Panoi Jonkie khetra: লখিমপুৰৰ ঘূণাসুঁতিত পানৈ-জংকী ক্ষেত্ৰৰ ফলক স্থাপন

author img

By

Published : Jul 31, 2022, 7:40 PM IST

Panoi Jonkie khetra will construct at Ghunasuti in Lakhimpur

উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ অনুপম সৃষ্টি মিৰি-জীয়ৰী উপন্যাসৰ পটভূমি ঘূণাসুঁতিত জংকী-পানৈৰ নামেৰে নিৰ্মাণ হ'ব পানৈ-জংকি ক্ষেত্ৰ(Panoi Jonkie khetra will construct at Ghunasuti)। দেওবাৰে ঘূণাসুঁতি তিনিআলিত আনুষ্ঠানিকভাৱে উক্ত প্ৰকল্পৰ কাম-কাজ আৰম্ভ ৷

লখিমপুৰ, 31 জুলাই : লখিমপুৰৰ ঘূণাসুঁতি প্ৰকৃতিয়ে দুহাত উজাৰি সৌন্দর্য বিলাই দিয়া সোৱণশিৰিপৰীয়া বৃহত্তৰ অঞ্চল । ইয়াৰ পটভূমিতেই সৃষ্টি হৈছিল কালজয়ী উপন্যাস মিৰি-জীয়ৰী । বৰ্তমান এই কালজয়ী উপন্যাসৰ দুই চৰিত্ৰ জংকী আৰু পানৈৰ নামেৰে লখিমপুৰৰ ঘূণাসুঁতিত নিৰ্মাণ হ'বলৈ গৈ আছে পানৈ-জংকি ক্ষেত্ৰ(Panoi Jonkie khetra) ।

লখিমপুৰৰ ঘূণাসুঁতিত পানৈ-জংকী ক্ষেত্ৰৰ ফলক স্থাপন

ঘূণাসুঁতিত ইতিমধ্যে আৰম্ভ হৈছে পানৈ-জংকী ক্ষেত্ৰৰ নিৰ্মাণৰ কাম(Panoi Jonkie khetra will construct at Ghunasuti) । দেওবাৰে ঘূণাসুঁতি তিনিআলিত আনুষ্ঠানিকভাৱে এই প্ৰকল্পৰ কাম-কাজ আৰম্ভ কৰা হয় । অনুষ্ঠানত মিচিং ডেকা-গাভৰুৰ গুমৰাগ নৃত্যৰ ধ্বনিত প্ৰাণ পাই উঠে ঘূণাসুঁতি । প্ৰাথমিক পৰ্যায়ত এই প্ৰকল্পৰ বাবে দুই বিঘা ভূমি আগবঢ়াইছে প্ৰয়াত মনিবৰ মিলিৰ স্মৃতিত তেওঁৰ পাঁচগৰাকী পুত্ৰই ।

Panoi Jonkie khetra will construct at Ghunasuti in Lakhimpur
লখিমপুৰৰ ঘূণাসুঁতিত পানৈ-জংকী ক্ষেত্ৰৰ ফলক স্থাপন

ইফালে নিৰ্মাণ সমিতিৰ উদ্যোক্তাই জানিবলৈ দিয়া মতে, এই পানৈ-জংকী ক্ষেত্ৰত থাকিব মিচিং জনগোষ্ঠীয় পৰম্পৰাগত ঘৰ, আচবাব পত্ৰ, পানৈ-জংকীৰ প্ৰতিমূৰ্তি, পুথিভঁৰাল, শিশু উদ্যান, সংগ্ৰহালয় আদি সম্পূৰ্ণ মিচিং জনগোষ্ঠীয় সংস্কৃতিক তুলি ধৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই প্ৰকল্পৰ কাম ৷

Panoi Jonkie khetra will construct at Ghunasuti in Lakhimpur
লখিমপুৰৰ ঘূণাসুঁতিত পানৈ-জংকী ক্ষেত্ৰৰ ফলক স্থাপন

ইয়াৰ জৰিয়তে নিশ্চিতভাৱে আন এক মৰ্যদা লাভ কৰিব ঘূণাসুঁতিয়ে । সেই উপলক্ষে দেওবাৰে আয়োজিত হয় এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান । ফিটা কাটি পানৈ-জংকি ক্ষেত্ৰফলক স্থাপনৰ শুভাৰম্ভণি কৰে লখিমপুৰ প্ৰেছ ক্লাৱৰ সম্পাদক কৰুণা কৃষ্ণ নাথে ।

লগতে পঢ়ক : Pension Service Centre in Assam : লখিমপুৰত পেঞ্চন সেৱা কেন্দ্র উদ্বোধন মন্ত্রী সঞ্জয় কিষাণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.