ETV Bharat / state

উপ-নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰস্তাৱ এজেপিৰ

author img

By

Published : Oct 1, 2021, 9:40 PM IST

অসম জাতীয় পৰিষদে কেৱল উপ-নিৰ্বাচনক লক্ষ্য কৰি বিৰোধী শিবিৰৰ মাজত সমন্বয় স্থাপনৰ প্ৰয়াস চলোৱা নাই ৷ বৰং আসন্ন লোকসভা নিৰ্বাচনৰ ওপৰতো সমানে দৃষ্টি ৰাখিছে ৷ বিৰোধী দলসমূহৰ মাজত থকা মতবিৰোধৰ তুলনাত বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ৰাইজৰ মনত শক্তিৰ সঞ্চয় কৰাটো অধিক জৰুৰী ৷ এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ শীৰ্ষ নেতাই ৷

ajp-proposes-common-opposition-candidate-in-bypoll
উপনিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰস্তাৱ এজেপিৰ

গুৱাহাটী,1 অক্টোবৰ : বিজেপিৰ বিৰুদ্ধে ৰাজ্যৰ বিৰোধী শিবিৰৰ মাজত সমন্বয় স্থাপনৰ অংশ হিচাপে শুকুৰবাৰে অসম জাতীয় পৰিষদ দলে বাওঁপন্থী দল চি পি আই (এম) আৰু চি পি আই (এম এল)ৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয় ৷ কংগ্ৰেছ, ৰাইজৰ দল আৰু চি পি আই দলৰ সৈতে উক্ত বৈঠকত বহাৰ পিছত শুকুৰবাৰে এজেপিৰ নেতৃত্ব চি পি আই (এম) দলৰ গুৱাহাটীৰ হেদায়েতপুৰস্থিত কাৰ্যালয়ত উপস্থিত হয় ৷

উপনিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰস্তাৱ এজেপিৰ

জাতীয় পৰিষদৰ প্ৰতিনিধি দলটোত আছিল দলৰ তিনি উপসভাপতি অনুপ ফুকন, ইজৰাইল নন্দ আৰু ৰাণা চাংমাইৰ লগতে প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান ৷ চি পি আই (এম) দলৰ হৈ দলটোৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্য, সম্পাদকমণ্ডলীৰ সদস্যত্ৰয় সুপ্ৰকাশ তালুকদাৰ, ইছফাকুৰ ৰহমান আৰু অজিত দাস উপস্থিত আছিল ৷ আনহাতে চি পি আই (এম এল) দলৰ সৈতে বৈঠকখন অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত ৷

উল্লেখ্য যে, জাতীয় পৰিষদৰ আমন্ত্ৰণ মৰ্মে চি পি আই (এম এল) দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য বিবেক দাসৰ নেতৃত্বত দলটোৰ এটা তিনিজনীয়া প্ৰতিনিধি দল শুকুৰবাৰে জাতীয় পৰিষদৰ কাৰ্যালয়লৈ আহে ৷ প্ৰতিনিধি দলটোত অহা আন দুগৰাকী নেতা হৈছে পংকজ কুমাৰ দাস আৰু সুব্ৰত তালুকদাৰ ৷

তেওঁলোকৰ সৈতে জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, উপদেষ্টা বসন্ত ডেকা আৰু সম্পাদক চিত্তৰঞ্জন বসুমতাৰী সমন্বিতে নেতাসকলে আলোচনা কৰে ৷ জাতীয় পৰিষদৰ নেতাসকলে দুয়োটা দলক কয় যে, "জাতীয় পৰিষদে কেৱল উপনিৰ্বাচনক লক্ষ্য কৰি এই প্ৰয়াস চলোৱা নাই ৷ বৰং আসন্ন লোকসভা নিৰ্বাচনৰ ওপৰতো সমানে দৃষ্টি ৰাখিছে ৷"

লগতে পঢ়কঃ কংগ্ৰেছে সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে : ভৱেশ কলিতা

লগতে তেওঁলোকে কয়, "বৰ্তমান সময়ত কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপিৰ অপশাসনত জনসাধাৰণ কোঙা হৈ পৰিছে ৷ বিৰোধী দলসমূহৰ মাজত থকা মত-বিৰোধৰ তুলনাত বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ৰাইজৰ মনত শক্তিৰ সঞ্চয় কৰাটো অধিক জৰুৰী ৷ গতিকে বিজেপিৰ বিৰুদ্ধে যে, ৰাইজ একত্ৰিত হৈ আছে সেই বাৰ্তা দি ৰাইজৰ মনৰ শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যেই উক্ত প্ৰয়াস চলোৱা হৈছে ৷"

মন কৰিবলগীয়া যে, দুয়োটা দলে জাতীয় পৰিষদৰ এই উদ্যোগৰ শলাগ লয় আৰু প্ৰয়োজনীয় সহযোগিতাৰ আশ্বাস দিয়ে ৷ প্ৰাপ্ত খবৰ মতে, জাতীয় পৰিষদে একে প্ৰস্তাৱ লৈ দুই-এদিনৰ ভিতৰত বি পি এফৰ নেতৃত্বৰ উপৰি গণ সুৰক্ষা পাৰ্টীৰ সভাপতি নৱ কুমাৰ শৰণীয়াকো সাক্ষাৎ কৰিব ৷

লগতে পঢ়কঃ শ্বেৰমান আলি বিজেপিৰ এজেন্ট : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.