ETV Bharat / state

Assam youth dies in Haryana: বহিঃৰাজ্যৰ কাৰাগাৰত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Apr 29, 2023, 2:06 PM IST

হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ কাৰাগাৰত মৃত্যু অসমৰ যুৱকৰ (Assam youth dies at Kurukshetra jail in Haryana) । হৃদক্ৰিয়া বন্ধ হৈ কাৰাগাৰৰ ভিতৰতে মৃত্যু হয় ৰঙিয়াৰ বালাগাঁৱৰ আচিফ আলী ওৰফে ৰাণা নামৰ লোকজনৰ । দহ মাহ পূৰ্বে হাৰিয়ানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আচিফ আলী ওৰফে ৰাণাক ।

Assam youth dies at Kurukshetra jail in Haryana
বহিঃৰাজ্যৰ কাৰাগাৰত অসমৰ যুৱকৰ মৃত্যু

বহিঃৰাজ্যৰ কাৰাগাৰত অসমৰ যুৱকৰ মৃত্যু

ৰঙিয়া,২৯ এপ্ৰিল: পুনৰ বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে এজন লোকে । এইবাৰ বহিঃৰাজ্যৰ কাৰাগাৰত মৃত্যু অসমৰ লোকজনৰ । হাৰিয়ানাৰ কুৰুক্ষেত্ৰ কাৰাগাৰত ৰঙিয়াৰ বালাগাঁৱৰ যুৱকৰ ৰহস্যজনক মৃত‍্যু (Assam youth dies at Kurukshetra jail in Haryana) । দহ মাহ পূৰ্বে হাৰিয়ানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰঙিয়াৰ বালাগাঁৱৰ আচিফ আলী ওৰফে ৰাণাক । হাৰিয়ানাৰ আফিং সৰবৰাকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছিল আচিফ আলী ওৰফে ৰাণাক (Haryana police arrested Asif Ali of Rangia) ।

হাৰিয়ানা আৰক্ষীয়ে ন্যায়ালয়ত হাজিৰ কৰাৰ পিচত দোষী সাব্যস্ত হোৱাত জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল আচিফক । তেতিয়াৰে পৰা হাৰিয়ানাৰ কুৰুক্ষেত্ৰ কাৰাগাৰত কাৰাবাস খাতি আছিল আচিফ আলীয়ে । কিন্তু যোৱা ২৬ এপ্ৰিলৰ মাজনিশা হঠাৎ কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰে আচিফ আলী । স্বাস্থ্যজনিত কাৰণত মৃত্যু হয় আচিফৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই (Prisoner dies in Kurukshetra jail) ।

হাৰিয়ানাৰ আৰক্ষীয়ে কাৰাগাৰৰ ভিতৰতে হৃদক্ৰিয়া বন্ধ হৈ ব‍্যক্তিগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালক অৱগত কৰে । ইয়াৰ পিচতে পৰিয়ালৰ লোকে মৃতদেহ চমজি লৈ ঘৰলৈ অহাৰ পিচতে এক শোকাকুল পৰিৱেশ বিৰাজ কৰে । ইতিমধ্যে শনিবাৰে আচিফ আলী ওৰফে ৰাণাৰ জানাজা সম্পন্ন কৰা হয় । ইফালে আচিফ আলীৰ পত্নীৰ অভিযোগ কাৰাবাস খাতি থকা সময়ত খোৱা লোৱাৰ ক্ষেত্ৰত পৰ্যাপ্ত খাদ্য যোগান ধৰা হোৱা নাছিল আচিফক ।

যাৰ পৰিপ্ৰেক্ষিতত লাহে লাহে স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু অৱশেষত কাৰাগাৰৰ ভিতৰত স্বামীয়ে অকাল মৃত্যুক সাবতি ল’ব লগা হ’ল । ঘটনাৰ সম্পূৰ্ণ তদন্তৰ দাবী জনাই দোষী আৰক্ষীক উপযুক্ত শাস্তি বিহিব লাগে বুলি দাবী জনায় পৰিয়ালবৰ্গই । মৃত আচিফ আলী ওৰফে ৰাণাই ইহসংসাৰত পত্নী আৰু এটি আঠ বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ যায় । লোকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলতে পৰিছে শোকৰ ছাঁ ।

লগতে পঢ়ক: Karbi Lammet Amei: ডকমকাত অনুষ্ঠিত কাৰ্বি লাম্মেট আমেই বাৰ্ষিক অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.