়াত বিজেপিৰ বিশাল যোগদান সভা

ৰঙিয়াত বিজেপিৰ বিশাল যোগদান সভা ৷ অসম প্ৰদেশ কংগ্ৰেছৰ আই টি চেলৰ সদস্য তথা আই টি চেলৰ সভাপতি পংকজ ডেকাৰ লগতে প্ৰাক্তন আছু নেতা পৰেশ চন্দ্ৰ নাথ সমন্বিতে মুঠ 180 গৰাকী লোকৰ বিজেপিত যোগদান(BJP joining Program in Rangia) । ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপি ভবেশ কলিতাই(State BJP President Bhabesh Kalita) আদৰণি জনাই আটাইকে ৷

ৰঙিয়া, 31 জুলাই: ৰঙিয়াত দেওবাৰে ৰঙিয়া ব্লক মণ্ডল আৰু ৰঙিয়া নগৰ মণ্ডলৰ উদ্যোগত এখন বিশাল যোগদান সভা আয়োজন কৰা হয়(BJP joining Program in Rangia) ৷ সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আই টি চেলৰ সদস্য তথা কামৰূপ জিলা সামাজিক মাধ্যম তথা আই টি চেলৰ সভাপতি পংকজ ডেকা আৰু প্ৰাক্তন আছু নেতা পৰেশ চন্দ্ৰ নাথ সমন্বিতে মুঠ 180 গৰাকী লোকে বিজেপিত যোগদান কৰে । ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত সভাখন জিলা পৰিষদৰ সদস্য লিটন কলিতাই আঁত ধৰে ।

ৰঙিয়াত বিজেপিৰ বিশাল যোগদান সভা

ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপি ভবেশ কলিতাই সভাপতিত্ব(State BJP President Bhabesh Kalita) কৰা সভাখনত ৰঙিয়াৰ চেপ্তী নকুল, ডিমু ডোবক, মৰানজানা, পদুম কোঁৱৰী আৰু বড়িগোগ গাঁও পঞ্চায়তৰ পৰা বহু লোকে দলটোত যোগদান কৰে । বিজেপিত নতুনকৈ যোগদান কৰা সকলোকে স্বাগতম জনাই ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই কয় যে বিজেপি দলত নতুন পুৰণি বুলি কোনো কথা নাই । বিজেপিত কষ্ট কৰা প্ৰতিগৰাকী সদস্যকেই সন্মান যচাৰ লগতে আগুৱাই যাবলৈ বাট মুকলি কৰি দিয়া হয় ।

আনহাতে কংগ্ৰেছ দলটোক তুলাধুনা দি বিজেপি নেতাগৰাকীয়ে কয় যে, জাতি-ধৰ্মৰ ৰাজনীতি কৰা বাবে ভাৰতৰ পৰা কংগ্ৰেছ বিলুপ্তিৰ দিশে আগবাঢ়িছে । কলিতাই কংগ্ৰেছৰ সভাপতি মুছলমান কিয় নহয় বুলিও প্ৰশ্ন উত্থাপন কৰে । যোগদানৰ পিছত প্ৰাক্তন আছু কৰ্মী পৰেশ চন্দ্ৰ নাথে পূৰ্বৰ তুলনাত বৰ্তমান সময়ত আছুৰ কাৰ্যকলাপৰ পৰিমাণ কমি আহিছে বুলি মন্তব্য কৰি কয় যে বিজেপি চৰকাৰে প্ৰতিটো কাম সুচাৰুৰূপে সম্পাদন কৰি আন্দোলন-প্ৰতিবাদৰ পথ বন্ধ কৰি আনিছে ।

অনুষ্ঠানটোত উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি সুবল পাল, ৰাজ্যিক কাৰ্যনিৰ্বাহৰ সদস্য দিনেশ মহন্ত, শিশিৰ ভাগৱতী, ৰঞ্জন উপাধ্যায়, ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, উপ সভাপতি বিদ্যুৎ ডেকা, ৰঙিয়া নগৰ মণ্ডলৰ সভানেত্ৰী দিপ্তী লহকৰ, ৰঙিয়া ব্লক মণ্ডলৰ সভাপতি দ্বীপেন শইকীয়া প্ৰমুখ্যে বহু কৰ্মকৰ্তা উপস্থিত থাকে ।

লগতে পঢ়ক : Panoi Jonkie khetra: লখিমপুৰৰ ঘূণাসুঁতিত পানৈ-জংকী ক্ষেত্ৰৰ ফলক স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.