ETV Bharat / state

Brutal murder at rehab center: নিচামুক্তি কেন্দ্ৰত সংঘটিত নৃশংস হত্যাকাণ্ড সন্দৰ্ভত অব্যাহত প্ৰতিক্ৰিয়া

author img

By

Published : Feb 15, 2023, 8:47 AM IST

ৰাজ্যৰ বিভিন্ন নিচামুক্তি কেন্দ্ৰসমূহৰ ভিতৰ চ’ৰাত প্ৰকৃততে চলিছে কি ? কেনেকৈ চলিছে গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰ সমূহ ? কেৱল ধন ঘটাৰ বাবেই চৰকাৰৰ সকলো নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি একাংশই চলাই গৈছে নেকি নিচামুক্তি কেন্দ্ৰ ? শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ হাতীগাঁওস্থিত এটা নিচামুক্তি কেন্দ্ৰত সংঘটিত নৃশংস হত্যাকাণ্ডৰ ঘটনাৰ পিছতে এতিয়া সকলোৰে মনত উদ্ৰেক হৈছে এনেবোৰ প্ৰশ্নৰ (Widespread reaction to violence at drug rehab center) ৷

Guwahati rehab center murder case
গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰত নৃশংস হত্যাকাণ্ড

গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰত নৃশংস হত্যাকাণ্ড

গুৱাহাটী 15 ফেব্ৰুৱাৰী: ৰাজ্যৰ বিভিন্ন স্থানত থকা নিচামুক্তি কেন্দ্ৰ সমূহ আবাসীৰ বাবে কিমান সুৰক্ষিত (How safe are drug rehab centers for residents) ? অলপতে ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই মহানগৰীস্থিত বিভিন্ন নিচামুক্তি কেন্দ্ৰত আকস্মিকভাবে পৰিদৰ্শন কৰি কেন্দ্ৰসমূহৰ কৰ্তৃপক্ষক আবাসীৰ বাবে উন্নত আৰু সুৰক্ষিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে নিয়ম নমনা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়নি প্ৰদান কৰিছিল ৷ কিন্তু ইয়াৰ পিছতো গা লৰা পৰিলক্ষিত নহ’ল একাংশ নিচামুক্তি কেন্দ্ৰৰ কৰ্তৃপক্ষৰ ৷ শেহতীয়াকৈ যোৱা সোমবাৰে মহানগৰীৰ হাতীগাঁৱৰ লখিমী নগৰস্থিত এটা নিচামুক্তি কেন্দ্ৰত সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই পুনৰ যেন সেই কথাকে প্ৰমাণ কৰিলে (Murder in Guwahati rehab center)।

ঘটনাৰ বিৱৰণী অনুসৰি, লখিমী নগৰৰ সংযোগ পথৰ মিৰকল ৰিহেব চেন্টাৰৰ দুজন আবাসীৰ মাজত সংঘটিত প্ৰচণ্ড কাজিয়াৰ পৰিণতিত এজনৰ থিতাতে মৃত্যু হয় ৷ প্ৰথমে হতা হতি, তাৰ পিছত চোকা অস্ত্ৰৰে নিচামুক্তি কেন্দ্ৰটোত থকা মানসিকভাৱে অসুস্থ এজন যুৱকক হানি-খুচি হত্যা কৰিছিল আনজনে ৷ আক্ৰমণৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল কেন্দ্ৰটোত থকা চিচিটিভি কেমেৰাত ৷ প্ৰায় এবছৰ ধৰি মানসিক চিকিৎসা চলাই থকা অৰিন্দম খাউণ্ড নামৰ নগাঁৱৰ যুৱকজনক হত্যা কৰিছিল কেন্দ্ৰটোতে থকা নুনমাটিৰ আমিনুৰ হুছেইন নামৰ নিচাসক্ত এজন যুৱকে (Guwahati rehab center murder case)৷

মৃত অৰিন্দম খাউণ্ডৰ ভাতৃয়ে জানিবলৈ দিয়া অনুসৰি, অৰিন্দম সৰুৰে পৰা অতি মেধাৱী ছাত্ৰ আছিল । পঢ়াৰ প্ৰতি অধিক ধাউতি থকা অৰিন্দম এসময়ত ড্ৰাগছ আসক্ত হৈ মানসিকভাৱে অসুস্থ হোৱাত তেওঁক পৰৱৰ্তী সময়ত নিচামুক্তি কেন্দ্ৰত ৰাখিব লগীয়া হৈছিল । সম্পূৰ্ণ সুস্থ হৈ উঠা অৰিন্দম অহা ২৮ ফেব্ৰুৱাৰীৰ দিনা ঘৰলৈ উভতি যোৱাৰ কথা আছিল । লগতে দুৰ্ভগীয়া ভাতৃগৰাকীয়ে "মোৰ ভাতৃৰ লগত আজি যি ঘটনা সংঘটিত হল, সেয়া যাতে আৰু কাৰো লগতে সংঘটিত নহওক" বুলি সংবাদ মাধ্যমৰ আগত আক্ষেপেৰে ব্যক্ত কৰিছিল ৷

হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে হাতীগাঁও আৰক্ষীয়ে আমিনুৰ হুছেইনক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ লগতে সমগ্ৰ ঘটনাটোক লৈ আৰম্ভ কৰিছে তদন্ত । লগতে কেন্দ্ৰটোৰ স্বত্বাধিকাৰী দুজনকো আটক কৰি জেৰা চলাইছে আৰক্ষীয়ে ।

উল্লেখ্য যে, নিচামুক্তি কেন্দ্ৰটোৰ কৰ্তৃপক্ষ তথা কৰ্মচাৰীৰ গাফিলতিৰ বাবেই যে এনে এক নৃশংস ঘটনা সংঘটিত হ’বলৈ পালে সেই কথা একেবাৰতে নস্যাৎ কৰিব নোৱাৰি । কিয়নো কোনো নিচামুক্তি কেন্দ্ৰতে মানসিকভাৱে অসুস্থ ৰোগী আৰু নিচা আসক্ত ৰোগীক একেলগে কখাৰ নিয়ম নাই । তেনে স্থলত নিচামুক্তি কেন্দ্ৰটোত কিয় প্ৰতিগৰাকী ৰোগীকে একেলগে ৰখা হৈছিল সেয়াকে লৈ সৰ্বত্ৰ উত্থাপন হৈছে প্ৰশ্নৰ ৷

তাৰোপৰি একোটা নিচামুক্তি কেন্দ্ৰত আবাসীসকলৰ চোৱাচিতাৰ বাবে অতি কমেও ১৫ ৰ পৰা ২০ জন কৰ্মচাৰী থাকিল লাগে, যদিও মিৰকল ৰিহেব চেন্টাৰৰ স্বত্বাধিকাৰীয়ে কিয় মাত্ৰ ৫ জন কৰ্মচাৰীৰে নিচামুক্তি কেন্দ্ৰটো চলাই আহিছিল বুলি সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে ৷ লগতে নিচামুক্তি কেন্দ্ৰসমূহত খাদ্যকে ধৰি আবাসীসকলৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ সঠিক হিচাপত যোগান ধৰা হয়নে নহয় বুলিও প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন মহলে ৷

13 ফেব্ৰুৱাৰীৰ দিনা গুৱাহাটীৰ মিৰকল ৰিহেব চেন্টাৰত সংঘটিত শিহৰণকাৰী ঘটনাটো পোহৰলৈ অহাৰ পিছত প্ৰতিগৰাকী লোকৰ মনতে সৃষ্টি হৈছে এনেবোৰ প্ৰশ্নৰ ৷

লগতে পঢ়ক : Paper Mill Scrap Auction: কাগজ কলৰ অস্থাৱৰ সম্পত্তিৰ নিলামত কেলেংকাৰী, এন এছ ইউ আইৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.