ETV Bharat / state

Paper Mill Scrap Auction: কাগজ কলৰ অস্থাৱৰ সম্পত্তিৰ নিলামত কেলেংকাৰী, এন এছ ইউ আইৰ প্ৰতিবাদ

author img

By

Published : Feb 15, 2023, 7:46 AM IST

কাগজ কলৰ অস্থাৱৰ সম্পত্তি নিলাম কৰাৰ নামত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ ৷ এই অভিযোগৰ পাছতে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আয়ে মঙলবাৰে গুৱাহাটীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে (Protest against Paper Mill Scrap Auction)৷

Protest against Paper Mill Scrap Auction
এন এছ ইউ আইৰ ব্যাপক প্ৰতিবাদ

এন এছ ইউ আইৰ ব্যাপক প্ৰতিবাদ

গুৱাহাটী, 15 ফেব্ৰুৱাৰী : কাগজ কলৰ অস্থাৱৰ সম্পত্তি নিলামৰ নামত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী(scam in scrap auction of Jagiroad Paper Mill) ৷ এই অভিযোগ কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইৰ ৷ ইয়াকে লৈ 14 ফেব্ৰুৱাৰীত গুৱাহাটীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ (Jagiroad Paper Mill )

জাগীৰোড কাগজ কলৰ অৱশিষ্ট যন্ত্ৰাংশ তথা 'স্ক্ৰেপ' নিলামৰ বাবে কৰা নিবিদা প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত ৫০ কোটিৰো অধিক টকাৰ লোকচান ভৰি মুখ্যমন্ত্ৰীৰ পছন্দৰ ঠিকাদাৰক গতাই দিবলৈ অসম ঔদ্যোগিক উন্নয়ন নিগমে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা জনাই কংগ্ৰেছৰ ছাত্র সংগঠন এন এছ ইউ আয়ে মঙলবাৰে গুৱাহাটীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে (Assam Industrial Development Corporation Limited) । এন এছ ইউ আইৰ প্ৰতিবাদী সদস্যসকলে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়ৰ সন্মূখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (Protest against Paper Mill Scrap Auction)। 'বিজেপি গ’ বেক', 'হিমন্ত বিশ্ব হায় হায়' ধব্বনিৰে কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলা পৰিলক্ষিত হয় প্ৰতিবাদকাৰীসকলে ৷

উল্লেখ্য যে, এই সমস্ত কেলেংকাৰীৰ বিস্তৃত তথ্য প্ৰদেশ কংগ্ৰেছে পোহৰলৈ অনাৰ পৰৱৰ্তী পৰ্যায়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সমগ্ৰ নিবিদা প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰিছিল । প্ৰতিবাদকাৰীসকলে এই সমগ্ৰ প্ৰক্ৰিয়া বন্ধ ৰখাৰ বাবে দাবী জনাই অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয় উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সৰ্বোচ্চ নিৰিখ দিবলৈ প্ৰস্তুত নিবিদাকাৰীক বঞ্চিত কৰি প্ৰায় ৫০ কোটি টকাৰ লোকচান ভৰি পছন্দৰ প্ৰতিষ্ঠানক জাগীৰোড কাগজ কলৰ ‘স্ক্ৰেপ’ ক্ৰয়ৰ কাম দিবলৈ যো-জা চলোৱা হৈছে বুলি জানিবলৈ দিয়ে ।

এন এছ ইউ আইৰ ৰাজ্যিক সভাপতি কৃশাণু বৰুৱাই বিষয়টো সন্দৰ্ভত কয় যে জাগীৰোড কাগজ কলৰ ‘স্ক্ৰেপ' বিক্ৰীৰ বাবে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডে আহ্বান কৰা নিবিদা জাননীৰ প্ৰতি সঁহাৰি জনাই ছটা বিভিন্ন প্রতিষ্ঠানে জাগীৰোড কাগজ কলৰ অৱশিষ্ট যন্ত্রাংশ (স্ক্রেপ) ক্ৰয়ৰ বাবে নিবিদা দাখিল কৰিছিল । ইয়াৰে সৰ্বাধিক নিৰিখত নিবিদা দাখিল কৰিছিল ‘শৈলজা কমাৰ্চিয়েল কনষ্ট্রাকচন প্রাইভেট লিমিটেড’ নামৰ থলুৱা মালিকানাধীন প্রতিষ্ঠানটোৱে । দ্বিতীয় সর্বাধিক নিৰিখ আছিল ‘বজৰংবলী বাণিজ্য প্রাইভেট লিমিটেড' আৰু তৃতীয় সর্বাধিক নিৰিখ ‘চিনাৰ ষ্টীল ছেগমেণ্ট চেণ্টাৰ প্ৰাইভেট লিমিটেডে দাখিল কৰিছিল (NSUI protest for Paper Mill Scrap Auction) ।

কিন্তু এই সর্বোচ্চ নিৰিখত জাগীৰোড কাগজ কলৰ অৱশিষ্ট যন্ত্রাংশ (স্ক্রেপ) ক্ৰয় কৰিবলৈ নিবিদা দিয়া প্রথম তিনিওটা প্রতিষ্ঠানকে ক্ষমতাৰ জোৰত ‘অযোগ্য’ দেখুৱাই বাকী নিম্ন নিৰিখৰ নিবিদা দাখিল কৰা প্রতিষ্ঠান তিনিটাক যোগ্যতাৰ মোহৰ মাৰি মুখ্যমন্ত্ৰীৰ পছন্দৰ দিলীপ গোৱেংকাৰ মালিকানাধীন প্রতিষ্ঠানক ৫০ কোটি টকাৰ লোকচানত কাম দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । তেওঁ লগতে কয় যে দিছপুৰৰ নিৰ্দেশত যোগ্যতাৰ বাছনিত উঠা আৰু ৫০ কোটিতকৈ অধিক টকাৰ কম নিৰিখত নিবিদা দাখিল কৰা প্ৰতিষ্ঠান তিনিটাৰ ভিতৰত ব্যৱসায়ী দিলীপ গোৱেংকাৰ ‘কে ডি আইৰণ এণ্ড ষ্টীল কোম্পানী’ক ৮২ কোটি টকাত সমস্ত কাম সঁপি দিবলৈ ইতিমধ্যে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডে সিদ্ধান্ত চূড়ান্ত কৰিছিল যদিও প্ৰদেশ কংগ্ৰেছে সমগ্ৰ ঘটনা পোহৰলৈ অনাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিবিদা প্ৰক্ৰিয়া সন্দৰ্ভত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত স্থগিত ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ।

নিলামৰ এই সমগ্ৰ প্ৰক্ৰিয়া বাতিল কৰি নিৰপেক্ষভাৱে নিলাম প্ৰক্ৰিয়া সম্পন্ন নকৰিলে এন এছ ইউ আয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকীয়াই দিয়ে কংগ্ৰেছৰ ছাত্র সংগঠনটোৱে ।

লগতে পঢ়ক : Bura Chapori Eviction : বুঢ়া চাপৰি উচ্ছেদ অভিযানৰ প্ৰথমটো দিনত ৬৯১ টা বাসগৃহ উচ্ছেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.