ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ কৃষি আইন বাতিলৰ ঘোষণা ৰাষ্ট্ৰনায়কে গ্ৰহণ কৰাৰ দৰে পদক্ষেপ : Amit Shah

author img

By

Published : Nov 19, 2021, 4:39 PM IST

Amit Shah reaction
কৃষি আইন বাতিলৰ ঘোষণাক লৈ প্ৰধানমন্ত্ৰী মোডীক প্ৰশংসা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে তিনিখন কৃষি আইন বাতিলৰ ঘোষণা কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে(Amit Shah) । প্ৰধানমন্ত্ৰী মোডীয়ে এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অমিত শ্বাহে তেওঁৰ প্ৰশংসা কৰে । তেওঁ কয় যে, এয়া ৰাষ্ট্ৰনায়কে গ্ৰহণ কৰাৰ দৰে পদক্ষেপ ।

নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰ: তিনিখন কৃষি আইন বাতিলৰ ঘোষণা কৰাৰ পাচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)ৰ প্ৰশংসাত পঞ্চমুখ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Amit Shah) । তেওঁ প্ৰধানমন্ত্ৰীৰ ঘোষণাক আদৰণি জনাই টুইটযোগে কয় যে, এয়া ৰাষ্ট্ৰনায়কে গ্ৰহণ কৰাৰ দৰে পদক্ষেপ । তেওঁ টুইটত উল্লেখ কৰে যে, ভাৰত চৰকাৰে কৃষকসকলক সেৱা আগবঢ়াই যাব আৰু কৃষকৰ প্ৰচেষ্টাত সদায় সমৰ্থন জনাব । তেওঁ লগতে উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিবলৈ 'গুৰুপৰ্ব'ৰ বিশেষ দিনটো বাছনি কৰি লোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

প্ৰধানমন্ত্ৰীৰ এই সিদ্ধান্তই প্ৰমাণিত কৰিছে যে, প্ৰতিজন ভাৰতীয়ৰ কল্যাণৰ বিষয়ে চিন্তা কৰাৰ বাহিৰে তেওঁৰ মনত আন কোনো চিন্তা নাই । কৃষকৰ প্ৰতিবাদে ১ বছৰ সম্পূৰ্ণ কৰাৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে তিনিখন কৃষি আইন(Farm laws) বাতিল কৰাৰ কথা ঘোষণা কৰে । গুৰু নানকৰ জন্ম জয়ন্তী(Guru Nanak Jayanti)ৰ দিনা তেওঁ এই ঘোষণা কৰে । দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কৃষকসকলক নিজ নিজ ঘৰলৈ উভতি যাবলৈ আহ্বান জনায় ।

চলিত মাহত আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশনত কৃষি আইন বাতিলৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে । প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, কৃষকৰ কল্যাণ আৰু কৃষি উন্নয়নত চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰে ।

কেন্দ্ৰই তিনিখন কৃষি আইন গৃহীত কৰাৰ পিছত ২০২০ চন পৰাই কৃষি আইনৰ বাতিলৰ দাবীত কৃষকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । দ্যফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ আইন(The Farmers' Produce Trade and Commerce)ৰ জৰিয়তে কৃষকসকলক কৃষি উৎপাদন বজাৰ সমিতিৰ(Agriculture Produce Market Committees) বাহিৰত কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ অনুমতি দিয়া এক প্ৰণালী স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছিল । অনুজ্ঞাপত্ৰ থকা যিকোনো ব্যৱসায়ীয়ে পাৰস্পৰিকভাৱে সন্মত মূল্যত কৃষকসকলৰ পৰা উৎপাদিত সামগ্ৰী ক্ৰয় কৰিব পাৰে । আন দুখন আইন হৈছে দ্য ফাৰ্মাৰ্চ এগ্ৰীমেণ্ট অৱ প্ৰাইচ এণ্ড ফাৰ্ম চাৰ্ভিছেছ আইন(The Farmers Agreement of Price Assurance and Farm Services) আৰু দ্য এছেনচিয়েল ক'ম'ডিটিজ(The Essential Commodities) আইন ।

লগতে পঢ়ক:Farm Law Repeal : অথলে নগ’ল দেশৰ কৃষকৰ বিদ্ৰোহ; নতজানু মোডী চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.