ETV Bharat / state

Lovlina Borgohain: বক্সিং চেম্পিয়ন লাভলীনাক অসম আৰক্ষীৰ সম্বৰ্ধনা

author img

By

Published : Mar 31, 2023, 3:21 PM IST

Lovlina Borgohain
বক্সিং চেম্পিয়ন লাভলীনাক অসম আৰক্ষীৰ সম্বৰ্ধনা

অসম আৰক্ষীৰ তৰফৰ পৰা বিশ্ব মহিলা বক্সিং চেম্পিয়ন লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন ৷ অসমৰ আৰক্ষীৰ পোছাকত সম্বৰ্ধনা গ্ৰহণ কৰে DSP লাভলীনাই ৷ পিতৃ-মাতৃৰ পাচত অসম আৰক্ষীয়ে মোৰ পৰিয়াল বুলি মন্তব্য লাভলীনাৰ (Lovlina in Guwahati) ৷

বক্সিং চেম্পিয়ন লাভলীনাক অসম আৰক্ষীৰ সম্বৰ্ধনা

গুৱাহাটী, 31 মাৰ্চ: বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰি অসম তথা দেশবাসীলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা ৷ শুকুৰবাৰে অসম আৰক্ষীৰ অফিচাৰ্ছ মেছত আয়োজন কৰা হয় এই সম্বৰ্ধনা অনুষ্ঠান ৷ অসম আৰক্ষীৰ তৰফৰ পৰা পৰিয়ালৰ সদস্য হিচাবে DSP লাভলীনাক সম্বৰ্ধনা জনোৱা হয় শুকুৰবাৰে (Assam police felicitate Lovlina) ৷

অসম আৰক্ষীৰ পোছাকত সম্বৰ্ধনা গ্ৰহণ কৰি লাভলীনাই কয়, ‘‘দুবছৰ হ’ল অসম আৰক্ষীত নিযুক্তি লাভ কৰা ৷ অসম আৰক্ষীলৈ আহি বহু কথা শিকিলো ৷ অসম আৰক্ষীত প্ৰশিক্ষণ লোৱাৰ পাচত শৃংখলাবদ্ধতাৰ লগতে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ শিকিছো ৷ মা-দেউতাৰ পিচত অসম আৰক্ষীয়েই মোৰ পৰিয়াল ৷ বিশ্ব চেম্পিয়ন হোৱাৰ পাচত প্ৰথমবাৰলৈ পৰিয়াললৈ আহিছোঁ, মোৰ ভাল লাগিছে (Boxing champion Lovlina) ৷’’

সম্বৰ্ধনা গ্ৰহণ কৰি অসম আৰক্ষীৰ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে লাভলীনাই ৷ আগন্তুক দিনত ভালকৈ খেলি অসম, ভাৰতৰ লগতে অসম আৰক্ষীৰ নাম উজলাবলৈ কৰিবলৈ চেষ্টা কৰিম বুলিও মন্তব্য কৰে লাভলীনাই ৷ অনুষ্ঠানত লাভলীনাক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ আজৰি সময়ত অসম আৰক্ষীৰ খেলুৱৈ দলৰ সদস্যসকলৰ লগত কথা পাতি প্ৰেৰণা দিবলৈয়ো লাভলীনাক আহ্বান জনায় জি পি সিঙে (DGP GP Singh) ৷

শুকুৰবাৰৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে লাভলীনা বৰগোহাঁইৰ পিতৃ-মাতৃ আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকলক ৷ উল্লেখ্য যে, মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত চেম্পিয়নৰ খিতাপ দখল কৰি ইতিহাস ৰচিলে অসম কন্যা তথা বজ্ৰকন্যা লাভলীনা বৰগোহাঁইয়ে ৷ লাভলীনাই ৰিঙত অষ্ট্ৰেলিয়ান প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কৰি বক্সিঙৰ ক্ষেত্ৰখনত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰিবলৈ সক্ষম হয় ৷ লাভলীনাৰ এই সফলতাৰ পাচতেই এতিয়া উৎফুল্লিত হৈ পৰিছে দেশ তথা ৰাজ্যবাসী (Felicitation to Lovlina) ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে অসম চৰকাৰৰ তৰফৰ পৰা জনতা ভৱনত লাভলীনাক সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অসম চৰকাৰৰ তৰফৰ পৰা লাভলীনালৈ পুৰস্কাৰ হিচাবে আগবঢ়োৱা হৈছে 50 লাখ টকা (Assam govt reward to Lovlina Borgohain) ৷

লগতে পঢ়ক: Lovlina Borgohain: অসমবাসীৰ আশা সজীৱ কৰি ৰাখিব পাৰি মই সুখী, লাভলীনা বৰগোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.