ETV Bharat / state

Corruption in irrigation project: ৰঙিয়াত ভালুকৰ সাঙীত পৰিণত জলসিঞ্চন বিভাগৰ অভিলাষী আঁচনি

author img

By

Published : Nov 26, 2022, 8:54 AM IST

Allegation of corruption in irrigation department in Rangia Kamrup
ৰঙিয়াত ভালুকৰ সাঙীত পৰিণত জলসিঞ্চন বিভাগৰ অভিলাষী আঁচনি

ৰঙিয়াত পোহৰলৈ আহিছে জলসিঞ্চন আঁচনিত সংঘটিত ব্যাপক দুৰ্নীতিৰ তথ্য ৷ ৰঙিয়াৰ চিৰাখুন্দিত ভালুকৰ সাঙীত পৰিণত হৈছে জলসিঞ্চন বিভাগৰ ডেৰ কোটি টকীয়া অভিলাষী আঁচনি । খেতিয়কৰ পৰিৱৰ্তে লাভবান হৈছে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ (Corruption in irrigation project) ।

ৰঙিয়া, 26 নৱেম্বৰ: ATTENTION ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৷ আপুনি জানেনে, ৰাজ্যৰ একাংশ বিভাগৰ ভিতৰ চ’ৰাত প্ৰকৃততে কি চলি আছে ! ৰাজ্যত চলি অহা দুৰ্নীতি নিৰ্মূলৰ বাবে আপুনি গ্ৰহণ কৰা বিভিন্ন কঠোৰ পদক্ষেপৰ পাছতো চৰকাৰী একাংশ বিভাগত বৰ্তমানেও চলি আছে বিয়াগোম দুৰ্নীতি ৷ বিভাগীয় একাংশ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰে কোনো আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি সংঘটিত কৰি অহাৰ লগতে চলাই গৈছে ৰাজ ভড়ালৰ বৃহৎ ধনৰাশিৰ লুন্ঠন ৷ শেহতীয়াকৈ একাংশ বিভাগত সংঘটিত হৈ অহা বিভিন্ন অনিয়ম আৰু দুৰ্নীতিয়ে সাধাৰণ জনতাৰ চকু কপালত তুলিছে ৷ এই প্ৰতিবেদনত এনে এক দুৰ্নীতিৰ কথাই উল্লেখ কৰা হৈছে ৷

চৰকাৰে গ্ৰহণ কৰি অহা বিভিন্ন আঁচনিয়ে আজিও ঢুকি পোৱা নাই ৰাজ্যৰ সাধাৰণ জনতাক ৷ বিশেষকৈ গঞা ৰাইজৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ চৰকাৰী একাংশ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ অনিয়মৰ বাবে পৰিণত হৈছে ধোঁৱাচাঙলৈ ৷ এইবাৰ আন এক দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগত (Corruption in irrigation project) ৷ ঘটনাৰ স্থান ৰঙিয়াৰ চিৰাখুন্দি ৷ জলসিঞ্চন বিভাগৰ আন এক ফোঁপোলা স্বৰূপ উন্মোচিত হৈছে ৰঙিয়াত । ৰঙিয়াৰ চিৰাখুন্দিত ভালুকৰ সাঙীত পৰিণত হৈছে জলসিঞ্চন বিভাগৰ ডেৰ কোটি টকীয়া অভিলাষী আঁচনিখন । খেতিয়কৰ পৰিবৰ্তে লাভবান হৈছে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ ।

ৰঙিয়াত ভালুকৰ সাঙীত পৰিণত জলসিঞ্চন বিভাগৰ অভিলাষী আঁচনি

চৰকাৰে কোটি টকা ধন খৰচ কৰাৰ পিছতো চিৰাখুন্দি জলসিঞ্চন আঁচনিৰ পৰা কৃষি কৰ্মৰ বাবে খেতিয়কে পোৱা নাই এটুপাল পানীও । অঞ্চলটোৰ খেতি পথাৰত পানী যোগান ধৰাৰ উদ্দেশ্যে ৮ বছৰ পূৰ্বে অৰ্থাৎ 2014 চনত নিৰ্মাণ কৰা হৈছিল চিৰাখুন্দি জলসিঞ্চন আঁচনি । নিৰ্মাণৰ এবছৰ নৌহওঁতেই আঁচনিখনৰ পকী কেনেল, নলী-নাদসমূহ জহি-খহি গৈছিল । ইফালে খেতিয়কসকলে এই আঁচনিৰ জৰিয়তে পৰ্যাপ্ত পানী লাভ কৰি কৃষি কাৰ্যত অধিক লাভান্বিত হ’ব বুলি আশা কৰিছিল । কিন্তু বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ চূড়ান্ত গাফিলতি আৰু দুৰ্নীতিৰ বাবেই এই আঁচনি এতিয়া বগা হাতীত পৰিণত হৈছে ।

বৃহত্তৰ অঞ্চলটোৰ খেতিপথাৰত এদিনো যোগান ধৰা নহল পানী । খেতিপথাৰত পানী যোগান ধৰিবই নো কেনেকৈ ? কাৰণ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই জহি-খহি গৈছিল কেনেলবোৰ । এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ খেতিয়কৰ পৰিবৰ্তে বিষয়া আৰু ঠিকাদাৰসকলে মুনাফা আদায় কৰা বুলিহে মন্তব্য কৰে খেতিয়কসকলে । পানীৰ অভাৱত কৃষি পথাৰসমূহ এতিয়া খেতিৰ অনুপযোগী হৈ পৰিছে । খেতিয়কসকলে কৃষিকাৰ্যত জড়িত হৈ কোনোমতে জীৱন নিৰ্বাহ কৰি আছিল ৷ কিন্তু এতিয়া পানীৰ অভাৱত পথাৰসমূহত কৰিব পৰা নাই খেতি-বাতি ৷

এই সন্দৰ্ভত স্থানীয় কৃষকসকলে কেইবাবাৰো জলসিঞ্চন বিভাগক অৱগত কৰিছে যদিও বৰ্তমানলৈ বিভাগৰ পৰা কোনোধৰণৰ ইতিবাচক সঁহাৰি লাভ কৰা নাই বুলিও মন্তব্য কৰে খেতিয়কসকলে । উল্লেখ্য যে বৰ্তমানৰ বিধায়ক ভবেশ কলিতাই বিগত কাৰ্যকালত খোদ জলসিঞ্চন মন্ত্ৰী হৈ থকাৰ পিছতো আঁচনিখন কাৰ্যক্ষম কৰিব নোৱাৰিলে । জলসিঞ্চন আঁচনিৰ পানী যোগানৰ নামত হোৱা কেলেংকাৰীৰ তদন্তও কৰা নহ’ল । যাৰ বাবে চৰকাৰ তথা ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে দৰিদ্ৰ খেতিয়কসকলে (Allegation of corruption in irrigation) ।

অতি শীঘ্ৰেই জলসিঞ্চন আঁচনিখনৰ মেৰামতি কৰি ইয়াক খেতিয়কৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে দৰিদ্ৰ খেতিয়কসকলে ৷ উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন আচঁনিসমূহত হোৱা কেলেংকাৰী এয়াই প্ৰথম নহয় ৷ ইয়াৰ পূৰ্বেও বহুবাৰ এনে দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে ৷ কিন্তু চৰকাৰে যেন এই ক্ষেত্ৰত দেখিও নেদেখা কুলিৰ ভাও জুৰে ৷ এনে পৰিপেক্ষিতত কৃষক ৰাইজৰ প্ৰশ্ন, ৰাজ্য চৰকাৰে পাৰিবনে এইসমূহ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক নাকী লগাবলৈ ? নে ঠিকাদাৰৰ দুৰ্নীতিৰ বাবে এনেকৈ কু-ফল ভোগ কৰিব লাগিব সাধাৰণ জনতাই ?

লগতে পঢ়ত: Scam in Water supply Scheme: এটুপাল খোৱাপানীৰ বাবে চাপানলাবাসীৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.