ETV Bharat / state

কংগ্ৰেছে সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে : ভৱেশ কলিতা

author img

By

Published : Oct 1, 2021, 5:38 PM IST

বিধায়ক শ্বেৰমান আলীয়ে অসম আন্দোলনৰ শ্বহীদ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যকলৈ সৰৱ ৰাজ্যিক বিজেপি । শ্বেৰমান আলীয়ে কংগ্ৰেছৰ চৰিত্ৰটো উদঙাই দিছে । এজেপিক কংগ্ৰেছৰ বি-টিম আখ্যা ।

কংগ্ৰেছে সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে: ভৱেশ কলিতা
কংগ্ৰেছে সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে: ভৱেশ কলিতা

গুৱাহাটী,১ অক্টোবৰ : কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে অসম আন্দোলনৰ শ্বহীদ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যকলৈ উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি । শাসক-বিৰোধী সকলোৱে একেমুখে ধিক্কাৰ দিছে বিধায়ক শ্বেৰমান আলীৰ অত্যন্ত আপত্তিজনক মন্তব্যক। বিধায়কজনৰ এনে মন্তব্যৰ পিছতে ৰাজ্যিক বিজেপিয়ে এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছক ।

কংগ্ৰেছে সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে: ভৱেশ কলিতা

শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই শ্বেৰমান আলীক সমালোচনাৰে থকা-সৰকা কৰে । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত কয়, শ্বহীদৰ কেঁচা তেজৰ মূল্য শ্বেৰমান আলীয়ে কি বুজিব । কংগ্ৰেছ দলত এনেকুৱা বিধায়ক থকাটো আচৰিত নহয় । অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কংগ্ৰেছৰ ভূমিকা এটা প্ৰশ্নবোধক । এনেকুৱা ঘটনা অসমৰ ৰাজনীতিত ঘটিব বুলি ভবা নাছিলো ৷

কংগ্ৰেছে সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে । কংগ্ৰেছে সদায় জাতি বিৰোধী কাম কৰি আহিছে । শ্বেৰমান আলীয়ে উচিতনিমূলক মন্তব্য দিছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্যক চালে বেৰে কোবোৱা আখ্যা দি ভৱেশ কলিতাই কয়, ভূপেন বৰাই গৰুখুটিৰ ঘটনাত চাৰ্ট ফালে । কিন্তু পাণ্ডুৰ ঘটনাৰ খবৰেই নাপায় ।

শ্বেৰমান আলী যদি বিজেপিৰ এজেন্ট তেন্তে কংগ্ৰেছে সকলোকে ৰিজাইন কৰাই দিয়ক । শ্বেৰমান আলীয়ে কংগ্ৰেছৰ চৰিত্রটো উদঙাই দিছে । ইফালে উপ নিৰ্বাচনত আসন বুজাবুজিৰ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ নেতৃত্বই কংগ্ৰেছক সাক্ষাত কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এজেপিক কংগ্ৰেছৰ বি-টিম আখ্যা দিয়ে । আনহাতে উপ নিৰ্বাচনত বিজেপি আটাইকেইখন আসনতে জয়লাভ কৰিব তেওঁ কয় ।

লগতে পঢ়কঃ মানসিক বিকৃতি ঘটিছে শ্বেৰমান আলীৰ : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.