অসম আন্দোলনৰ দৰে নেতা বিক্ৰী নগ’ল বাবেই সফল হ'ল কৃষক আন্দোলন: উপমন্যু

author img

By

Published : Nov 19, 2021, 6:24 PM IST

Farmers' Act repealed

কৃষকৰ ওচৰত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে ৷ অৱশেষত শুকুৰবাৰে বাতিল হ’ল কৃষক আইন ৷ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই প্ৰকাশ কৰিছে তেওঁৰ প্ৰতিক্ৰিয়া ৷

গুৱাহাটী, ১৯ নৱেম্বৰ: নিজৰ লক্ষত দৃঢ় হৈ থকাৰ বাবেই আজি দেশৰ কৃষক আন্দোলন সফল হ'ল । অসম আন্দোলনৰ দৰে এই কৃষক আন্দোলনৰ নেতা সকল বিক্ৰী নগ’ল বাবেই আজি কেন্দ্ৰীয় চৰকাৰে সেও মানিবলৈ বাধ্য হ'ল । এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ । কৃষক আইন বাতিলৰ সিদ্ধান্ত চৰকাৰে শুকুৰবাৰে ঘোষণা কৰাৰ পিছতে এক বিবৃতি যোগে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উপমন্যু হাজৰিকাই ।

বিবৃতিটোত তেওঁ আৰু কয় যে, "স্বাৰ্থপৰ, প্ৰৱঞ্চক আৰু ক্ষমতালোভী নেতাৰ কাৰণেই অসম আন্দোলন বিফল হ’ল । কোনো বিদেশী নগ'ল । বৰং ১৯৭১ ৰ আগতকৈ পিছতহে বিদেশী বেছিকৈ আহি সংস্থাপিত হ'ল আৰু বৰ্তমানেও হৈয়েই আছে ।

আনফালে সম্পূৰ্ণ বহুমত থকা শক্তিশালী কেন্দ্ৰীয় চৰকাৰক উত্তৰ ভাৰতৰ কৃষক সকলে দৃঢ়তাৰে ৰ'দ, বতাহ, পুলিচৰ গুলি আৰু কোব নেওচি দুবছৰৰ ভিতৰতে তেওঁলোকৰ ন্যায় পূৰ্বক দাবী মনাবলৈ সক্ষম হ’ল । কৃষক আন্দোলনৰ সফলতাৰ কাৰণ হ'ল তেওঁলোক দৃঢ়তাৰে নিজৰ লক্ষ্যৰ পৰা আঁতৰি নগ’ল ৷ বিশেষকৈ তেওঁলোকৰ নেতা সকলে নিজৰ স্থিতিক লৈ অটল থাকিল আৰু বিক্ৰী নগ'ল ৷ যাৰ বাবে তেওঁলোক সফল হ’ল ।

লগতে পঢ়ক : Farm laws repeal : সংসদত কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ

আনফালে অসমত অসমৰ নেতাই খিলঞ্জীয়াৰ অস্তিত্বৰ বিষয় লৈ কেতিয়াও দায়িত্ব নল’লে । NRC ৰ বিফলতাৰ দায়িত্ব না চৰকাৰে ল’লে, না আছুৰ নেতা সকলে ল’লে । চৰকাৰত থকা মুখ্যমন্ত্ৰী, বিধায়কসকলে এই বিষয়টোক লৈ ক্ষমতাহে দখল কৰিলে ৷ আছুৰ নেতা সকলে পুনৰ এই বিষয়তো লৈ কেৱল ক্ষমতা দখলৰ নিজৰ স্বাৰ্থ পূৰণৰ বাবে সম্পূৰ্ণ গা এৰা দিলে ।

এতিয়া নিৰ্লজ্জভাৱে চৰকাৰ আৰু আছুৰ নেতা সকলে সন্মিলিত হৈ নিজৰ স্বাৰ্থৰ বাবে চল্লিছ বছৰীয়া আন্দোলনটোক অব্যাহত ৰাখিবলৈ পুনৰ আলোচনাৰ নাটক ৰচিছে । অসম আন্দোলন কৰা চল্লিছ বছৰৰ পাচত সমস্যা আৰু সমাধানৰ পথ স্পষ্ট । NRC সফল কৰিবলৈ NRC পুনৰপৰীক্ষণ অনিবাৰ্য ।

খিলঞ্জীয়া সংখ্যালঘু নহ’বলে ভূমি, চাকৰি, সম্পদ সংৰক্ষণৰ বিকল্প নাই । লগতে "কা"ৰ দ্বাৰা অসমৰ ওপৰত নতুন বিদেশীৰ বোজা জাপি দিয়াতো বাতিল কৰিব লাগে । কিন্তু এই লক্ষ্যকেইটা লৈ চল্লিছ বছৰে নেতৃত্ব লোৱা অসমৰ নেতা সকলে দায়িত্ব লোৱাটো বাদেই কেৱল নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে ৰাইজক প্ৰবঞ্ছনা কৰি আহিছে ৷ যেতিয়ালৈকে এনে নেতাক ৰাইজে ক্ষমতাত ৰাখি নেতা বনাই পুৰস্কৃত কৰি থাকিব তেতিয়ালৈকে অসমৰ ৰাইজৰ উদ্ধাৰ নহয়’’ ।

লগতে পঢ়ক : Farm Laws Repeal : গাজিয়াবাদ সীমান্তত মিঠাই বিতৰণ কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.